নামৰ আঁতি-গুৰি…কাকচাঙৰ কথকতা…
অঞ্জু কোঁৱৰ
৩১ ডিচেম্বৰত উপহাৰ স্বৰূপে হাতত পৰিছিল — কাকচাঙৰ কথকতা। লেখক — দাদুল দেৱকৃষ্ণ বৰুৱা। কিতাপ খনৰ ৪৫ পৃষ্ঠাত এটি বাক্য আছে – বিশ্বৰ বিৰল নৈ ভোগদৈ।
নৈ প্ৰকৃতিৰ এক অপৰূপ সৃষ্টি । নৈবোৰ সৃষ্টিৰ কঠীয়াতলি , জীৱন আৰু জীৱিকাৰ সন্ধান দিওঁতা। পিছে, ভুক্তভোগীতকৈ কোনে ভালকৈ জানে নৈৰ ৰূদ্ৰৰূপ ? শৰতৰ শীৰ্ণ, শান্ত-ধীৰ নৈখনে বাৰিষা কালৰূপ ধৰি গোটেইখন ঢাঁহি-মুহি নিয়ে, দুপাৰ খহাই নিজৰ বুকুত সামৰি লয়! প্ৰতিখন নৈয়েই কত ঘটনাৰ সাক্ষী! কত ইতিহাস লগত কঢ়িয়াই লৈ ফুৰে নৈবোৰে! বাঢ়ি অহা জনসংখ্যা, প্ৰগতি, প্ৰযুক্তিৰ উপৰ্যুপৰি হেঁচা সহ্য কৰিও নৈবোৰ বৈ থাকে। নৈ বৈ যায়.. নিৰৱধি গৈ থাকে ,, বহু দুখ- বেদনা, কথা আৰু হাঁহি, অভিজ্ঞতা সামৰি লৈ চিৰপ্ৰবহমান হৈ গৈ থাকিব খোজে নৈবোৰ ! নৈৰ সমান ব’ব কোন? আইৰ সমান হ’ব কোন?
ক’ৰ পৰানো এই বহুৰূপী নৈৰ উৎপত্তি হয়? গলি যোৱা হিমবাহবোৰৰ পৰাই নদ-নদীৰ সৃষ্টি হয় বুলি ইমানদিনে জানি আহিছো। কিন্তু , ভোগদৈক বিশ্বৰ এক বিৰল নৈ বুলি কিয় কোৱা হ’ল? ‘কাকচাঙৰ কথকতা’ পঢ়ি থাকোঁতে এই নতুন কথাৰ ভূ পালোঁ। আহোম ৰাজ্যৰ অন্তিম ৰাজধানী যোৰহাটৰ পৰিচয় ভোগদৈ চাগে’ পৃথিৱীৰ প্ৰথমখন মানুহে খন্দা নৈ ! হওঁতে, ভোগদৈ নৈখনৰ নামটোৰে সৈতে আমাৰবোৰৰ পৰিচয় শৈশৱতে। আমাৰ প্ৰায় সকলোৱেই প্ৰথম শ্ৰেণীতে ‘কুঁহিপাত’ত পঢ়িছিলো – ভোগদৈ নৈৰ পাৰত মালৌ পথাৰ । তাতে কণল’ৰাহঁতৰ খেতি …. । পিছে, অতদিনৰ মূৰত ভোগদৈক আকৌ পালোঁ। কিতাপখনত উল্লেখ আছে – ভোগদৈ হেনো মানুহে খন্দা নৈ।
আহোম ৰজা গৌৰীনাথ সিংহই যোৰহাটলৈ ৰাজধানী স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈ দেখিলে যে ৰাজধানীৰ ওচৰত নৈ নাই। সেয়ে, ন-ৰাজধানীৰ কাষত নৈৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ভোগ দি দিচৈ নৈ খন্দোৱাই আনি যোৰহাটৰ কাষেদি বোৱাই