নাৰী দিৱসঃ মুক্ত তিৰোতাৰ আচৰণৰ চিন্তা

0 442

বিমল বৰগোঁহাই

৮ মাৰ্চ “আন্তৰ্জাতিক নাৰী দিৱস”। ইংৰাজী ৮ মাৰ্চ তাৰিখে গোটেই বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস হিচাবে উদযাপন কৰা হয়। কিন্তু, বহুতে হয়তো নাজানে এই ৮ মাৰ্চ দিনটোতে কিয় “আন্তৰ্জাতিক নাৰী দিৱস” উদযাপন কৰা হয়।গতিকে, ইয়াৰ বিষয়ে জানিবলৈ আমি কিছু পিছুৱাই যাব লাগিব। তথ্য অনুযায়ী ১৯০৮ চনৰ ৮ মাৰ্চ তাৰিখৰ দিনা নিউয়ৰ্ক চিটিৰ বস্ত্ৰ উৎপাদন উদ্যোগত কৰ্মৰত হাজাৰ হাজাৰ মহিলা শ্ৰমিকে তেওঁলোকৰ বিভিন্ন দাবী, বিশেষকৈ কর্ম সময় কমোৱা, শিশু শ্ৰম বন্ধ কৰা, মহিলা সকলক ভোটাধিকাৰ লগতে সমাধিকাৰ দিয়া, কৰ্মস্থলীত কাম কৰাৰ পৰিৱেশ উন্নত কৰা ইত্যাদিৰ বাবে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই আন্দোলন ইমানেই একত্ৰিত আছিল যে ইয়াৰ প্ৰভাৱ বিশ্বৰ আন আন ঠাইতো পৰিছিল।mother 84628 480 নিউয়ৰ্কৰ এই মহিলা সকলৰ প্ৰতিবাদৰ সৈতে সংগতি ৰাখি আমেৰিকাৰ আন অঞ্চলৰ মহিলা সকলেও ১৯০৯ চনৰ ৯ মাৰ্চ তাৰিখে “আমেৰিকান ৱি’মেন দে” উদযাপন কৰিছিল আৰু ইয়াৰ যোগেদি তেওঁলোকে ” ইউৰোপিয়ান দেশ সমূহকো” ৮ মাৰ্চ তাৰিখৰ দিনটো “মহিলা দিৱস” হিচাবে স্বীকৃতি দিবলৈ দাবী জনাইছিল। বিশ্বৰ বিভিন্ন আন আন মহিলা সংগঠন সমূহেও ৮ মাৰ্চৰ দিনটো “আন্তৰ্জাতিক মহিলা দিৱস” হিচাবে স্বীকৃতি দিবলৈ দাবী জনাই আহিছিল যদিও ৰাষ্ট্ৰসংঘই স্বীকৃতি দিয়া নাছিল। কিন্তু, ১৯৭৭ চনত ৰাষ্ট্ৰসংঘই এক অধিসূচনা যোগে সকলো দেশলৈ বাৰ্তা প্ৰেৰণ কৰি এটা দিন মহিলা দিৱস হিচাবে উদযাপন কৰিবৰ বাবে সিদ্ধান্ত লবলৈ আহ্বান জনায়। অৱশেষত বিশ্বৰ গৰিষ্ঠসংখ্যক দেশেই ৮ মাৰ্চৰ দিনটোকে ” আন্তৰ্জাতিক মহিলা দিৱস” হিচাবে গ্ৰহণ কৰিবলৈ সন্মতি জনায় আৰু তেতিয়াৰ পৰাই বিশ্বৰ সকলো দেশে এই ৮ মাৰ্চৰ দিনটো “আন্তৰ্জাতিক মহিলা দিৱস” হিচাবে পালন কৰি আহিছে। গতিকেই আমি সহজে অনুমান কৰিব পাৰো যে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাৰী সকলৰ সমঅধিকাৰ বা সমমৰ্যাদা, নাৰী স্বাধীনতা, শোষণ, নাৰীজনিত অপৰাধ ৰোধ কৰা লগতে নাৰী সুৰক্ষা আদি বিষয় বোৰৰ ওপৰত দৃষ্টিগোচৰ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত