নিয়মিত চেনি খায় আপুনি?

এই অভ্যাসে কৰে ছালৰ গুৰুতৰ ক্ষতি

0 64
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুনঃ বিভিন্ন সময়ত বিশেষজ্ঞসকলে কয় যে, ওজন কমাবলৈ বা সুস্বাস্থ্য ৰক্ষাৰ বাবে চেনি সদায় নিষিদ্ধ। ইফালে চেনিবিহীন চাহ বা মিঠাই অবিহনে খাদ্য খোৱাটো অতি কঠিন। সেইবাবেই সকলোৱে চেনি খায়। আৰু এই কথা পাহৰি থাকে যে, একাধিক ৰোগে দেহত ঘৰ সাজিবলৈ ধৰিছে। অত্যধিক হওক বা নহওক, চেনি খোৱাটো শৰীৰৰ বাবে একেবাৰেই স্বাস্থ্যকৰ নহয়। ইফালে চেনি অবিহনে বহুতে ৰন্ধা-বঢ়া বা চাহ খোৱাৰ কথা ভাবিব নোৱাৰে। বহুতে একেবাৰে এৰিব নোৱাৰি সামান্য পৰিমাণে হ’লেও চেনি খায়। কিন্তু নিয়মিত চেনি খালে কেৱল শৰীৰেই নহয়, ছালখনো যথেষ্ট ক্ষতিগ্ৰস্ত হয়। চেনি খালে ছালৰ কি কি ক্ষতি হয় আজিয়েই জানি লওক।
* কি কি ক্ষতি হয়?
বৰ্তমান সময়ত হোৱা ছালৰ সমস্যাসমূহৰ ভিতৰত ব্ৰণ অন্যতম। এই ব্ৰণৰ সমস্যাত বহু লোক ভোগে। গৰম হ’লে মুখত ফোহা ওলায়। এই সমস্যা শীতকালৰ বাহিৰে সকলো ঋতুতে থাকে। আপুনি জানেনে যে চেনি খালে ব্ৰণ হয়? এই কথা বহুতে নাজানে। চেনিত থকা একাধিক উপাদানে ব্ৰণৰ সৃষ্টি কৰে। ইফালে বহুতে চেনি স্ক্ৰাবাৰ হিচাপে ব্যৱহাৰ কৰে। বিশেষজ্ঞসকলৰ মতে, ছালৰ যত্নত চেনি ব্যৱহাৰ কৰিব পাৰি। ই ছালৰ পৰা মলি সহজে আঁতৰাই পেলায়। কিন্তু, চেনি নাখাব। ইয়াৰ ফলত ছালৰ সমস্যা হ’ব পাৰে। যিসকলে অধিক চেনি খায়, তেওঁলোকৰ ছালত বয়সৰ ফলত সহজে প্ৰভাৱ পৰে। বাৰ্ধক্যৰ কাৰণ হ’ল চেনি। চেনিত অধিক পৰিমাণে গ্লাইচেমিক থাকে। যাৰ বাবে বলিৰেখা সহজে মুখত দেখা দিয়ে। গতিকে যিমান পাৰে চেনি কমকৈ খাব লাগে। চেনি খোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ চেষ্টা কৰক। চেনিৰ ফলত হোৱা এটা ছালৰ সমস্যা হৈছে একজিমা। চেনি খালে এই সমস্যা আৰু বেছি ভয়াৱহ হৈ পৰে। ইয়াত থকা একাধিক উপাদানে ছালৰ সমস্যা বৃদ্ধি কৰে। গতিকে এতিয়াৰ পৰা যিমান পাৰে চেনি কমকৈ খাওক। চেনিৰ সলনি মৌ খাব পাৰে। মৌৰে চাহ বনাব পাৰি। চেনি অবিহনে বেছিভাগেই চাহ খাব নোৱাৰে। কিন্তু, যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে প্ৰথমে এই অভ্যাস ত্যাগ কৰক। চেনিৰ সলনি মৌৰে চাহ কৰক। অৱশ্যে চেনিৰ সলনি গুড় খাব পাৰে। কিন্তু চেনি খোৱা বন্ধ কৰক। কেৱল শৰীৰেই নহয় আপোনাৰ ছালখনো চেনিৰ বাবেই ক্ষতিগ্ৰস্ত হৈছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More