নাৰেংগীত অসম চিকিৎসা সেৱা নিগমৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

0 19

গুৱাহাটী,৩১ আগষ্ট: গুৱাহাটীৰ নাৰেংগীত অসম চিকিৎসা সেৱা নিগম লিমিটেড (এএমএছচিএল)ৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহলৈ সময় মতে আৰু নিয়মীয়াকৈ ঔষধ-পাতিৰ যোগান ধৰিবলৈ প্ৰতিষ্ঠা কৰা ৰাজহুৱা খণ্ডৰ কোম্পানীটোৰ এই নতুন কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব তথা এ এম এছ চি এলৰ অধ্যক্ষ অবিনাশ যোশী আৰু পৰিচালন সঞ্চালক ডাঃ ৰবীন কুমাৰ, ড্ৰাগ প্ৰশাসন আৰু খাদ্য সুৰক্ষা আয়ুক্ত অভিজিত বৰুৱা, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অতিৰিক্ত সচিব মানস নাথ, যুটীয়া সচিব জ্যোস্না মেধি পাটগিৰি, ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ৰণবীৰ বৰা, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালিকা পমী বৰুৱা আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ বিভাষ গোস্বামী উপস্থিত থাকে। চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়কে ধৰি ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয়ত বিনামূলীয়া তথা অন্যান্য জৰুৰী ঔষধ-পাতিৰ নিয়মীয়া উপলব্ধতা সুনিশ্চিত কৰিব পৰাকৈ নিগমৰ এই নতুন কাৰ্যালয়ৰ পৰা চৰকাৰী ঔষধ-পাতি প্ৰেৰণ প্ৰক্ৰিয়া পৰিচালিত হ’ব। নিগমৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধনৰ পাছত সাংবাদিকৰ আগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে এ এম এছ চি এলৰ জৰিয়তে ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বাবে বিনামূলীয়া ঔষধৰ উপলবদ্ধতা সুনিশ্চিত কৰাৰ উপৰি ৰাজ্যৰ জনসাধাৰণে যাতে বজাৰ মূল্যতকৈ কম দামতে প্ৰয়োজনীয় ঔষধ-পাতি ক্ৰয় কৰিব পাৰে, তাৰ বাবে নিগমৰ অধীনত ফাৰ্মাচী মুকলি কৰাৰ বিষয়েও চিন্তা কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More