নাৰী কেতিয়াও অৰ্ধাকাশ নহয়, নাৰী সদায় পূৰ্ণাকাশ – জুৰী বৰা বৰগোহাঁই

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰ বিংশতিতম দ্বি - বাৰ্ষিক অধিৱেশন

0 43

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৬ মাৰ্চ : প্ৰাক শংকৰী বা শংকৰী যুগৰ সমকালীন সমাজৰ বিভিন্ন গ্ৰন্থত মহিলা সকলক উচ্চ আসন দিয়া হৈছিল যদিও আমাৰ সমাজত তেতিয়া মহিলা সকলৰ স্হান প্ৰসংগৰ বিতৰ্কিত তথ্য বা আজিও বৰপেটাৰ কীৰ্ত্তন ঘৰত মহিলাৰ প্ৰবেশ নিষিদ্ধকৰণ বিষয়টোৱে চিন্তিত কৰি তোলে বুলি আজি তেজপুৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত মন্তব্য কৰে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিভিন্ন নাট্যকাৰ – লোকশিল্পী ড০ শুকদেৱে অধিকাৰীয়ে। তেজপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ ২৪ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত বিংশতিতম দ্বি – বাৰ্ষিক অধিৱেশনৰ আজি মুকলি সভাত বিশিষ্ট সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি ড০ শুকদেৱে অধিকাৰীয়ে শাখাৰ মুখপত্ৰ “ভৈৰৱী” উন্মোচন কৰি প্ৰদান কৰা ভাষণত আৰু কয় – আমাৰ অসমত দ্বাদশ শতিকাৰ পিছৰ পৰাহে নাৰী সৱলীকৰণ দিশটোৱে সৰ্বব্যাপী প্ৰচাৰ লাভ কৰে যদিও অসমক সাহিত্য – সংস্কৃতিৰে সমৃদ্ধ কৰাত মহিলা সমাজৰ অনবদ্য অৱদানৰ আছিল। আনকি ঘৰৰ চাবিপাত ক’ত কেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগে পুৰুষতকৈ মহিলাই বেছি ভালকৈ জানে বুলি মন্তব্য কৰি সমাজ যদি মহিলাৰ দ্বাৰা নিয়ন্ত্ৰিত হয় তেতিয়া সমাজখন সু নিয়ন্ত্ৰিত হয় বুলি কয়। আনহাতে বৰ্তমানে মোবাইল সংস্কৃতিয়ে আমাৰ ভাষাটোলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি মোবাইলত সহজে লিখিবলৈ অসমীয়াখিনিক ইংৰাজীত লিখা উঠি অহা প্ৰজন্মৰ যি পৰম্পৰা আৰম্ভ হৈছে সেয়া অতি ভয়াবহ বুলি কৈ আমি আমাৰ মিঠা মিঠা অসমীয়া শব্দবোৰ সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু এই ক্ষেত্ৰত মহিলা সমাজ অধিক সতৰ্ক হোৱা প্ৰয়োজন বুলি কয়। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰ সভানেত্ৰী মনোমতী কুৰ্মীৰ পৌৰোহিত্যত সম্পাদিকা ৰুণা বৰাই আঁত ধৰা আজিৰ এই মুকলি সভাখন আৰম্ভ হয় শাখাৰ সদস্যা সকলৰ “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক সমবেত গীতেৰে ।মুকলি সভাখন আনুষ্ঠানিক ভাৱে অতিথি বৃন্দই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পিছত উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথে। উদ্বোধনী ভাষণত ড০ চহৰীয়াই ১৯৭৪ চনত তেজপুৰতে গঠন হোৱা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা লগ্নৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰী প্ৰয়াত, পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ লগতে প্ৰতিষ্ঠাপক সম্পাদিকা, বিশিষ্ট শিক্ষাবিদ, লেখিকা, ড০ স্বাধীনতা মহন্তকে ধৰি অন্যান্য সকলৰ বদান্যতা ৰোমন্থন কৰে ।