নিশা অৰুণাচলী বন্দুকধাৰীয়ে পাৱাৰ শ্ব’ মেচিনেৰে কাটি নিয়ে লখিমপুৰৰ বনাঞ্চলৰ বৃহৎ বৃহৎ গছ

নীৰৱ দৰ্শকৰ ভূমিকাত ঢাল-তৰোৱাল বিহীন বনকৰ্মী

0 77

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ ডিচেম্বৰঃ লখিমপুৰ জিলা বন সংমণ্ডলৰ অন্তৰ্গত তথা জহিং খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ বনাঞ্চল সমূহত এতিয়া চোৰাং কাঠ ব্যৱসায়ীৰ দৌৰাত্ম্য বৃদ্ধি পাব ধৰিছে৷ এনে চোৰাং কাঠ ব্যৱসায়িক বাধা দিয়াত বনকৰ্মীয়ে চূড়ান্ত ভাৱে ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে৷ এই কথা নিজেই ব্যক্ত কৰে জহিং বন খণ্ডৰ বনকৰ্মীয়ে৷ বন্দুকধাৰী দুবৃৰ্ত্তই নিশা গছ কাটি নিয়াৰ খবৰ লাভ কৰিলেও তেওঁলোকে তেনে কাৰ্য ৰোধ কৰাত অসহায় হৈ পৰে বুলি ব্যক্ত কৰে৷ উল্লেখ্য যে অসম অৰুণাচল সীমান্তৱৰ্তী জহিং বন খণ্ডৰ অন্তৰ্গত বিশেষকৈ জহিং চাহ বাগিচাৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত থকা অসমৰ ঘন জংঘলত অৰুণাচলী দুবৃৰ্ত্ত তথা চোৰাং কাঠ ব্যৱসায়ীয়ে প্ৰায়ে দৌৰাত্ম্য চলাই আহিছে৷ অসমৰ বনকৰ্মীয়ে ব্যক্ত কৰে যে অৰুণাচলৰ দুবৃৰ্ত্তই প্ৰায়ে হাতত বন্দুক লৈ নিশা পাৱাৰ শ্ব’ মেচিনেৰে অসমৰ বনাঞ্চল ধবংস কৰি আহিছে৷ দুবৃৰ্ত্তই বৃহৎ বৃহৎ গছসমূহ কাটি বগৰাই পেলোৱাৰ পিছত সেই স্থানতে পাৱাৰ শ্ব’ মেচিনেৰে কুণ্ডাসমূহ ফালি সেইবোৰ নিজৰ স্থানলৈ নি বিক্ৰী কৰি আহিছে৷ যাৰবাবে এতিয়া অসমৰ বনাঞ্চলত গছ-গছনি উদং হৈ পৰিছে৷ জহিং বনখণ্ডৰ বন কৰ্মচাৰীসকলৰ লগতে লখিমপুৰৰ পৰা যোৱা বন সুৰক্ষা বাহিনীৰ এটা দলে অৰুণাচলী দুৰ্বৃত্তই সঘনাই গছ কাটি নিয়া কেকোঁৰা নলা বনাঞ্চল পৰিদৰ্শন কৰাৰ লগতে একাংশ ফলাকাঠ জব্দ কৰিবলৈ সক্ষম হয়৷IMG 20221210 WA0014 বনকৰ্মীসকলে জহিঙৰ উক্ত স্থানত উপস্থিত হৈ দুবৃৰ্ত্তই কাটি নিয়া বৃহৎ গছৰ থাকি যোৱা অৱশিষ্ট জব্দ কৰাৰ লগতে অৰুণাচলীয়ে কেকোঁৰা নলাৰ পূৱ আৰু পশ্চিম দিশে অসমৰ কেবা হেক্টৰ বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰা দৃশ্য প্ৰত্যক্ষ কৰে৷ অৱশ্যে মাজে সময়ে জহিং বন খণ্ডই দুবৃৰ্ত্তই কাটি এৰি থৈ যোৱা গছৰ কিছু সংখ্যক কুণ্ডা জব্দ কৰি আহিছে৷ অসম-অৰুণাচলৰ মাজত চলি থকা সীমা সমস্যা সমাধানৰ গইনা লৈ একাংশ অৰুণাচলী দুবৃৰ্ত্তই এনে দুষ্কাৰ্য সংঘটিত কৰি অহা বুলি তেওঁলোকে জানিবলৈ দিয়ে৷ তদুপৰি হাতত কোনো বন্দুক-বাৰুদ নথকা অসমৰ বনকৰ্মীসকলে অৰুণাচলৰ বন্দুকধাৰী চোৰাং কাঠ ব্যৱসায়িক বাধা দিয়াত সমস্যাৰ সৃষ্টি হৈ আহিছে বুলিও কয়৷ কিছুদিনৰ পূৰ্বে একেটা বন খণ্ডৰ অন্তৰ্গত শলখবাৰীতো অৰুণাচলীয়ে গছ কটা কাৰ্যক লৈ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছিল আৰু পৰৱৰ্তী সময়ত দুয়োখন ৰাজ্যৰ স্থানীয় চক্ৰ বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল যদিও পুনৰ কেকোঁৰা নলাত অনুৰূপ পৰিস্থিতিৰ সূচনা হৈছে৷ দুবৃৰ্ত্তই অসমৰ বনাঞ্চলত থকা অতি মূল্যবান শলখ, বগীপমা, গমাৰি, গেন্ধেলী পমা, বৰপাত আদি গছসমূহ কাটি তহিলং কৰি আহিছে যদিও লখিমপুৰ জিলা প্ৰশাসন অথবা অসম চৰকাৰে এনে কাৰ্য ৰোধ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে৷ সীমান্তৰ বনখণ্ড সমূহত অত্যাধুনিক বন্দুকধাৰী বন সুৰক্ষা কৰ্মী অথবা বন কৰ্মী নিয়োগ কৰাৰ ব্যৱস্থা কৰিলে এনে পৰিস্থিতি কিছু সমাধান হোৱাৰ আশা আছে বুলি স্থানীয় সচেতন ৰাইজে মন্তব্য কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More