নাৰায়ণপুৰত সাহিত্য সভাৰ অধিৱেশন লোকাৰণ্য

অতিথিসকলক যথোচিত আতিথ্য় প্ৰদান নকৰাৰ অভিযোগ

0 63

নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষট্‌ সপ্ততিতম পূৰ্ণাংগ অধিবেশনৰ আজি তৃতীয় দিনা অধিবেশনস্থলী  লোকাৰণ্য হৈ পৰে। চৌদিশে এক উখল মাখল পৰিবেশ, বিৰ দি বাট পাবলৈ নাই। সাহিত্য সভাৰ অধিৱেশনত অংশগ্রহণ কৰাৰ আশাৰে পুৱাৰে পৰা অধিবেশন স্থলীলৈ জনতাৰ সোঁত বয়। ইফালে অধিবেশন স্থলীত ধূলিৰে ধূসৰিত হৈ পৰে যদিও সাহিত্য অনুৰাগীসকলক ৰোধিব পৰা নাই। সদলবলে ওলাই আহিছে মণিকাঞ্চন ক্ষেত্রলৈ। বাদ-বিসম্বাদৰ মাজতে সাহিত্যৰ কাণ্ডাৰীসকলেও সাহিত্য সভাৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈ সম্পন্ন কৰিছে বিভিন্ন অনুষ্ঠান। উল্লেখ্য যে, আজি পুৱা ৯.৩০ বজাত সাহিত্য সভাৰ মূল মঞ্চত জনগোষ্ঠী আৰু জনগোষ্ঠীয় সন্মিলনেৰে কাৰ্যসূচী আৰম্ভ হয়। বিশাল জন সমাগমৰ উপস্থিতিত এই কাৰ্যসূচী উদ্বোধন কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সন্মিলন উদ্বোধন কৰি দৈমাৰীয়ে কয় যে যাৰ সাহিত্য নাই তাৰ কোনো পৰিচয় নাই। আমি আজিকালি অধিক শিক্ষিত হৈয়ো বহু ক্ষেত্ৰত অতীতক পাহৰি গৈছে বুলি তেওঁ মন্তব্য কৰে। অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ড° কুলধৰ শ‍ইকীয়াৰ সভাপতিত্বত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা জনগোষ্ঠী আৰু জনজাতীয় সাহিত্য সম্মিলনখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। বৰাই তেওঁৰ ভাষণত কয়- দীৰ্ঘদিন ধৰি অসমৰ জাতি জনগোষ্ঠী সমুহে তেওঁলোকৰ দাবীসমূহ পূৰ্ণ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে। অসম সাহিত্য সভাই শতবৰ্ষ গৰকিলে যদিও জাতি-জনগোষ্ঠী সমূহৰ উন্নয়ন, দাবীসমূহ পূৰণৰ ক্ষেত্ৰত বিশেষ কার্যকৰী পদক্ষেপ ল’ব পৰা নাই। অসম সাহিত্য সভাই জাতি-জনগোষ্ঠীৰ উন্নয়নত ও আৰু সমান্তৰালকৈ জাতি-জনগোষ্ঠীসমূহৰ ভাষা সংস্কৃতি বিকাশৰ বাবে দায়িত্ব লৈ ঐক্যতাৰে কাম কৰি যাব লাগিব বুলি তেওঁ কয়। সম্মিলনখনত চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় তাঁতিয়ে অংশগ্রহণ কৰি কয়- সাহিত্য সংস্কৃতিৰ দিশবোৰ অসমত জাতি জনগোষ্ঠীসমূহৰ মাজত সুক্ষ্ম ভাবে আলোচনা নোহোৱাৰ লগতে ইয়াত মননশীল সাহিত্যৰ সৃষ্টি হোৱা নাই বুলি কৈ তেওঁ অসম সাহিত্য সভাই এই বিন্যাসমূহক গুৰুত্ব দিব লাগিব বুলি কয়। সম্মিলনত খামতি সাহিত্য সভাৰ সভাপতি চৌখিন মানচে কয়- খামতিসকলে টাই খামতি লিপি সুন্দৰ ভাৱে সংৰক্ষিত কৰি ৰাখিছে। খামতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি সংৰক্ষণ কৰাৰ বাবে সাহিত্য সভাই পদক্ষেপ ল’বলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমচন তেৰণৰ লগতে সোণোৱাল কছাৰী ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা আদি বিভিন্ন জাতি জনগোষ্ঠীৰ প্রতিনিধিসকলে অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ সৈতে ঐক্যবদ্ধ ভাবে আগবাঢ়ি যোৱাৰ প্রতিশ্রুতি দিয়ে।