আনহাতে অধিৱেশন উপলক্ষে অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বিভিন্ন ন্যাসৰ নগদ ধনৰ বঁটা প্ৰদান কৰা মুকলি সভাখনত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা জনপ্ৰিয় সাহিত্যিক জুৰী বৰা বৰগোহাঁইয়ে ভাষণত নাৰীক অৰ্ধাকাশ বুলি বিভিন্ন জনে বিশেষনৰ তীব্ৰ বিৰোধিতা কৰি নাৰী কেতিয়াও অৰ্ধাকাশ হ’ব নোৱাৰে নাৰী সদায় পূৰ্ণাকাশ বুলি কৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সকলোকে আহ্বান জনায়। আনহাতে সাম্প্ৰতিক সময়ত অত্যধিক মোবাইল প্ৰীতিয়ে মানুহৰ ধৈৰ্য শক্তি নোহোৱা কৰি পেলাইছে বুলি ইউনেস্কোৰ এক তথ্য উল্লেখ কৰি কয় – কোনো কথা এতিয়া মাত্ৰ ১৮ মিনিটহে মানুহে ধৈৰ্য্য ধৰি শুনিব পাৰে। ২০৩৫ চনত এনেকৈ থাকিলে ১০ মিনিট শুনিব পাৰিব আৰু ২০৫০ চনত এক মিনিটো ধৈৰ্য্য ধৰি নেথাকি মানুহ সকলো সময়তে অস্হিৰ হৈ থাকিব বুলি ভয়ানক তথ্য সদৰী কৰে। আনহাতে সাহিত্যৰ কোনো নিৰ্দিষ্ট তত্ব নাই বুলি কৈ পঢ়িব ভালকৈ পাৰিলে লিখিবও ভালকৈ পাৰিব বুলি কৈ ষ্টৰী টেলিঙৰ দিশটোত মহিলা সকলক অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। উল্লেখ্য যে, তিনিদিনীয়াকৈ অনুষ্ঠিত অধিৱেশনৰ ২৪ মাৰ্চত অনুষ্ঠিত হোৱা ডা০ গজেন্দ্ৰ নাথ কলিতা সোঁৱৰণী থিতাতে লিখা প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ড০ ভানু বৰঠাকুৰে আৰু দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে – গায়ত্ৰী দেৱী বৰঠাকুৰ আৰু কুসুম মহন্তই। সেইদৰে পদ্মকান্ত শৰ্মা সোঁৱৰণী কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে – ৰাণু হাজৰিকা, মৌচুমী মহন্ত আৰু যুটীয়া ভাৱে গায়ত্ৰী দেৱী বৰঠাকুৰ আৰু তাপসী বৰ্মনে। ২৫ মাৰ্চত অনুষ্ঠিত হোৱা প্ৰেম নাৰায়ণ মিশ্ৰ সোঁৱৰণী থিতাতে লিখা শিশু গল্প প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে – ৰাণু হাজৰিকা, নিৰূপমা দেৱী আৰু মীৰা বৰাই। উক্ত দিনাই অনুষ্ঠিত হোৱা জয়মালা মহন্ত সোঁৱৰণী সমবেত সংগীত প্ৰতিযোগীতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে – বাণ থিয়েটাৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়, চিত্ৰলেখা মহিলা চ’ৰা আৰু স্বৰাগিনী মহিলা দলে। আনহাতে শুৱলা চৌধুৰী প্ৰবন্ধ প্ৰতিযোগিতাত একমাত্ৰ পুৰস্কাৰ লাভ কৰে বিউটী বেজবৰুৱাই আৰু ফুল বৰা সোঁৱৰণি গল্প প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে – মিনাক্ষী দেৱী, ড০ ভানু বৰঠাকুৰ আৰু চন্দনা শৰ্মাই। এই সকলো শ্ৰেষ্ঠ প্ৰতিযোগীক আজি মুকলি সভাত বঁটা প্ৰদান কৰা হয়। আনহাতে কালি সভানেত্ৰী মনোমতী কুৰ্মীৰ দ্বাৰা পতাকা উত্তোলন, উপদেষ্টা পদুমী বৰদলৈৰ দ্বাৰা বন্তি প্ৰজ্বলন, কাৰ্যকৰী সভানেত্ৰী দীপালী দেৱী আৰু উপসভানেত্ৰী ডলী গোস্বামী আৰু লাৱণ্য মহন্তৰ দ্বাৰা স্মৃতি তৰ্পণৰ পিছত অনুষ্ঠিত বিষয় বাচনি সভাই আগন্তুক কাৰ্যকালৰ বাবে শশীপ্ৰভা দেৱীক সভানেত্ৰী, কাঞ্চন শইকীয়াক সম্পাদিকা, মিনাক্ষী দেৱী, মিনোমা বড়ো আৰু ৰিজুমনি বৰাক যুটীয়া সম্পাদিকা আৰু ড০ ভানু বৰঠাকুৰক সাহিত্য সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More