নাৰায়ণপুৰত বুটমাহে প্ৰাণ ললে শিশুৰ

0 20

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ মাৰ্চঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বুট মাহে এটি শিশুৰ প্ৰাণ লোৱাৰ বাতৰি পোহৰলৈ আহিছে৷ প্ৰাপ্ত তথ্য অনুসৰি নাৰায়ণপুৰ নগৰৰ সমীপৱৰ্তী বেলগুৰি নিবাসী হেম বিকাশ বৰুৱাৰ দুবছৰীয়া পুত্ৰই যোৱা ২৪ মাৰ্চত ঘৰত চোতালত বুটমাহ খাই উমলি আছিল৷ তেনে সময়তে বুটমাহ শিশুটিৰ ডিঙিত লাগি ধৰাত শিশুটিৰ পিতৃ-মাতৃয়ে কণমানিটোক তাৎক্ষণিক ভাৱে নিকটৱৰ্তী নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে৷ শিশুটিৰ এনে আকস্মিক মৃত্যুত তেওঁ পিতৃ-মাতৃ সহ পৰিয়ালটো শোকত ভাগি পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More