নাগালেণ্ডৰ সুকীয়া পতাকা আৰু সংবিধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সন্মত নহয়

ডিমাপুৰত মধ্যস্থতাকাৰী এ কে মিশ্ৰৰ ঘোষণা

0 11

শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন সমূহৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰই পুনৰ ন দি ঘোষণা কৰিছে যে, এন এছ চি এন(আই এম)এ দাবী কৰা অনুসৰি এখন সুকীয়া পতাকা আৰু সংবিধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ কেতিয়াও সন্মত নহয়। নগা শান্তি আলোচনাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবৰ বাবে মধ্যস্থতাকাৰী গৰাকীয়ে এসপ্তাহৰ ভ্ৰমণসূচী লৈ যোৱা ১৯ এপ্ৰিলত ডিমাপুৰত উপস্থিত হৈ এন এছ চি এন (আই এম)ৰ নেতৃবৰ্গৰ লগত আলোচনাত মিলিত হয়। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক ভাবে মিশ্ৰই সংগঠনটোৰ সাধাৰণ সম্পাদক মুইভাৰ লগতে আন শীৰ্ষ নেতৃত্বৰ লগত মুঠতে পাঁচলানি আলোচনাত মিলিত হয়। আলোচনা কালত মধ্যস্থতাকাৰী গৰাকীয়ে সংগঠনটোৰ নেতৃবৃন্দক স্পষ্ট কৰি দিয়ে যে, নগালোক সকলৰ বাবে এখন সুকীয়া সংবিধান আৰু পতাকাৰ দাবীটোৰ ক্ষেত্ৰত ভাৰত চৰকাৰ পূৰ্বৰ স্থিতিত অটল আৰু ইয়াৰ পৰা বিচ্যুত নহয়। মিশ্ৰই সংগঠনটোৰ নেতাসকলক জানিবলৈ দিয়ে যে, তেওঁলোকে কেৱল সাংস্কৃতিক কাৰ্যসূচী সমূহত বিশেষ পতাকা ব্যৱহাৰৰ বাহিৰে আন ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ নহ’ব। মিশ্ৰই পুনৰ আশ্বাস প্ৰদান কৰি কয় যে, ২০১৫ চনৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট অনুসৰিয়েই নগা সমস্যাটোৰ চূড়ান্ত সমাধান হ’ব। আনহাতে, নগা লোকসকলৰ দাবী অনুসৰি যদি সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টোত কেন্দ্ৰীয় চৰকাৰ অমান্তি হ’লে নগা শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হ’ব বুলি এন এছ চি এন(আই এম)এ মত প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More