নিচি জনগোষ্ঠীৰ নিয়’কুম উলু উৎসৱ

0 97

WhatsApp Image 2023 02 26 at 7.16.57 PMঅৰুণাচলৰ দুইমুখত দেওবাৰে আয়োজিত নিচি জনগোষ্ঠীৰ নিয়’কুম উলু উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

দুইমুখ, ২৬ ফেব্ৰুৱাৰী : অৰুণাচলৰ প্ৰদেশৰ দুইমুখত আজি আয়োজিত নিচি জনগোষ্ঠীৰ পৰম্পৰাগত নিয়’কুম য়ুলু উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্য-পৰিয়াল কল্যাণ, বিজ্ঞান-প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই। দুইমুখৰ ৰণু গ্ৰাউণ্ডত দুইমোখ নিয়’কুম য়ুলু উৎসৱ আয়োজন সমিতিৰ উদ্যোগত আয়োজিত ৫৪ সংখ্যক নিয়’কুম উৎসৱৰ অনুষ্ঠানত ভাগ লৈ স্বাস্থ্য মন্ত্ৰী মহন্তই দুয়োখন ৰাজ্যৰ সাতামপুৰুষীয়া মধুৰ সম্পৰ্কক আগন্তুক দিনত আৰু অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে, অৰুণাচলৰ বৃহত্তম নিচি জনগোষ্ঠীয়ে প্ৰতি বছৰে ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ এই পৰম্পৰাগত কৃষিভিত্তিক লোক উৎসৱ পালন কৰি নিয়’কুম উয়ুচ নামৰ উপাস্য দৈৱিক শক্তিক সকলো মানুহৰে মংগল, সুখ-শান্তি আৰু সমৃদ্ধিৰ লগতে কৃষিভূমি শস্য শ্যামলা কৰি ৰাখিবলৈ আৰাধনা কৰা হয়। অনুষ্ঠানত মন্ত্ৰী মহন্তই কয়, ‘আজি নিচিসকলৰ এই পৰম্পৰাগত লোক উৎসৱত অংশগ্ৰহণ কৰিবলৈ পাই আপ্লুত হোৱাৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰময় বাৰে-ৰহনীয়া সাংস্কৃতিক ঐতিহ্যকলৈ পুনৰবাৰ গৌৰৱবোধ কৰাৰ সুযোগ পালো৷ অৰুণাচলবাসীয়ে দঞি-প’ল’ অৰ্থাৎ সূৰ্য-চন্দ্ৰক আৰাধ্য দেৱতা হিচাপে মানি আহিছে আৰু এই অৰুণাচলতে দেশৰ ভিতৰত প্ৰথমে উদয় হয় সূৰ্য দেৱতাৰ। সেইফালৰ পৰা অৰুণাচল হৈছে ভাৰতৰ সবাতোকৈ পৱিত্ৰ ৰাজ্য।’ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ যুগজয়ী গীত ‘ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ’ৰো উদ্ধৃতি দি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অৰুণাচল অসম-অৰুণাচল দুয়োখন ৰাজ্যৰ জনসাধাৰণ আগৰে পৰাই সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোনেৰে বান্ধ খাই আছে বুলি দোহাৰে। এই সম্পৰ্কক আগুৱাই নিবলৈ অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰেমা খাণ্ডুৰ বিশেষ উদ্যোগত দুয়োখন চৰকাৰে প্ৰয়াস চলাইছে বুলিও তেওঁ দোহাৰে। ৰাজ্য দুখনৰ মাজৰ সীমাৰ জটিলতা পাৰস্পৰিক বুজাবুজিৰ মাজেৰে অতি শীঘ্ৰে সমাধান হ’বলৈ আগবঢ়া বুলিও অনুষ্ঠানত মন্ত্ৰী মহন্তই প্ৰকাশ কৰে। উল্লেখ্য যে, দুইমুখৰ ৰণু গ্ৰাউণ্ডত দুইমুখ নিয়’কুম য়ুলু উৎসৱ আয়োজন সমিতিয়ে ১৯৬৯ চনৰ পৰা অনুষ্ঠিত কৰি অহা নিয়’কুম য়ুলু উৎসৱে এইবছৰ চৌৱন্ন বছৰ সম্পূৰ্ণ কৰিলে৷ আজিৰ অনুষ্ঠানত অৰুণাচলৰ দুইমুখ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ পৃষ্ঠপোষক টানা হালি টাৰা, কানুবাৰী সমষ্টিৰ বিধায়ক গেব্ৰিয়েল ডি ৱাংচু, নিচি ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰেল ছ’চাইটীৰ সভাপতি আৰ টি তাৰা, উদযাপন সমিতিৰ সভাপতি টি টি তাৰা, সাধাৰণ সম্পাদক য়ুবা ছন, পাপুমপাৰে জিলাৰ অতিৰিক্ত উপায়ুক্ত তাবাং ব’ডোং আৰু দুইমুখৰ মহকুমাধিপতি য়াহু নাবামেও অংশগ্ৰহণ কৰে। লোক বিশ্বাস অনুসৰি অতীজত নিচি জনগোষ্ঠীৰ আদি পুৰুষ আটু নিয়া টানিক দুই অশৰীৰী আত্মা শিবু আৰু য়াবুয়ে অত্যাচাৰ কৰাত তেওঁৰ চকুৰ দৃষ্টি শক্তি লোপ পাইছিল আৰু সমস্ত খেতি-বাতি নষ্ট হৈছিল৷ তেতিয়া পুৰোহিত নিবোচৰ পৰামৰ্শ অনুসৰি আবু নিয়া টানিয়ে নিয়’কুম উয়ুচক পূজা আৰাধনা কৰাত দৃষ্টি শক্তি ঘূৰাই পোৱাৰ লগতে খেতি- বাতিও পুনৰ ভাল হ’বলৈ লয়। তেতিয়াৰ পৰাই নিচি জনগোষ্ঠীৰ মাজত প্ৰতি বছৰে নতুন ঝুম খেতিৰ প্ৰাক-কালত নিয়’কুম য়ুলু পালনৰ পৰম্পৰা শুভাৰম্ভ হৈছিল ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More