নাবালক প্ৰেমিকৰ স’তে গুচি অহা যুৱতীৰ এনজিঅ’ৰ তত্বাবধানত থকাৰ সময়তে আত্মহত্যা তেজপুৰত

0 40

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৩এপ্ৰিলঃ এগৰাকী নাবালকৰ স’তে থকা প্ৰেমৰ সম্পৰ্ক আৰু ইয়াৰ পৰিণতিত এগৰাকী যুৱতী কালি ঘৰৰ পৰা নাবালকজনৰ স’তে পলাই অহাৰ পাছত নাবালকৰ পৰিয়ালে দুয়োকে তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীত গতাই দিয়া আৰু আৰক্ষীয়ে নিশাটো যুৱতীক এটা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত স্বেচ্ছাসেৱী সংস্হাক অৰ্পণ কৰাৰ বিপৰীতে আজি পুৱা যুৱতীগৰাকীয়ে আত্মহত্যা কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,তেজপুৰৰ গোটলোং নিবাসী আখতাৰ হুছেইনৰ ১৬বছৰীয়া পুত্ৰৰ স’তে থকা প্ৰেমৰ সম্পৰ্কৰ পৰিণতিত নগাঁৱৰ আমবাগান অঞ্চলৰ নাজিমা খাতুন নামৰ ২০বছৰীয়া যুৱতী গৰাকী কালি নিশা প্ৰেমিকৰ স’তে তেজপুৰৰ ঘৰত উপস্থিত হয়হি৷ইপিনে নাবালক প্ৰেমিকৰ পৰিয়ালে লগে লগে দুয়োকে লৈ স্হানীয় মহাভৈৰৱ আৰক্ষী চকীত উপস্থিত হয়হি আৰু আৰক্ষীয়ে নিশা প্ৰায় আঠ বজাত নাবালকজনক পৰিয়ালক গতাই দিয়াৰ বিপৰীতে যুৱতীৰ পৰিয়ালৰে যোগাযোগ কৰে৷ যুৱতীৰ আত্মীয়ক নিশাৰ পৰিৱৰ্তে আজি পুৱা আৰক্ষী চকীলৈ মতা হয় আৰু সেই অনুসৰি যোৱা নিশা প্ৰায় ১০বজাত আৰক্ষী চকীৰ সমীপতে থকা তথা ধনোৱা নগৰস্হিত মহিলা সকলৰ সমস্যাৰ ক্ষেত্ৰত কাম কৰা আৰু চৰকাৰী অনুমোদন প্ৰাপ্ত সখী নামৰ স্বেচ্ছাসেৱী সংস্হাটোক যুৱতীগৰাকীক ৰখাৰ বাবে দায়িত্ব দিয়া হয়৷ইপিনে যোৱা নিশাই প্ৰায় তিনি বজাত ইয়ালৈ আন এগৰাকী যুৱতীও আহে আৰু দুয়োকে একেলগেই থাকিবলৈ দিয়া হয়৷আজি পুৱা প্ৰায় সাতবজাত দুয়োগৰাকী যুৱতীক স্বেচ্ছাসেৱী সংস্হাটোৰ কৰ্মচাৰীয়ে চাহ পানৰ বাবে মতাৰ সময়ত এগৰাকী যুৱতী ওলাই অহাৰ বিপৰীতে নাজিমাই মুখহাত ধুই কোঠালিটোত সোমাই দুৱাৰ বন্ধ কৰি দিয়ে৷ইয়াৰ পাছত সংস্হাটোৰ কৰ্মচাৰীয়ে একাধিকবাৰ মতাৰ পাছতো সহাৰি নোপোৱাত আৰু দুৱাৰ বন্ধ থকাত আৰক্ষীক খৱৰ দিয়া হয় আৰু আৰক্ষীয়ে আহি দুৱাৰ খুলি নাজিমাক কোঠাৰ ভিতৰত চিপলৈ থকা অৱস্থাত উদ্ধাৰ কৰে৷আনহাতে,আজি পুৱা প্ৰায় ৮-৩০বজাত নাজিমাৰ আত্মীয় মহাভৈৰৱ আৰক্ষী চকীত উপস্থিত হৈহে যুৱতীগৰাকীৰ কৰুণ পৰিণতিৰ বিষয়ে অৱগত হয়৷ আৰক্ষীয়ে ইতিমধ্যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ বিপৰীতে ঘটনাটোকলৈ নাজিমাৰ আত্মীয়ই ক্ষোভ প্ৰকাশ কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More