ৰামধেনু অনুষ্ঠানঃ অসম সাহিত্য সভাৰ এক বিশেষ কার্যসূচী হ’ল বামধেনুৰ স্বদেশ-স্বাভিমান অনুষ্ঠান। ক্ষেত্ৰৰ মূল মঞ্চত আজি দুপৰীয়া অনুষ্ঠিত হোৱা এই ৰামধেনু অনুষ্ঠানে সাহিত্য অনুৰাগী সকলক মোহাচ্ছ কৰি ৰাখে। বিদায়ী সভাপতি কুলধৰ শ‍ইকীয়া আৰু সম্পাদক যাদব শৰ্মাই আঁত ধৰা অনুষ্ঠানটোৱে নৱ প্রজন্মক যথেষ্ট আকৰ্ষিত কৰে। আজিৰ এই ৰামধেনু অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা বহুকেইজন প্রতিভাবান যুবক-যুৱতীয়ে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰে। সাহিত্য সভাৰ আহ্বানক্রমে তিনিচুকীয়াৰ সঙ্গীত হাজৰিকাই বাঁহী বাদনেৰে আৰম্ভ কৰা অনুষ্ঠানত কপিল বৰুৱাই চিত্রকলা প্রদর্শন, নিপুঞ্জয় গগৈয়ে মোকাভিনয় কৰাৰ লগতে ঢোলবাদন, মৰাণ বিহুগীত পৰিবেশন, সাত টা ভাষাত সাতজনে কবিতা আবৃত্তি কৰি মঞ্চত উপবিষ্ট সকলোকে আপ্লুত কৰে। উক্ত সভাত নিলীম মহন্ত, উপাসনা বৰুৱা, লিজিতা দেবী আদিৰ চিত্রশিল্প, উদ্ভাবক, সমৰ কলা আদিৰ বাবে মুঠ পাঁচজনক সাহিত্য সভাই সম্বৰ্ধনা জ্ঞাপন কৰে।

যুৱ সংসদ অনুষ্ঠানঃ আজি অধিৱেশনৰ মূল মঞ্চত অন্যান্য কার্যসূচীৰ লগতে যুব সংসদ অনুষ্ঠান অনুষ্ঠিত হয়। এই যুব সংসদ অনুষ্ঠানত বিভিন্নজন খুব প্রতিনিধিয়ে অংশগ্রহণ কৰি নিৰ্দিষ্ট বিষয় সমূহৰ ওপৰত বক্তব্য আগবঢ়ায়। ইয়াত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ গবেষক ছাত্র-ছাত্রীসকলে বিভিন্ন বিষয়ৰ ওপৰত বিশেষকৈ নতুন প্রজন্মত উৎসাহিত কৰিব পৰা বিষয়সমূহৰ ওপৰত আলোকপাত করে। সাহিত্য সভাৰ মঞ্চত আজি এনেদৰে যুৱ প্রতিভাক স্থান দিয়া কাৰ্যই সাহিত্য সভাক অধিক মহীয়ান কৰি তোলে। আজি এই যুব সংসদ অনুষ্ঠানত একাধিক ছাত্ৰই ইংৰাজী বিদ্যালয়ত জাতীয় সংগীত বাধ্যতামূলক কৰি সাহিত্যৰ দিশত অধিক চহকী কৰিবলৈ দাবী জনায়। ধৰিত্ৰী বৰুৱাই প্রকৃতি সচেতনতাৰ ওপৰত বক্তব্য যথা যুব সংসদ অনুষ্ঠানত মনোজ বৰাই ভাৰতীয় স্বাধীনতা আন্দোলনত সাহিত্যৰ ভূমিকাৰ বিষয়ে অবলোকন কৰে। উক্ত অনুষ্ঠানত মতামত দাঙি ধৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই। তেওঁ কয় যে আজিৰ এই অনুষ্ঠান জাতীয় জীৱনৰ বাবে অতি গুৰুত্বপূর্ণ। যুৱ প্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে সাহিত্য সভাৰ সভাপতি কুলধৰ শ‍ইকীয়াই এই কাৰ্যসূচী গ্ৰহণ কৰি মহৎ কাৰ্য সংযোজন কৰিছে বুলি কয়।

বুৰঞ্জী সম্মিলনঃ ইফালে আজি অধিবেশনস্থলীত এক বজাত মূল মঞ্চত অনুষ্ঠিত হ’ব লগা বুৰঞ্জী সম্মিলনখন বিয়লি চাৰি বজাতহে অনুষ্ঠিত হয়। বিশিষ্ট বুৰঞ্জীবিদ ড° নিত্যানন্দ গগৈয়ে উদ্বোধন কৰা বুৰঞ্জী সন্মিলনখনৰ আঁত ধৰে বুৰঞ্জী সন্মিলন উপ-সমিতিৰ সম্পাদক শ্যামন্ত হাজৰিকাই। ৰাজ্যৰ প্ৰত্নতত্ব বিভাগৰ উপ-সঞ্চালক ড° নবজিৎ দেউৰীয়ে সঞ্চালনা কৰা সম্মিলনখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰবীন দত্ত, জে বি কলেজৰ ড° ৰক্তিম ৰঞ্জন শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° পাৰমিতা দাস আদিয়ে অংশগ্রহণ কৰি নিজ নিজ বক্তব্য প্ৰদান কৰে। লক্ষণীয় যে অতিথিসকলক যথোচিত আতিথ্য় প্ৰদান নকৰাৰ লগতে ভ্ৰমণ বানচ নিদিয়াৰো অভিযোগ উঠিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More