নাছাৰ এলিয়েন সন্ধানঃএইবাৰ ব্যৱহাৰ হ’ব সৰু সৰু ৰবট

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুলাই : বিজ্ঞানীসকলে অহৰহ নতুন নতুন উদ্ভাৱন আনিবলৈ চেষ্টা কৰি আহিছে যিয়ে তেওঁলোকক এলিয়েনৰ লেখ-জোখ বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰে। নাছাৰ গৱেষকসকলে সৌৰজগতত এলিয়েন বিচাৰি উলিয়াবলৈ ৰবট ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। আনকি ডাঙৰ মেচিনৰ বাবেও অত্যধিক ৰিস্কি হ’ব পৰা মিছনৰ বাবে ছেন্সিং উইথ ইণ্ডিপেণ্ডেণ্ট মাইক্ৰ’-ছুইমাৰ (SWIM) ধাৰণাটো অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰাৰম্ভিক ডিজাইন অনুসৰি এই সৰু সৰু ৰবটবোৰ যিকোনো প্ৰ’বৰ ভিতৰত ৰাখিব পাৰি, আৰু মিছনৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি পানীৰ তলত আৰু বায়ুমণ্ডল দুয়োটাতে এৰি দিব পাৰি। এই কামৰ বাবে নাছাৰ ইন’ভেটিভ এডভান্স কনচেপ্টছ প্ৰগ্ৰেমে আমেৰিকাৰ সংস্থাটোৰ জেট প্ৰপালচন লেবৰেটৰীৰ এজন ৰবটিক্স মেকানিকেল ইঞ্জিনিয়াৰক ৬ লাখ ডলাৰৰ অনুদান প্ৰদান কৰে। নাছাৰ বাবে চূড়ান্ত সামগ্ৰী উলিয়াবলৈ ইথান শ্বেলাৰক দুবছৰৰ সময়সীমা দিয়া হৈছে। নাছাৰ এক বিবৃতি অনুসৰি প্ৰকল্পটোৰ বিষয়ে শ্বেলাৰে কয়— “সৰু সাঁতোৰ ৰবটৰ এটা জাকৰ সহায়ত আমি একেটা অঞ্চলতে একাধিক ৰবটে তথ্য সংগ্ৰহ কৰি বহু বৃহৎ পৰিমাণৰ সাগৰৰ পানী অন্বেষণ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ জোখ-মাখৰ উন্নতি সাধন কৰিবলৈ সক্ষম হৈছোঁ।” বিল্ট-ইন প্ৰপালচন আৰু যোগাযোগ ব্যৱস্থাৰ ফলত ৰবটসমূহে স্বতন্ত্ৰভাৱে কাম কৰিব পাৰিব যিয়ে ইয়াক গ্ৰহসমূহৰ ওপৰত নিবিড়ভাৱে অধ্যয়ন কৰিব পাৰিব। ৰবটসমূহে প্ৰদান কৰা সবিশেষৰ প্ৰতি ক্ষুদ্ৰ মনোযোগে বিজ্ঞানীসকলক অধিক তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম কৰিব আৰু ই এলিয়েন সন্ধানৰ বাবে গুৰুত্বপূৰ্ণ হ’ব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More