নিজৰ প্রজাতিৰ গান পাহৰিছে চৰায়ে

0 25

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জুন : আগতে পুৱাই উঠিলে শুনা যায় পখীৰ গান। এতিয়াও শুনিবলৈ পোৱা যায় অৱশ্যে; কিন্তু সকলোতে নহয়। ‘প্রচিডিংছ অব দ্য ৰয়েল ছচাইটি বি’ জার্নালত প্রকাশিত এক সমীক্ষা অনুসৰি, কিছু পুৰুষ চৰাই, যিবোৰ বিপন্ন প্রজাতিৰ অন্তর্গত, সেইবোৰে পূর্বপুৰুষৰ লগতে নিজৰো গান গোৱাৰ ক্ষমতা অলপ হ’লেও হেৰুৱাই পেলাইছে। ‘ৰিজেন্ট হানিটাৰ’ নামেৰে পৰিচিত এটা প্রজাতিৰ চৰাইৰ গান গোৱাৰ দক্ষতা এটা দশক পর্যবেক্ষণ কৰাৰ পিছত গৱেষকসকল এই সিদ্ধান্তত উপনীত হৈছে। এই চৰাইবিধ ইতিমধ্যেই বিলুপ্তপ্রায় শ্রেণীৰ অন্তর্ভুক্ত। সমীক্ষাত কোৱা হৈছে যে, যিবোৰ স্থানত এইবিধ চৰাইৰ সংখ্যা কম, সেইবোৰ ঠাইত নৱাগত চৰাইবোৰে নিজৰ প্রজাতিৰ গানৰ লগত পৰিচিত নহয়। সিহঁতৰ প্রজাতি আৰু বাকীবোৰে কিদৰে গানৰ মাধ্যমেৰে লগৰীয়াবোৰক ওচৰলৈ মাতে, সেই শিক্ষাও পোৱা নাই সিহঁতবোৰে। ইয়াৰ মানে এইটো নহয় যে, একেবাৰেই সিহঁতৰ কণ্ঠৰ পৰা সুৰ বাহিৰ হোৱা নাই। অৱশ্যে সময়ৰ লগে লগে নিজৰ মাক-বাপেক আৰু অন্য চৰাইৰ পৰা যি অভিজ্ঞতা সিহঁতে লাভ কৰে, তাত বাধা পৰিছে। সিহঁতে ভিন ভিন প্রজাতিৰ চৰাইৰ সুৰত গান গাইছে। এনেদৰেই চলি থাকিলে এই প্রজাতিৰ সংখ্যা নগণ্য হৈ যাবলৈ পলম নাই, এনেদৰেই আশঙ্কা কৰা হৈছে। কাৰণ নিজৰ প্রজাতিৰ সেই বিশেষ গান গায়েই এই ধৰণৰ চৰাইবৈৰে সঙ্গীক আকৃষ্ট কৰে। সেইবোৰ পুৰুষ চৰায়ে নিজৰ প্রজাতিৰ গান গাবলৈ অক্ষম হোৱাৰ ফলত স্ত্ৰী চৰাইবোৰ আকৃষ্ট হোৱা নাই। ফলত সিহঁতৰ প্রজনন প্রক্রিয়াত ইয়াৰ বিৰাট প্রভাৱ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More