নিশাটোৰ ভিতৰতে অৰুণাচলীয়ে অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ পথত খান্দিলে বৃহৎ বৃহৎ গাঁত

উচ্ছেদ অভিযান চলাবলৈ গৈ উভতি আহিল শ শ নিৰাপত্তাৰক্ষীসহ লখিমপুৰ প্ৰশাসন

0 21
  •  পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত ৰামপুৰ বগীবিলত থমকি ৰ’ল লখিমপুৰ প্ৰশাসন
  • অসমৰ বুলডজাৰৰ সন্মুখত শুই পৰিল অৰুণাচলী
  • অৰুণাচলীৰ ধমক, গালি গালাজত উভতি আহিল অসমৰ বিশাল আৰক্ষী-বন বাহিনী
  • মহিলা আৰক্ষীক অভব্য আচৰণ, অসম পুলিচ গ’ বেক ধবনি অৰুণাচলীৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৬ জুনঃ অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন ৰোধ কৰিবলৈ গৈ আজি অসম আৰক্ষীৰ লগতে লখিমপুৰ প্ৰশাসনৰ বৃহৎ বাহিনী থমকি ৰোৱা কাৰ্যই সীমান্তৱৰ্তী অঞ্চলটোত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ অৰুণাচলীৰ অবৈধ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ গৈ আজি লখিমপুৰ প্ৰশাসন উভতি অহা কাৰ্যই সকলোকে লজ্জানত কৰিছে৷ স্মৰ্তব্য যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগত সীমান্ত চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতো একাংশ অৰুণাচলীয়ে তেওঁলোকৰ প্ৰশাসনৰ সহযোগত এতিয়াও আগ্ৰাসন চলাই আছে৷ বিশেষকৈ অসম তথা লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত বনাঞ্চলৰ ভূমি বেদখল কৰি অৰুণাচলীয়ে পকীপথ নিৰ্মাণ কৰা লগতে শেহতীয়াকৈ বনাঞ্চলৰ গছ-গছনি তহিলং কৰি ৰামপুৰ বগীবিল বন খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত ২ নং বেলবস্তিত এক’লেণ্ড নিৰ্মাণৰ কাম অব্যাহত ৰাখে৷ অৰুণাচলৰ ‘ল’কাম তাল’ নামৰ লোকজনে এই এক’লেণ্ড নিৰ্মাণ কৰাৰ বিষয়ে সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰাৰ পিছত আজি লখিমপুৰৰ এটা বৃহৎ আৰক্ষী বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু লখিমপুৰ প্ৰশাসনৰ বৃহৎ বাহিনীয়ে পুৱা ৫ বজাৰ পৰা উচ্ছেদ অভিযান চলোৱাৰ উদ্দেশ্যে সীমান্ত অঞ্চলত সষ্টম হৈ ৰয়৷ ইফালে নিশাটোৰ ভিতৰতে অৰুণাচলীয়ে ২ নং বেলবস্তিৰ এক’লেণ্ড নিৰ্মাণ স্থলীলৈ যোৱা পথ সমূহত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁত খান্দি অসমৰ বৃহৎ বাহিনীক বাধা দিয়াৰ চেষ্টা কৰে৷ লখিমপুৰ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত শ শ আৰক্ষী বাহিনী, কামাণ্ডো বেটেলিয়ান, বন বিষয়া-কৰ্মচাৰী আদিয়ে গাঁতসমূহ পুতি আগুৱাই যাবলৈ চেষ্টা কৰে যদিও কেৱল ১০-১২জন অৰুণাচলী লোক জেচিবিৰ সন্মুখত শুই পৰি উচ্ছেদ স্থলীলৈ যোৱাত বাধা প্ৰদান কৰে৷ অৰুণাচলী লোকসকলে অসমৰ এগৰাকী মহিলা আৰক্ষী বিষয়াক অভব্য আচৰণ কৰাৰ লগতে অতি কটু ভাষাৰে অসম আৰক্ষীক গালি গালাজ পাৰি আগুৱাই নাযাবলৈ ভাবুকি প্ৰদান কৰে৷ পুৱা ৫ বজাৰ পৰা উচ্ছেদস্থলীৰ সমীপত সষ্টম হৈ থকা দুখন জেচিবিৰ লগতে লখিমপুৰ প্ৰশাসনৰ প্ৰায় পাঁচ শতাধিক নিৰাপত্তাৰক্ষী বিয়লি পাঁচ বজা পৰ্যন্ত উচ্ছেদ স্থলীৰ আশে পাশে অৱস্থান কৰি উচ্ছেদ স্থলীলৈ আগুৱাই যোৱাৰ ক্ষেত্ৰত থমকি ৰ’ব লগা হয়৷ লক্ষণীয় কথা যে আজি উচ্ছেদস্থলীৰ সমীপত জিলা বন সংমণ্ডল প্ৰাধিকাৰী অশোক দেৱচৌধুৰী, নাওবৈচা ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰা, উপ-আৰক্ষী অধীক্ষক দেৱেন বৰা, সহকাৰী বন সংৰক্ষক আশুতোষ দাস, হাৰমতী আঞ্চলিক বন বিষয়া গুণজিৎ তালুকদাৰ আদি উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে যদিও উচ্ছেদ অভিযান