নাছাই প্ৰকাশ কৰিছে প্লুটোৰ মনোৰম ফটো

'বামন গ্ৰহ’টোৱে দেখুৱাইছে নিজৰ 'প্ৰকৃত ৰং'

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ নৱেম্বৰ : ২৬ নৱেম্বৰত নাছাই ইনষ্টাগ্ৰামত নিউ হৰাইজনছ মিছনৰ পৰা লাভ কৰা প্লুটোৰ প্ৰকৃত ৰঙৰ এখন সুন্দৰ ফটো পোষ্ট কৰিছে। মহাকাশ সংস্থাটোৱে ফটোখনৰ কেপচনত লিখিছে— Small planetary body Saturday। কেপচনত আৰু লিখা আছিল যে ফটোখন প্লুটোৰ পৰা ২২,০২৫ মাইল (৩৫,৪৪৫ কিলোমিটাৰ) দূৰত্বৰ পৰা কেমেৰাবন্দী কৰা হৈছে, যাৰ পৰা নাইট্ৰজেন আৰু মিথেনেৰে গঠিত গ্ৰহটোৰ বিশাল হিমবাহটোও দেখা হৈছে, যাক ‘হৃদয়’ বুলি জনা যায়। প্লুটোৰ অন্তৰ্ভাগ শিলৰ আৰু হয়তো ভূগৰ্ভৰ তলৰ সাগৰ বুলি ভবা হয়, আনহাতে ইয়াৰ পৃষ্ঠভাগ পানী, মিথেন আৰু নাইট্ৰজেনেৰে গঠিত বৰফেৰে আবৃত। মহাকাশ সংস্থাটোৰ মতে প্লুটোৰ পৃষ্ঠভাগ ক্ৰেটাৰযুক্ত, বগা, টেন আৰু বাদামী ৰঙা ৰঙৰ। দৃশ্যমান আংশিক হৃদয় ‘বগা’ হোৱাৰ বিপৰীতে টেন আৰু বগা ৰংটো ফটোখনৰ ওপৰৰ ফালে পৰি বাদামী ৰঙা-পৃষ্ঠৰ সৃষ্টি হৈছে। পূৰ্বে সৌৰজগতৰ নৱম গ্ৰহ হিচাপে স্থান পোৱা প্লুটোক ২০০৬ চনত অৱনমিত কৰি বামন গ্ৰহ হিচাপে পুনৰ শ্ৰেণীভুক্ত কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More