ব্ৰহ্মপুত্ৰত পেলাইছিল। নৈ খান্দোতে ভোগ দিয়াৰ বাবেই এই নৈৰ নাম হ’লগৈ – ভোগদৈ । এই কথাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবলৈ লেখাটোত সূৰ্য কুমাৰ ভূঞাৰ সম্পাদিত ‘তুংখুঙীয়া বুৰঞ্জী’ত ভোগদৈ সম্বন্ধে থকা উদ্ধৃতিও তুলি দিয়া হৈছে । অৱশ্যে , ৱিকিপিডিয়াই কয় যে, ভোগদৈৰ উৎস নগা পাহাৰ।নগা পাহাৰৰ পৰা এই নৈ যোৰহাট নগৰৰ মাজেৰে বৈ আহি অন্য এখন নৈত পৰিছে আৰু গেলাবিল নাম লৈছে। লগতে, উল্লেখ আছে যে- ভোগদৈ ব্ৰহ্মপুত্ৰৰ এক উপনৈ। ইয়াৰ পূৰ্বৰ নাম দিচৈ আৰু বৰ্তমান ই এখন অতি প্ৰদূষিত নৈ।
যি কি নহওক, ভোগদৈ নৈৰ নামৰ উৎপত্তিৰ গুৰিকথা জানিব পাৰিলো – এক বিশেষ শৈলীৰে বিষয়বস্তুক উপস্থাপন কৰা ‘কাকচাঙৰ কথকতা’খন পঢ়ি। অৱশ্যে, পঢ়ি শেষ কৰিবলৈ এতিয়াও বাকী। ইতিহাসে কোৱামতে যদি এসময়ত দূৰদৰ্শী চিন্তাৰে মানুহে নৈ খান্দিছিল আজি সেই মানুহ জাতিৰে এচামৰ হাতত নৈখন মৃতপ্ৰায়!
“ যদি কোনোবা এদিন
নদীবোৰ মৰি যায়
যাদুঘৰত বন্দী হৈ ৰ’ব
নৈ পাৰৰ গাঁও
সদাব্যস্ত মাছমৰীয়া আৰু নাওবোৰ
নৈৰ ঘাটলৈ উন্মুখ গাভৰু
আৰু কলহবোৰ……..
……………………
…………….”
কবি গংগামোহন মিলিৰ এই কবিতাংশ ই চুই গ’ল । ই প্ৰতীকি ৰূপত চিত্ৰিত কৰিছে নৈ বিহীন অনাগত দিনৰ কঠিন ভৱিষ্যতক।
তাহানিতে এবাৰ “যুৱবাণী”ৰ অনুষ্ঠানত এনেকুৱা এটা কুইজ সোধা হৈছিল – যদি হাডচন-নিউয়ৰ্ক, টেমচ- লণ্ডন, তেন্তে বুয়েনচ্ আয়াৰ্চ- _ , কি হ’ব ? কুইজ মাষ্টাৰগৰাকীয়ে বুজাই দিছিল যে – ৰাজধানীবোৰ নৈৰ পাৰতে গঢ় লয়। কাৰণবোৰো থোৰতে কৈ দিছিল। নতুন ৰাজধানীৰ কাষতে ভোগদৈ খান্দিবলৈ বুঢ়াগোঁহায়ে ব্যৱস্থা লোৱাৰ কথা পঢ়ি থাকোঁতে এই পুৰণি কথাটো মনত পৰিল।
আচল কথাটো হৈছে – সকলোৰে নামকৰণত কিবা নহয় কিবা আঁৰৰ কাৰণ থাকেই। শৰৎ কুমাৰ ফুকনৰ ‘নাম তত্ত্ব’ত নাম আৰু পৰিচয় সমন্ধীয় বিজ্ঞানসন্মত ব্যাখা আছে বুলি ক’ৰবাত পঢ়া মনত পৰে। আমি নিজে থকা ঠাইখনৰো নামৰ উৎপত্তিৰ যুক্তিও তেনেদৰে শুনিবলৈ পাওঁ। প্ৰত্যেকৰে ক্ষেত্ৰতে কথাটো খাটে চাগে।