চলাবলৈ গৈয়ো অৰুণাচলীৰ ভাবুকিত তেওঁলোক থমকি ৰ’ব লগা হ’ল৷ লক্ষণীয় কথা যে বিগত কিছুদিনৰ পৰা অৰুণাচলীয়ে আগ্ৰাসন নীতি গ্ৰহণ কৰি ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি সংৰক্ষিত বনাঞ্চলৰ ভূমি সংকুচিত কৰি আহিছে৷ অৰুণাচল প্ৰশাসনৰ পূৰ্ণ সহযোগতে অৰুণাচলীয়ে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত গছ বন কাটি তহিলং কৰি ঘৰ দুৱাৰ, শিক্ষানুষ্ঠান, পানী যোগান আঁচনি আদি নিৰ্মাণ কৰাৰ লগতে শেহতীয়াকৈ এক’লেণ্ড নিৰ্মাণৰ বাবে কেবা হেক্টৰ ভূমি বেদখল কৰি নিৰ্মাণ কাৰ্য চলায়৷ ইয়াৰ পূৰ্বেও ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অৰুণাচল প্ৰশাসনে কিমিনৰ পৰা দুলুংমুখলৈ প্ৰায় ৬ কিলোমিটাৰ দৈঘ্যৰ্ৰ এটা পকী পথ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি উলিয়ায়৷ পৰিতাপৰ কথা যে ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত তথা অসমৰ ৰামপুৰ বগীবিল খণ্ড বন কাৰ্যালয়ৰ নিচেই সমীপত শেহতীয়াকৈ লকাম তালুৱে কেনেদৰে এক’লেণ্ড নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰিলে তাক লৈ স্থানীয় ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেইদিনমানৰ পূৰ্বে নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামপুৰ বগীবিলৰ একাংশ সচেতন লোকে লখিমপুৰৰ জিলা আয়ুক্তক উক্ত অবৈধ নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰাৰ লগতে ছপা মাধ্যমৰ সাংবাদিক সকলে ঘটনাস্থলীলৈ গৈ স্ব-জমিন পৰ্যবেক্ষণ কৰি বাতৰি প্ৰকাশ কৰাৰ পিছত লখিমপুৰ প্ৰশাসনৰ গা লৰে৷ দুদিন পূৰ্বে নাওবৈচা ৰাজহ চক্ৰ বিষয়া আৰু হাৰমতী আঞ্চলিক বন বিষয়া সীমান্তত উপস্থিত হোৱাৰ সময়ত দুয়োকে অৰুণাচলীয়ে দা, লাঠি লৈ হাত কাটি দিয়াৰ লগতে শিলগুটি দলিয়াই আক্ৰমণ কৰে৷ অৰুণাচলীয়ে আনকি তেওঁলোকৰ ম’বাইলৰ ফটো ডিলিট কৰিবলৈয়ো বাধ্য কৰায়৷ ইয়াৰ পিছতে জিলা আয়ুক্তৰ কক্ষত বিষয়াদ্বয়ক লৈ এখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছত মঙ্গলবাৰে সেই স্থানত লখিমপুৰৰ এজন উপ-আৰক্ষী অধীক্ষক, সহকাৰী বন সংৰক্ষক, হাৰমতী আঞ্চলিক বন বিষয়া আৰু নাওবৈচা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ অবৈধ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰে৷ মঙ্গলবাৰে উক্ত স্থানত অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ এজন অতিৰিক্ত আয়ুক্তয়ো লখিমপুৰ প্ৰশাসনৰ বিষয়াসকলৰ লগত মিলিত হয়৷ সেই সময়ত অৰুণাচলৰ অতিৰিক্ত আয়ুক্তজনে লখিমপুৰ প্ৰশাসনৰ বিষয়াসকলক এক’লেণ্ড নিৰ্মাণ সন্দৰ্ভত ৭ দিনৰ সময় বিচাৰে৷ ইয়াৰ পিছতে বুধবাৰে লখিমপুৰ প্ৰশাসনৰ বৃহৎ বাহিনীয়ে সেই স্থানত গৈ উচ্ছেদ অভিযান চলোৱাৰ পৰিকল্পনা কৰি পুৱা ৫ বজাৰ পৰা সষ্টম হৈ থাকে যদিও অৱশেষত সন্ধিয়া পৰ্যন্ত বিফল হৈ অহা বাটে ঘূৰি আহিব লগা হয়৷ এই কথাই সমগ্ৰ লখিমপুৰ জিলাৰ লগতে সীমান্তৱৰ্তী ৰামপুৰ ৰাজগড় অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ইফালে আজি এই দিনযোৰা শ্বাসৰূদ্ধকৰ পৰিস্থিতিৰ অন্তত সন্ধিয়া ৭বজাত অৰুণাচল প্ৰশাসন আৰু লখিমপুৰ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ মাজত অৰুণাচলত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ উক্ত বৈঠকত বিষয়টো আলোচনাৰ অন্তত অৰুণাচল প্ৰশাসনে নিজে অসমৰ ভূমিত অৰুণাচলী লোকে নিৰ্মাণ কৰা এক’লেণ্ডৰ নিৰ্মাণ কাৰ্য ভাঙি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More