শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ ফেব্ৰুৱাৰী :এসময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত ২০১১ চনৰ প্ৰদেশীকৃত বিলৰ আওতাত সহস্ৰাধিক অপ্ৰাদেশিকৃত কলেজ শিক্ষকৰ পদ প্ৰাদেশীকৃত হৈছিল আৰু ইয়াৰে বহু সংখ্যক মহাবিদ্যালয় ভেঞ্চাৰ পৰ্যায়ৰ পৰা উৰ্ত্তীণ ঘটি প্ৰাদেশীকৰণৰ সঞ্জীৱনী সুধা পান কৰিছিল। স্মৰ্তব্য যে মহাবিদ্যালয়সমূহৰ সামগ্ৰিক বিকাশৰ মাপকাঠি নিৰ্ণয়ৰ কৰে ৰাষ্ট্ৰীয় মূল্যায়ণ আৰু স্বীকৃতি সংস্হা চমুকৈ NAAC য়ে। মহাবিদ্যালয়সমূহে নিজৰ গুণগত মান নিৰূপনৰ বাবে প্ৰতি পাঁচ বছৰৰ ব্যৱধানত NAAC আমন্ত্ৰণ কৰিবলগীয়া হয়। NAAC আমন্ত্ৰণ মূল্যায়ণৰ সৈতে শিক্ষাৰ মূল্যবোধৰ প্ৰশ্নটোও বিশেষ ভাৱে জড়িত আছে। দুৰ্ভাগ্যজনক কথা যে ২০১৩ চনত প্ৰাদেশীকৃত হৈ বৈতৰণী পাৰ হৈ শকত দৰমহা লাভ কৰি হঠাৎ অভিজাত শ্ৰেণীৰ অন্তৰ্ভুক্ত হৈ পৰা একাংশ কলেজ শিক্ষকে মহাবিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নৰ বিষয়টো পিচলৈ ঠেলি থৈ নিজৰ ব্যক্তিগত বৈষয়িক উত্তৰণত মত্ত হৈ পৰাহে দেখা পোৱা গৈছিল । এই বৈষয়িক চেতনা এনে পৰ্যায় পাইছিল যে তেজপুৰ মহকুমাৰে ওপৰত উল্লেখ কৰা নিয়মেৰে নকৈ প্ৰাদেশিকৃত এখন মহাবিদ্যালয়ৰ নিয়মীয়া শিক্ষক সকলে আনকি NAAC আমন্ত্ৰণৰ বাবে প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিবলগীয়া ‘আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ’ৰ সমন্বয়ক হ’বলৈও অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।ইয়াৰ পিছত মহাবিদ্যালয় কৰ্তৃপক্ষ উপায়ন্তৰ হৈ এগৰাকী অপ্ৰাদেশীকৃত পদৰ শিক্ষকৰ হাতত উক্ত বিভাগৰ সমন্বয়কৰ পদৰ দায়িত্ব অৰ্পণ কৰি মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ উত্তৰণৰ লগতে NAAC আমন্ত্ৰণৰ বাবে প্ৰস্তুতি চলাইছিল যদিও ইতিমধ্যে পদ নিয়মীয়া হোৱা তথাকথিত জ্যেষ্ঠ শিক্ষকৰ চৰম অমনোযোগিতাৰ বাবে এই ক্ষেত্ৰত ব্যৰ্থ হ’ব লগাত পৰে।স্মৰণীয় যে কলেজ কৰ্তৃপক্ষই নিয়মীয়া শিক্ষক সকলৰ মাজৰ পৰা এগৰাকী সহযোগী সমন্বয়ক হোৱাটো বিচাৰিছিল যদিও বিভিন্ন অজুহাতৰে তেওঁলোক এই দায়িত্ব পৰা হাত সাৰিছিল । কলেজৰ শৈক্ষিক মূল্যবোধৰ চেতনা, আভ্যন্তৰীণ বিকাশৰ হাৰ এনেদৰেই মন্হৰ গতিত চলি থাকিলহেঁতেন যদিহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই NAAC আমন্ত্ৰণ নকৰিলে কলেজ শিক্ষকৰ দৰমহা কৰ্তন কৰা হ’ব বুলি আদেশ জাৰি নকৰিলেহেঁতেন। মুখ্যমন্ত্ৰীজনাৰ আদেশত এতিয়া একাংশ মহাবিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকসকলৰ মাজত ‘দৰমহা বচাও আন্দোলন’ৰ সূচনা হোৱা পৰিলক্ষিত হৈছে ।ব্যক্তিগত স্বাৰ্থৰ বিপৰীতে মহাবিদ্যালয় উত্তৰণৰ বৃহত্তৰ স্বাৰ্থত কোনো কালে আত্মনিয়োগ নকৰা একাংশ জ্যেষ্ঠ শিক্ষকে এতিয়া চাকৰি আৰু দৰমহা ৰক্ষাৰ স্বাৰ্থতেই মাত্ৰ সচেতন হৈ উঠা কথাটোৱে সেইসকল কলেজ শিক্ষকৰ মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ স্বৰূপ উন্মোচিত কৰি তুলিছে । সমাজৰ মাৰ্গ দৰ্শনকাৰী হিচাপে অভিহিত এইচাম শিক্ষকক জাগৰিত কৰিবলৈ দৰমহা কৰ্তন কৰিম বুলি দিবলগীয়া হোৱা আদেশ শিক্ষাৰ মূল্যবোধৰ অৱক্ষয়ী দিশ বুলি সচেতন মহলে এতিয়া মতপোষণ কৰিছে।উল্লেখ্য যে, তেজপুৰৰে নহয় ৰাজ্যখনৰ বহু এনে মহাবিদ্যালয়ত এতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত এনে অৱস্থাৰ সৃষ্টি হৈছে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.