সৌ সিদিনা লক্ষীমপুৰৰ কনফাৰেঞ্চত পুৱাৰ অধিৱেশনত একেলগে বহি আছিলোঁ- এসময়ৰ ছাত্ৰী কাঞ্চনৰ সৈতে। অলপ সময়ৰ পিছত দুয়োজনীয়ে ঠাণ্ডা অনুভৱ কৰিবলৈ ল’লোঁ, যদিওবা গাত ছুৱেটাৰ-মাৰ্ফলাৰ, ভৰিতো জোতা-মোজা আছিলেই। তেনেতে দেখিলোঁ- মঞ্চত চাহ দিয়া হৈছে। আশা জাগিল- ইয়াৰ পিছত মঞ্চৰ সমুখৰ আসনবোৰত বহি থকাসকললৈ চাহ আহিব! পিছে, নাই.. তেনেকুৱা নহ’ল। কিছু সময়ৰ পিছত, বাহিৰত চাহ বিচাৰি দুয়ো ওলাই দিলোঁ। অচিনাকি এজনে বুজাই দিলে— ২ নং গেটেৰে ওলাই সোঁফালে গৈ থাকিলে অলপ আগলৈ ‘বনৰীয়া’ পাব। বঢ়িয়া, গৰম চাহ পাই যাব। আগবাঢ়িলো।নাতিদূৰৈত থকা ‘বনৰীয়া’ পালোঁগৈ। সৰুকৈ চাহৰ দোকানখন। বহি লৈ খোৱাৰ সুবিধা আছে। ব্ৰেড চ’প আৰু গাখীৰ চাহহে পোৱা যায়। দুয়োজনীয়ে গৰম গৰম চাহ – চ’প খাইহে তত পালোঁ। দোকানদাৰ দাদাজনক সুধিলোঁ – বনৰীয়া নামটো কেলেই দিলে? কেনেকৈ এই নামটো মনলে আহিল? তেওঁ হাঁহিলে। পইচা থোৱা বাকচটোত খুচুৰা পইচা বিচাৰি বিচাৰি হাস্যবদনে ক’লে – এ দিলোঁ আৰু! সৰুটোৰ নাম। বৰ ঘূৰি- ফুৰি থাকে সৰুতে, ঘৰ নোসোমায়েই.. আইতাকে সেইকাৰণে বুলিছিল – বনৰীয়া । ক’লোঁ – “দোকানখনৰ নামটো কিন্তু ভাল লাগিছে।এটা আকৰ্ষণীয় নাম।মনত ৰৈ যোৱা…।” হয়তো, এই চাহৰ দোকানখনৰ নামটোৱেই বহু গ্ৰাহকক হাতবাউলি মাতে। শুনি বা কৈ থকা হয় – বনৰীয়া ফুল, বনৰীয়া মৌ, বনৰীয়া চৰাই ইত্যাদি। এতিয়া নতুনকৈ যোগ হ’ল – নৰ্থ লক্ষীমপুৰ কলেজৰ সমীপৰ “বনৰীয়া” ।
কেৱল নৈৰ নাম, ঠাইৰ নামৰ, মানুহৰ নামেই নহয় দোকান এখনৰ নামৰো পৃষ্ঠভূমি থাকে । হয়, ‘বনৰীয়া’ই তাকে ক’লে।
( পুনশ্চ এষাৰ : ‘কাকচাঙৰ কথকতা’ নামৰ কিতাপখন আৰু এই কিতাপখন হাতত তুলি দিয়া শৈলেন বৰুৱা ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁ।)
ঠিকনাঃ ডুমডুমা মহাবিদ্যালয়