নাট্য যোদ্ধা কৰুণা শইকীয়াক “ভোলা কলিতা সোঁৱৰণী বঁটা” প্ৰদান

নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক ভোলা কলিতাৰ ৯৭ সংখ্যক ওপজা দিনত নাটকৰ সংলাপ, ভাওনাৰ বচনেৰে মুখৰিত হ'ল তেজপুৰৰ বাণ থিয়েটাৰ

0 48

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : তেজপুৰৰ নিষ্ঠাবান নাট্যকাৰ-পৰিচালক তথা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ অন্যতম কৰ্মী কৰুণা শইকীয়াক আজি বিয়লি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পঞ্চম বাৰ্ষিক ভোলা কলিতা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত অনুষ্ঠিত ভোলা কলিতা স্মৃতিচাৰণ আৰু বঁটা প্ৰদান অনুষ্ঠানত নাট্য যোদ্ধা শইকীয়াক তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা আৰু ভোলা কলিতাৰ দুই পুত্ৰ ক্ৰমে – হিৰকজ্যোতি কলিতা আৰু বিকাশ জ্যোতি কলিতাই গামোচা, চেলেং, স্মাৰক, প্ৰশস্তি পত্ৰ আৰু নগদ ধনেৰে পঞ্চম বাৰ্ষিক “ভোলা কলিতা সোঁৱৰণী বঁটা” প্ৰদান কৰে।তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা আৰু বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটৰ পৌৰোহিত্যত বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিত বঁটা প্ৰদান কৰি তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ভাষণ প্ৰসংগত কয় — নাট্যক্ষেত্ৰৰ জগতখনত ভোলা কলিতাৰ দৰে মহীৰূহ সদৃশ নাট্য শিল্পীৰ সান্নিধ্যই আমাক সদায় সমৃদ্ধ কৰি ৰাখিছে। নাট্যমঞ্চ আৰু সমাজৰ প্ৰতি সমান্তৰালভাৱে নাট্যশিল্পীসকল দায়বদ্ধ থকাৰ আদৰ্শ ভোলা কলিতা দেখুৱাই থৈ গৈছে বুলি মন্তব্য কৰি বিধায়ক ৰাভাই প্ৰথিতযশা শিল্পীগৰাকী সৈতে সহশিল্পী হৈ নাট মঞ্চস্হ কৰাৰ অতীতৰ সোঁৱৰণ অত্যন্ত সাৱলীল ভাৱে দাঙি ধৰে।ভোলা কলিতাৰ সংলাপ নিক্ষেপণৰ কলা, শিল্পী সত্বা উত্তৰ প্ৰজন্মই কঢ়িয়াই নিয়াৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি আজিৰ এই পবিত্ৰ দিৱসত নাট্যশিল্পী কৰুণা শইকীয়ালৈ ভোলা কলিতা স্মাৰক বঁটা আগবঢ়োৱাতো অত্যন্ত আদৰণীয় বুলিও বিধায়ক তথা নাট্যশিল্পী পৃথ্বিৰাজ ৰাভাই মন্তব্য কৰে। মধুলেখা কাশ্যপৰ বিশেষ শৈলীৰ সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে ভাষণ প্ৰদান কৰি ভোলা কলিতাৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ মোহময়ী সময় স্মৰণ কৰি নাট্যশিল্পী ভোলা কলিতাৰ নিয়মানুৱৰ্তিতা , মঞ্চ উপযোগী কণ্ঠস্বৰ, অক্ষয় নাট্যপ্ৰেম নাট্যমঞ্চ থকালৈকে জিলিকি থাকিব বুলি মন্তব্য কৰে।তেজপুৰ সাহিত্য সভাৰ সম্পাদক দ্বীজেন নাথে আদৰণী ভাষণ দাঙি ধৰা অনুষ্ঠানটিত বিশিষ্ট ভাওনা শিল্পী প্ৰশান্ত কুমাৰ বৰা,ভোলা কলিতাৰ পুত্ৰ বিকাশজ্যোতি কলিতা, দিব্যজ্যোতি মহন্তই ভাওনাৰ গীত – মাত আৰু বচনেৰে জীপাল কৰি তোলে।আনহাতে এই বঁটা গ্ৰহণ কৰি কৰুণা শইকীয়াই নিজৰ অনুভৱ সদৰী কৰি ১৯৭৩ চনত নাট্যমঞ্চৰ দুৱাৰদলিত প্ৰথম খোজ দি পুৰস্কাৰ লাভ কৰাৰ সময়ৰে পৰা আজি এই অৰ্ধ শতাব্দীকাল নাট্যপ্ৰেম প্ৰবাহিত হৈ আছে আৰু নাটক তুহু মম শ্যাম সমান হৈ উঠিছে বুলি মন্তব্য কৰে। শইকীয়াই নাট্য জীৱনৰ দীঘলীয়া পৰিক্ৰমা স্মৰণ কৰি ন ন কাৰিকৰী কৌশল প্ৰয়োগেৰে নাট্যমঞ্চত সমৃদ্ধ কৰাৰ প্ৰয়াস কৰি আছোঁ বুলি মন্তব্য কৰাৰ লগতে নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ ক্ষেত্ৰত নব্য সম্পৰীক্ষাৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে। বক্তব্যৰ মাজত নিজৰ ‘গৰু খেদা’ শীৰ্ষক নাটকৰ এটি প্ৰিয় সংলাপ আওৰাই শ্ৰোতা, দৰ্শকক আপ্লুত কৰে।ভোলা কলিতাৰ জ্যেষ্ঠ পুত্ৰ, নাট্যশিল্পী হিৰকজ্যোতি কলিতাই কৃতজ্ঞতাসূচক মন্তব্যৰে তেজপুৰ সাহিত্য সভা আৰু বাণ থিয়েটাৰৰ শলাগ লৈ পিতৃৰ নাট্য প্ৰতিভা স্মৰণ কৰি নষ্টালজিক হৈ পৰে। ইয়াৰ আগেয়ে ভোলা কলিতাৰ সহধৰ্মিনী নৰেশ্বৰী কলিতাই বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত তেজপুৰৰ বিশিষ্ট ব্যক্তিৰ লগতে বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে।উল্লেখ্য যে, তেজপুৰৰ এসময়ৰ দক্ষ নাট্য আৰু ভাওনা শিল্পী, বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি তথা নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক ভোলা কলিতাৰ ২৮ ফেব্ৰুৱাৰীৰ ওপজা দিনৰ লগত সংগতি ৰাখি তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু বাণ থিয়েটাৰৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰি অহাৰ পিছত এইবাৰ ৯৭ সংখ্যক ওপজা দিনত আজি এই অনুষ্ঠান সম্পন্ন হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More