নাৰায়ণপুৰত APART ৰ অধীনত পথ নিৰ্মাণৰ শুভাৰম্ভ 

0 98

শতাব্দ নাৰায়ণপুৰৰ প্ৰতিবেদক, ৪ জুন: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জালুককটাৰ পৰা শিলিখাগুৰি আৰু জালুককটা- সাঁউকুছি গাঁও সংযোগী পথৰ যোৱা ১ জুনত নিৰ্মাণ শুভাৰম্ভণী কৰে বিধায়ক ড°অমিয় কুমাৰ ভূঞাই।অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প(APART)আঁচনিৰ অধীনত নিৰ্মাণ আৰম্ভ কৰা পথছোৱাৰ বাবে বিগত সময়ত বহুবাৰ ৰাইজে আবেদন নিবেদন কৰিছিল। শেহতীয়াকৈ বিধায়ক অমিয় কুমাৰ ভূঞাৰ তৎপৰতাত APARTৰ অধীনত পথছোৱা আৱণ্টিত হোৱাত ৰাইজ উৎফুল্লিত হৈ পৰিছে। বৃহত্তৰ অঞ্চলৰ ৰাইজে পথছোৱা নিৰ্মাণত যাতে কোনো লেহেম আৰু মধ্যভোগী, দুৰ্নীতিক প্ৰশ্ৰয় দিয়া নহয় তাৰ বাবে সচেতন হৈ থাকিব বুলি মত প্ৰকাশ কৰিছে।নিৰ্মাণ শুভাৰম্ভণী অনুষ্ঠানত অঞ্চলবাসী ৰাইজৰ লগতে ভাৰতীয় জনতা পাৰ্টি’ৰ নাৰায়ণপুৰ গ্ৰাম্য মণ্ডলৰ সভাপতি গুণাৰাম গগৈ,নগৰ মণ্ডলৰ সভাপতি বিৰাজ ভূঞা, সম্পাদক পংকজ ভূঞা, দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ সভাপতি প্ৰবীণ শইকীয়া,নগৰ মণ্ডলৰ অবিচি মৰ্চাৰ সভাপতি ভবেন বৰুৱা,লোকনিৰ্মান বিভাগৰ বিহপুৰীয়া উপ সংমণ্ডলৰ কাৰ্যবাহী বিষয়া মহেশ ৰাভা, কনিষ্ঠ অভিযন্তা মুকেশ প্ৰসাদ ,গুণীন বৰঠাকুৰ, বিশিষ্ট সংগঠক তথা কবি ৰূপম বৰা,ৱাৰ্ড সদস্য খগেন গগৈ,প্ৰদীপ ফুকন,শক্তি কেন্দ্ৰ আহ্বায়ক ভাস্কৰ গগৈ,বুথ সভাপতি পৱন কোঁৱৰৰ লগতে বহুগৰাকী সমাজহিতৈষী ৰাইজ উপস্থিতি থাকে। অসমৰ আগশাৰীৰ নিৰ্মান গোট মেচাৰ্চ এ জি এইচ কণষ্ট্ৰাকচন”(M/S A.G.H Construction”)এ নিৰ্মাণৰ সুবিধা লাভ কৰা উক্ত শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় দহগৰাকী বিশিষ্ট নাগৰিকক বিধায়ক ড°অমিয় কুমাৰ ভূঞাই সম্বৰ্ধনা জ্ঞাপন কৰে।বন্তি প্ৰজ্বলন‌,মংগল ধ্বনি আৰু নাৰিকল ভাঙি মাংগলিক নিয়মেৰে পথটোৰ কাম আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More