এই ৮ মাৰ্চৰ দিনটি “আন্তৰ্জাতিক মহিলা দিৱস” হিচাবে উদযাপন কৰা হয়। এক কথাত কবলৈ গলে এটা মহৎ উদেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘয়ো এই ৮ মাৰ্চৰ দিনটোকে “আন্তৰ্জাতিক মহিলা দিৱস” হিচাবে স্বীকৃতি দিছিল। এতিয়া কথা হল নাৰী সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ মাত্ৰ এটা বিশেষ দিন, এই ৮ মাৰ্চটোয়েই যথেষ্ট হয় জানো? অথবা এই নাৰী দিৱস পালন কৰিলেই জানো নাৰী সকলৰ সমস্যা সমাধান হব। মই ভাবো কেতিয়াও নহয়।WomensDay আমি দেখিবলৈ পাইছোঁ যে গোটেই বিশ্বত বিভিন্ন চৰকাৰী বা বেচৰকাৰী নাৰী সংগঠন বা সংস্থা আছে, যি সকলে নাৰী সুৰক্ষা বা নাৰী অধিকাৰৰ বাবে কাম কৰি আছে। তথাপি কিন্তু আমাৰ সমাজত নাৰী নিৰ্যাতন, নাৰী হত্যা, নাৰী অথবা কিশোৰী কন্যা অপহৰণ, ধৰ্ষণ লগতে আন আন নাৰীজনিত অপৰাধ আমাৰ চৌপাশে সদায় ঘটি আছে অথবা নাৰীজনিত অপৰাধ আমাৰ সমাজত ক্ৰমান্বয়ে বাঢ়িবলৈহে ধৰিছে। তৎস্বত্বেও কিন্তু আমাৰ দেশৰ মহিলাই আজি নিজৰ দক্ষতা আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সকলো ক্ষেত্ৰতে জিলিকিবলৈ সক্ষম হৈছে। আমাৰ মহিলাই আজি চিকিৎসক, উকীল, শিক্ষক, মন্ত্ৰী, সাংসদ, প্রশাসক, পুলিচ, ন্যায়াধীশ, ভাৰতীয় সামৰিক বাহিনী, পাইলট, বিজ্ঞানী আদি বৃত্তিত যোগদান কৰি ৰাষ্ট্ৰীয় নিৰ্মাণত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও বহু উদ্যোগী মহিলাই নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন আন মহিলাকো আত্মনিৰ্ভৰশীল হবলৈ প্ৰেৰণা যোগোৱাৰ লগতে নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ পথ প্ৰশস্ত কৰি তুলিছে। ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা পাটিল, বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈ নাৰীসমাজৰ নাম এক সুকীয়া স্থানত ৰাখিলে। এইয়া মাথোঁ এটা উদাহৰণহে। এনে বহু উদাহৰণ আছে, যাৰ বাবে আমি গৌৰৱ অনুভৱ কৰোঁ। ইয়াৰ উপৰিও আমাৰ সমাজত এনে বহু মহিলা বা নাৰী আছে যি সকলৰ ইতিবাচক কৰ্মই আমাৰ সমাজৰ বাবে সু-সংবাদ কঢ়িয়াই আনি সমাজখন সর্বাংগ সুন্দৰ কৰাত সহায় কৰিছে। এক কথাত কবলৈ গলে সাম্প্ৰতিক সময়ত আমাৰ দেশত নাৰী সৱলীকৰণৰ সূচনা হৈছে আৰু ইয়াৰ ফলত তেওঁলোকে দেশৰ সৰ্বাংগীন প্ৰগতিত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। গতিকে, এনে সাফল্য নাৰী বা মহিলা আমাৰ সকলোৰে বাবে সদায় আদৰ্শ হওক, প্ৰেৰণাৰ উৎস হওক লগতে তেওঁলোকৰ কৰ্মই আমাৰ সমাজখন, আমাৰ দেশখনৰ নাম বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হওক, তাকে কামনা কৰোঁ। ভাৰতবৰ্ষৰ ভূতপূর্ব ৰাষ্ট্ৰপতি ড: এ.পি. জে আব্দুল কালাম ডাঙৰীয়াই তেওঁৰ এখন গ্ৰন্থ, ” Indomitable Spirit” ৰ এটা লিখনিত লিখিছে, “When women are empowered, a society with stability assured. Gone are the days when women were considered subservient or secondary in almost all walks of life compared to men. It has now amply been proved that women are capable of executing any job as efficiently as men, if not more so.” ড: এ.পি. জে আব্দুল কালাম ডাঙৰীয়াৰ এই কথাষাৰিয়ে নিশ্চয়কৈ বর্তমান সময়ত যে মহিলা আৰু পুৰুষৰ মাজত কোনো পাৰ্থক্য নাই, সেই কথাকেই বুজাব বিচাৰিছে। আজিৰ এই সকল উজ্জ্বলিত মহিলাৰ চিন্তা ধাৰা, কাম কৰাৰ পদ্ধতি আৰু মূল্যবোধৰ বাবে পুৰুষৰ সৈতে সমানে খোজ মিলাবলৈ সক্ষম হৈছে যাৰ বাবে আমাৰ সমাজ ব্যৱস্থাৰ লগতে দেশৰ উন্নয়নৰ গতি খৰতকীয়া হৈ আমূল পৰিবৰ্তন হোৱা দেখা গৈছে। কিন্তু, দেখা গৈছে যিসময়ত আমাৰ নাৰীসকলে দেশৰ প্ৰগতি আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাইছে, ঠিক একে সময়তে আমাৰ সমাজৰ এচাম তথাকথিত ভদ্ৰ মহিলা বা নাৰীয়ে অবাধ স্বাধীনতাৰ ক্ষমতা পাণ কৰি সমাজ খন কলংকিত কৰি পেলাইছে। সাম্প্ৰতিক সময়ত সংঘটিত হৈ থকা ভালেমান অপৰাধত বহু মহিলা জড়িত হৈ থকাৰ প্ৰমাণ যে পোৱা গৈছে, সেই কথা বঢ়াই কোৱাৰ বোধকৰোঁ কোনো প্ৰয়োজন নাই। নাৰী তথা শিশু কন্যা অপহৰণ, ড্ৰাগছ সৰবৰাহ, হত্যা, ব্লেকমেইল কৰি ধন দাবী কৰা, চোৰ, চাইবাৰ ক্ৰাইম, বেশ্যা বৃত্তি, হনী ট্রেপিং আদিৰ দৰে জঘন্য অপৰাধত জড়িত হৈ এনে এচাম মহিলাই গোটেই নাৰী সমাজখনক অপমানিত কৰিছে। অলপতে গোটেই দেশজুৰি কঁপাই যোৱা বন্দনা কলিতাৰ পৰিকল্পনা অনুসৰি তেওঁৰ দুই সহযোগীৰ সৈতে মিলি নিজৰ শাহুৱেক আৰু স্বামীক হত্যা কৰাৰ পাছত দুয়োজনৰ মৃতদেহ টুকুৰা-টুকুৰ কৰি শ্বিলঙৰ “ডাউকি” পাহাৰৰ তলত পেলাই দিছিল। পাছত পুলিচৰ তদন্ত মতে শৰীৰৰ কিছু অংশ উদ্ধাৰ হৈছে যদিও, দুয়োজনৰ মূৰৰ কটা অংশ এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। বন্দনা কলিতাৰ স্বীকাৰোক্তি অনুসৰি জানিব পৰা গৈছে যে একমাত্ৰ টকা আৰু সম্পত্তিৰ লোভৰ বাবেই এই দুটা জঘন্য হত্যাকাণ্ড সংঘটিত কৰিলে। বিলাসী জীৱন আৰু উচ্চআকাংশাৰ বাবেই বন্দনাই কিদৰে নিজ শাহুৱেক আৰু স্বামীক এনে নৃশংসভাৱে হত্যা কৰিলে, সেই কথা বিশ্বাস কৰিবলৈ টান লাগে। সঁচাকৈয়ে, এনে বিকৃত মানসিকতা, উচ্চআকাংশাৰ বাবেই দুজন নিৰীহ লোকে নিজ পত্নী আৰু বোৱাৰী হাতত অকালতে প্ৰাণ দিব লগা হল। এই দুটা হত্যাকাণ্ডই আমাৰ বৌদ্ধিক সমাজখনলৈ কি বাৰ্তা দিছে, সেইয়া আমি ভালদৰে উপলব্ধি কৰিব পাৰিছো। আমি সকলোৱে একেমুখে এই ঘটনাৰ বাবে গৰিহণা আৰু ধিক্কাৰ জনাব লাগে আৰু লগতে দোষীক উপযুক্ত শাস্তিৰ বাবে দাবী তুলিব লাগে। যাতে এনে ঘটনা পুনৰাই আমাৰ সমাজত নঘটে। নহলে আমাৰ সমাজ খন এদিন নানান অপৰাধীৰে ভৰি পৰি সমাজখন কুলষিত কৰি পেলাব। গতিকে সময় থাকোতেই যদি আমি সকলোৱে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় নহওঁ, তেন্তে আমাৰ উঠি অহা প্ৰজন্ময়ো এনেবোৰ অপৰাধৰ প্ৰতি আকৃষ্ট হৈ সমাজলৈ এক দুৰ্নাম কঢ়িয়াই আনিব। ফলত সমাজখনত এক অস্থিৰ পৰিৱেশে যে বিৰাজ কৰিব, সেইটো খাটাং। আমি যদি উপৰোক্ত কথা সমূহ ভালদৰে বিশ্লেষণ কৰি চাওঁ তেন্তে দেখিম যে, আমাৰ এচাম নাৰীয়ে পুৰুষৰ দাসত্বৰ পৰা মুক্তি পাবৰ মুক্ত তিৰোতাৰ দৰে আচৰণ কৰিবলৈ লৈছে । এই সকল মহিলাই পুৰুষৰ সমানে ক্ষমতা আৰু অধিকাৰ বিচাৰি হাবাথুৰি খাইছে। অতি সহজে ধন, সম্পত্তি অর্জন কৰিবলৈ তেওঁলোকে আজিকালি যিকোনো কাম কৰিবলৈ কোনো কুন্ঠাবোধ নকৰে। তেঁওলোকে আজিকালি যেন মানৱতাকো ভেঙুচালি কৰে। শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ডাঙৰীয়াৰ এখন গ্ৰন্থ “বিশ্বপঠিক”ৰ এটি প্ৰবন্ধ “মুক্ত তিৰোতা”ৰ বিষয়ে বোধকৰোঁ বহুতেই পঢ়িছে। তথাপি মই আজি প্ৰায় ৪৭মান বছৰ আগতে অৰ্থাৎ ১৯৭৫ চনৰ ১৭ ডিচেম্বৰ তাৰিখে “সাপ্তাহিক নীলাচল” কাকতত প্ৰকাশ পোৱা সেই লিখনিটোৰ প্ৰাসংগিকতা বৰ্তমান সময়তো আছে বুলি মই ভাৱো। গতিকে, মই থুলমূলকৈ তাৰ বিষয়ে নিলিখি নোৱাৰিলোঁ। তেখেতে লিখিছিল–তিৰোতাৰ কেতবোৰ মৌলিক দাবী সম্পৰ্কে কোনো বিতৰ্কৰ অৱকাশ নাই। তিৰোতাৰ স্বতন্ত্ৰ ব্যক্তিত্ব স্বীকাৰ কৰি লবই লাগিব আৰু সেই ব্যক্তিত্বৰ বিকাশৰ কাৰণে পুৰুষৰ সৈতে সমানে সকলো সুযোগ তেওঁ পাবই লাগিব। তেওঁ পুৰুষৰ অধীন নহয়, জীৱনৰ কৰ্মক্ষেত্ৰত তেওঁ পুৰুষৰ সমান অধিকাৰ পাব লাগিব। পুৰুষ আৰু তিৰোতাৰ দোষ-গুণ জোখাৰ মাপকাঠি সদায় একেডালেই হব লাগিব। তাত কোনো বৈষম্যৰ স্থান থাকিব নোৱাৰিব। তেওঁ আৰু আন এঠাইত লিখিছে, নাৰী আন্দোলনৰ বহুতো অত্যুৎসাহী প্ৰৱক্তাৰ মতে Emancipated Women বা মুক্ত তিৰোতাৰ সংজ্ঞা ইমানতে সীমাবদ্ধ নহয়। এই তথাকথিত মুক্ত তিৰোতা সকলে পুৰুষ-তিৰোতাৰ মাজত থকা সকলো ব্যৱধান নিশ্চিহ্ন কৰি নিদিয়ালৈকে তেওঁলোক ক্ষান্ত হব নোখোজে। এইসকল লোকৰ মতে কাম চলিবলৈ হলে তিৰোতা এদিন সম্পূৰ্ণ মুক্ত হব, কিন্তু তেওঁ ‘তিৰোতা’ হৈ নাথাকিব। মানুহৰ কাৰণে ইয়াতকৈ বেছি ভয়ংকৰ দুৰ্দিন কল্পনাঃ কৰিব নোৱাৰি। যিদিনা পৃথিৱীৰ “মুক্ত তিৰোতা’ সকলৰ দৃষ্টিত প্ৰেম, মাতৃত্ব, মমতা, আদিৰ অনুভূতিবোৰ কেৱল উপহাসৰ বস্তু হব, সেইদিনা মানুহৰ কাৰণে পৃথিৱী মৰুভূমিত পৰিণত হব। আমি বিচাৰো যে তিৰোতাই চৰম আৰ্থিক আৰু সামাজিক মুক্তি লাভ কৰক, কিন্তু তেওঁ “তিৰোতা” হৈ থাকক। মুক্ত হোৱাৰ বা পুৰুষৰ সমান হোৱাৰ আগ্ৰহৰ অতিশৰ্যত নাৰীয়ে যদি তেওঁৰ নাৰীত্ব হেৰুৱায়, তেন্তে আটাইতকৈ ডাঙৰ সৰ্বনাশ হব তেওঁৰেই। কাৰণ প্ৰেম আৰু মাতৃত্বৰ বাহিৰে পৃথিৱীৰ বেছিভাগ তিৰোতাৰ কাৰণে জীৱনৰ আন কোনো সাৰ্থকতা নাই, থাকিব নোৱাৰে। হোমেন বৰগোহাঞি ডাঙৰীয়াই কথাখিনি আৰু ভালকৈ বুজাবলৈ ড° মূলকৰাজ আনন্দৰ, “হেৰুৱা লৰা’ নামৰ গল্প এটা কথা উল্লেখ কৰিছে। এদিন এটা সৰু লৰা দেউতাকৰ লগত এখন মেলালৈ গৈছিল। মেলাত সি যিমান বস্তু দেখে, প্ৰত্যেকটোকে লাগে। এনেতে হঠাৎ এবাৰ মানুহৰ ঠেলা-হেঁচাত বাপেক-পুতেক এৰা- এৰি হৈ গল আৰু কোনেও কাকো বিচাৰি নাপালে। লৰাটোৱে ‘দেউতা’, ‘দেউতা’ বুলি চিঞৰি কান্দিবলৈ ধৰিলে। তেতিয়া মেলাৰ মানুহবোৰে তাক ইটো-সিটো বস্তু দি নিচুকাবলৈ চেষ্টা কৰিলে। কিন্তু দেউতাক লগত থকালৈকে যি ল’ৰাক মেলাৰ অজস্ৰ বস্তুৰ বাহিৰে আন একোকে লগা নহৈছিল, এতিয়া দেউতাক কাষৰ পৰা নোহোৱা হোৱাৰ লগে লগে তাক দেউতাকৰ বাহিৰে আৰু একোকে নলগা হল। বহু যুগ ধৰি ন্যায়, সুবিচাৰ আৰু সমনাধিকাৰ পৰা বঞ্চিত তিৰোতাক আজি এইবোৰ বস্তুৰ বাহিৰে আন একোকে নালাগে। এই কথা তেওঁ নিশ্চয় কব পাৰে, কাৰণ তেওঁ এতিয়াও পুৰুষৰ কামনাৰ ধন হৈ আছে। কিন্তু, মুক্ত আৰু ‘পুৰুষৰ সমান’ হোৱাৰ আগ্ৰহৰ আতিশৰ্য্যাত যদি নিজৰ নাৰীত্বক ধবংস কৰি প্ৰেমৰ ৰহস্যময় দীপ্তি আৰু মাতৃত্বৰ স্বৰ্গীয় অনুভূতিক জীৱনৰ পৰা নিৰ্বাসিত কৰে, তেন্তে এদিন তেওঁ পুৰুষক হেৰুৱাব। সেইদিনা হয়তো ওপৰৰ গল্পটোৰ ল’ৰাটোৰ নিচিনাকৈ পুৰুষৰ বাহিৰে তিৰোতাক আন একো বস্তুকেই নলগা হব। অৱশ্যে ঠিক একে কথাই পুৰুষৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য। মুঠ কথা এই যে তিৰোতাই স্বাধীনতা আৰু সমানাধিকাৰ বিচাৰক, কিন্তু তাকে কৰিবলৈ যাওঁতে তেওঁ যেন মানসিক ভাৰসাম্য হেৰুৱাই নেপেলায়। গতিকে, মই ভাবো হোমেন বৰগোহাঞি ডাঙৰীয়াই সেই তেতিয়াই লিখা এই লেখাটোৰ প্ৰাসংগিকতা আৰু তাৎপৰ্য নিশ্চয়কৈ আছে।womens day celebration সেয়েহে এই লেখাটোৰ সাৰমৰ্ম যদি আমি সকলোৱে হৃদয়ঙ্গম কৰিব পাৰো, তেন্তে নিশ্চয়কৈ আমি আমাৰ মানসিকতা সলনি কৰিবলৈ কিছু হলে সক্ষম হম। তেতিয়া বোধকৰো স্বাধীনতাৰ সমানে সমানে আমি নিজৰ দায়িত্ব আৰু কর্তব্যখিনি ভালদৰে পালন কৰিব পাৰিম। এনে কৰিলে নিশ্চিত ভাৱে আমাৰ সমাজত অপৰাধ প্ৰৱণতা কিছু হলে হ্ৰাস পাব। গতিকে, আহকচোন আজি “আন্তৰ্জাতিক নাৰী দিৱস”ৰ দিনা আমাৰ নাৰী সমাজে এটা সংকল্প লওক যাতে মূল্যবোধৰ শিক্ষাৰে শিক্ষিত হৈ আমাৰ সমাজৰ প্ৰতি গৰাকী নাৰীয়ে যিকোনো অপৰাধ নাইকিয়া কৰিবলৈ আগভাগ লয় লগতে ৰাষ্ট্রীয় নিৰ্মাণত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি দেশৰ উন্নয়ন আৰু অগ্ৰগতিত সাফল্য কঢ়িয়াই বিশ্বদৰবাৰত আমাৰ দেশৰ নাম জিলিকি উঠিবলৈ সক্ষম হয়।

ঠিকনাঃ বৰবিল নং ২ ডিগবৈ, তিনিচুকীয়া ফোন: ৯৪৩৫০৩৫১৭৭

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More