নিবনুৱালৈ প্ৰশিক্ষণৰ জড়িয়তে নিয়োজনৰ সুবিধা

0 17

শতাব্দ, উত্তৰ লখিমপুৰ,১৪ জুনঃ অতিথ্য খণ্ডত নিয়োজনেৰে নিজকে প্ৰতিষ্ঠিত কৰাৰ বাবে ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে অসম দক্ষতা উন্নয়ন অভিযানৰ অধীনস্থ উত্তৰ পূব দক্ষতা উন্নয়ন কেন্দ্রই লৈ আহিছে সুখবৰ। এই কেন্দ্রত ফুড এন্ড বেভাৰেজ (১২০ খন আসন), হাউচ কিপিং (৮০খন আসন), ৰিটেইল চাৰ্ভিচ (১২০খন আসন) আৰু বিউটি ৱেলনেছ (৮০খন আসন)ৰ দৰে বৃত্তিমুখী প্ৰশিক্ষণত নামভত্তি কৰি যুৱক -যুবতী সকলে নিজকে অতিথ্য খণ্ডত নিয়োজিত কৰি সংস্থাপনৰ পথ প্ৰশস্ত কৰিব পাৰে । মুঠ ৪০০ খন আসনৰ ভিতৰত ২০০খন আসন অনুসূচীত জাতিৰ প্রার্থীৰ বাবে সংৰক্ষিত । পি এম-এ জে এ ৱাই(পি এম-অজয়) আঁচনিৰ দ্বাৰা এই সংৰক্ষিত আসন কেইখনৰ পৃষ্ঠপোষকতা কৰা হৈছে । প্ৰার্থী সকলৰ বয়সৰ সীমা ১৭ বছৰৰ পৰা ২৫ বছৰ ভিতৰত হ’ব লাগিব। লক্ষীমপুৰ জিলাৰ পৰা সংৰক্ষিত আসনৰ বাবে মুঠ ২০ গৰাকী আৰু সাধাৰণ শ্ৰেণীৰ পৰা মুঠ ১০ গৰাকী প্রার্থীয়ে নামভর্তিৰ সুবিধা লাভ কৰিব । অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ সুবিধা আছে ।সাধাৰণ শ্ৰেণীৰ প্রার্থীয়ে ন্যূনতম মাচুল ভৰিব লাগিব । শিক্ষাগত অর্থতা দ্বাদশ শ্ৰেণী উৰ্ত্তীণ হ’ব লাগিব। ইচ্ছুক প্রার্থীয়ে পঞ্জীয়ন ৰ বাবে www.skillmission.assam.gov.in দৰ্শন কৰিব পাৰে ।লক্ষীমপুৰ জিলাৰ প্ৰাথীসকলে সৱিশেষ জনাৰ বাবে অসম দক্ষতা উন্নয়ন অভিযানৰ লক্ষীমপুৰ জিলাৰ প্ৰকল্প বিষয়া(প্ৰশিক্ষণ)ৰ লগত যোগাযোগ কৰিব পাৰে। তেখেতৰ ভ্ৰাম্যভাষ নম্বৰ হ’ল -৮৬৩৮৯৮২০৭৬। লগতে জিলা নিয়োগ বিষয়াৰ লগতো যোগাযোগ কৰিব পাৰে।
আনহাতে আতিথ্য খণ্ডত কৰ্মজীৱন গঢ়িব বিচৰা যুৱক-যুৱতী সকলে গুৱাহাটীৰ সমীপৰ সোণাপুৰ -তেতেলীয়াস্হিত টাটা ষ্ট্ৰাইভৰ চেণ্টাৰ অব এক্সিলেঞ্চত বিভিন্ন পাঠ্যক্ৰমত প্ৰশিক্ষণ ল’ব পাৰে।হ্ৰস্বকালীন এই পাঠ্যক্ৰম সমূহ যথাক্ৰমে -ফুড এণ্ড বেভাৰেজ,ফ্ৰণ্ট অফিচ এচ’ছিয়েট,কমি চেফ, স্পা থেৰাপীষ্ট,হাউচ কিপিং অ’পাৰেচন ইত্যাদি। অন্তৰ্ভূক্তিৰ ন্যূনতম অৰ্হতা হ’ল পাঠ্যক্ৰম অনুসৰি দশম শ্ৰেণী বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু বয়সৰ সীমা হ’ল ১৮ৰপৰা ৩২বছৰ। প্ৰশিক্ষণৰ বাবে ন্যূনতম মাচুলৰ প্ৰয়োজন। সৱিশেষ তথ্যৰ বাবে ৯১০১৭২২০৩০আৰু৭৫৭৬০৪৯৯০১ভ্ৰাম্যভাষ নম্বৰ বা অসম দক্ষতা উন্নয়ন অভিযানৰ লক্ষীমপুৰ জিলাৰ প্ৰকল্প বিষয়া (প্ৰশিক্ষণ)ৰ লগত যোগাযোগ কৰিব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More