নামদাফাত পৰ্যটকৰ বাবে ৰাফটিং সেৱা প্ৰৱৰ্তন

0 23

Dihing River 1 e1651658621201শতাব্দ বিশেষ প্ৰতিনিধি, ৪ মে’: অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত এলেকাৰ মাজেদি প্ৰবাহিত হোৱা নোৱা দিহিং নদীত পৰ্যটকসকলৰ বাবে ৰাফটিং সেৱা প্ৰৱৰ্তন কৰা হৈছে। যোৱা দেওবাৰে স্থানীয় মিয়াও সমষ্টিৰ বিধায়ক আৰু অৰুণাচল চৰকাৰৰ মন্ত্ৰী কমলাং ম’ছাঙে ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত দিবানত এই ৰাফটিং সেৱাৰ উদ্বোধন কৰে। উল্লেখযোগ্য যে, পাটকাই পৰ্বতৰ পৰা উৎপত্তি হোৱা নোৱা দিহিং নদীখনে খৰস্ৰোতা গতিৰে জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেদিয়েই প্ৰবাহিত হৈছে আৰু পৰ্যটকসকলৰ বাবে ই আকৰ্ষণৰ কেন্দ্ৰবিন্দু। চাংলাং জিলাৰ উপায়ুক্তৰ উদ্যোগত চৰকাৰী আনটাইড পুঁজিৰ ধনেৰে ক্ৰয় কৰা এই ৰাফট কেইখন সম্প্ৰতি মিয়াওৰ এটা পৰ্যটন সংস্থা Miao Pum Tours & Travels ক পৰিচালনা কৰিবলৈ দিয়া হৈছে। পৰ্যটকসকলে দিবানৰ পৰা এমপেনলৈকে এই হোৱাইট ৱাটাৰ ৰাফটিং কৰিব পাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More