নামঘৰ উদ্বোধনেৰে আৰম্ভ হ’ব নাৰায়ণপুৰত অসম সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিৱেশন

প্ৰস্তুতি সম্পূৰ্ণঃ ৫০০ গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব ‘চিৰ চেনেহী মোৰ ভাষা জননী’ঃ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিৰ আগমণ

0 228

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃIMG 20230130 WA0022 ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ লখিমপুৰ জিলাৰ বৰখামটি পথাৰত কাইলৈ মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হ’ব৷ কাইলৈ পুৱা ৯  বজাত বৰখামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত নামঘৰ উদ্বোধনেৰে এইবাৰৰ অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ’ব৷ অধিৱেশনস্থলীত পুৱা ৫০০ স্থানীয় শিল্পীয়ে একেলগে পৰিৱেশন কৰিব এই চিৰ চেনেহী মোৰ ভাষা জননী সমবেত সংগীত৷ ইয়াৰ বাবে দীৰ্ঘদিনৰ পৰা সমবেত সংগীত উপসমিতিয়ে ১০০০ শিল্পীক লৈ অনুশীলন আৰম্ভ কৰি আছে৷ ৫০০ জ্যেষ্ঠ মহিলা, ২০০ শিশু আৰু ৩০০ যুৱক-যুৱতীয়ে একেলগে এই সমবেত সংগীতৰ অনুশীলন অব্যাহত ৰাখিছে৷ কাইলৈ পুৱা ৯ বজাত মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীয়ে মণিকাঞ্চন ক্ষেত্ৰৰ নামঘৰ উদ্বোধন কৰিব৷ বন্তি প্ৰজ্বলন কৰিব বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে৷ ৯.৩০ বজাত মে-ডাম মে ফি অনুষ্ঠানৰ পিছতে মণিকাঞ্চন ক্ষেত্ৰত মুখ্য আদৰণী দ্বাৰ উদঘাটন কৰিব বিশিষ্ট শিক্ষাবিদ গিৰিশ চন্দ্ৰ ভূঞাই৷ একেদৰে পুৱা ১০.৩০ বজাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অস্থায়ী কাৰ্যালয় মুকলি কৰিব মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভূধৰ ফুকনে৷ পুৱা ১১ বজাত গ্ৰন্থমেলা উন্মোচন কৰিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ ১১.১৫ বজাত বাণিজ্য মেলাৰ দ্বাৰ উদ্বোধন কৰিব উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই৷ ১১.৩০বজাত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব যুৱ সমাজসেৱী ৰঞ্জিৎ ভট্টাচাৰ্যই৷ ১২.১৫ বজাত বিজ্ঞান মেলা উদ্বোধন কৰিব ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ দীপক নেওগে৷ একেদৰে দিনৰ ১২.৩০ বজাত শিল্পকলা আৰু প্ৰদৰ্শনী মুকলি কৰিব কলাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ প্ৰদীপ শৰ্মাই৷ ১২.৪৫ বজাত প্ৰতিনিধিসকলৰ নাম পঞ্জীয়নৰ পিছতে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১ বজাত অসম সাহিত্য সভাৰ অষ্টম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব৷ এই কাৰ্যনিৰ্বাহক সভা উদ্বোধন কৰিব আদৰণী সমিতিৰ সভাপতি তথা বিহপুৰীয়াৰ বিধায়ক ড॰ অমিয় কুমাৰ ভূঞাই৷ ১.৩০ বজাত শ্ৰীশ্ৰী বদলা সত্ৰৰ সন্মুখত তোৰণ মুকলি কৰিব মাধৱদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন্দ্ৰ নাথ শৰ্মাই৷ দিনৰ ২ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰিব লখিমপুৰৰ উপায়ুক্ত সুমিত সত্তাৱনে৷ বিয়লি ৩ বজাত সাহিত্য সভাৰ এক আকষৰ্ণীয় ‘আকাশ অনুষ্ঠান’ অনুষ্ঠিত হ’ব সাহিত্য সভাৰ মূল মঞ্চত৷ এই আকাশ অনুষ্ঠান উদ্বোধন কৰিব অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে৷ ইয়াত সঞ্চালক হিচাপে অংশগ্ৰহণ কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড॰ চাৰু চহৰীয়া নাথে৷ বিশিষ্ট অতিথি হিচাপে অংশ ল’ব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে৷ বিয়লি ৩ বজাত গ্ৰন্থমেলা মঞ্চত ‘কথা সাহিত্য সন্মিলন’ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বিশ্ব বৰুৱাই৷ এই সন্মিলনত সঞ্চালক হিচাপে থাকিব মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তানচেং খাংকেউ৷ সন্ধিয়া ৫ বজাত মণিকাঞ্চন ক্ষেত্ৰত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰাই৷ ইফালে নাৰায়ণপুৰত অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম অধিৱেশন উপলক্ষে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্যৰ পৰাও প্ৰতিনিধিসকল নাৰায়ণপুৰৰ অধিৱেশনস্থলীত সমবেত হ’ব ধৰিছে৷ আদৰণী সমিতিয়ে তিনি হাজাৰ প্ৰতিনিধিক আদৰিবলৈ সাজু হৈ উঠাৰ লগতে অধিৱেশনস্থলীত গ্ৰন্থমেলা বিপণি, প্ৰদৰ্শনী, বাণিজ্য মেলা, তোৰণ, সাংস্কৃতিক মঞ্চ আদি সকলো সম্পূৰ্ণ হৈ উঠিছে৷ অধিৱেশনৰ আদৰণী সমিতিৰ সাধাৰণ সম্পাদক মাখন তামুলীয়ে আজি জানিবলৈ দিয়া অনুসৰি ভৱামতে অধিৱেশনলৈ পুঁজি আৱণ্টন হোৱা নাই যদিও আদৰণী সমিতিয়ে বিভিন্ন পন্থাৰে জোৰা মৰাৰ ব্যৱস্থা কৰিছে৷ আজি সন্ধিয়া অধিৱেশনৰ মূল তোৰণ প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ লগতে অধিৱেশনস্থলীত সাংসদ পল্লৱ লোচন দাস উপস্থিত হৈ অধিৱেশনৰ অগ্ৰগতিৰ বুজ লয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More