নিষিক্ত ডিম্বাণু-শুক্ৰাণু অবিহনেই সৃষ্টি কৰা হ’ল বিশ্বৰ প্ৰথমটো ভ্ৰূণ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ আগষ্ট : ইজৰাইলৰ ইউচেমান ইনষ্টিটিউট অৱ চাইন্সৰ বিজ্ঞানীসকলে এট অসম্ভৱ কাম সম্ভৱ কৰি তুলিলে। পিতৃ-মাতৃ বা নিষিক্ত ডিম্বাণু আৰু শুক্ৰাণু অবিহনেই এটা ভ্ৰূণ সৃষ্টি কৰিলে তেওঁলোকে। ‘সহায়ক প্ৰজনন প্ৰযুক্তি’ ব্যৱহাৰ কৰি কেৱল নিষিক্ত ডিম্বাণু-শুক্ৰাণু নথকা কোষৰ পৰাহে বিশ্বৰ প্ৰথম ভ্ৰূণ সৃষ্টি কৰা হয়। ইজৰাইলৰ ৱেইজমেন বিজ্ঞান প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে অৱশেষত তেওঁলোকৰ দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ ফল লাভ কৰিলে। সমগ্ৰ অধ্যয়নটোৰ সবিশেষ প্ৰকাশ পাইছে বিজ্ঞান আলোচনী Cellত। বিজ্ঞানীসকলে কৈছে যে তেওঁলোকে কেৱল কোষৰ পৰাই নিগনিৰ ভ্ৰূণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে, নিষিক্ত ডিম্বাণুটো শুক্ৰাণুৰ দ্বাৰা নিষিক্ত নোহোৱাকৈ। কিন্তু ভ্ৰূণ সৃষ্টি মানেই জীৱন সৃষ্টি নহয়। ভ্ৰূণৰ পৰা জীৱনলৈকে এতিয়াও এটা দীঘলীয়া আৰু জটিল প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়া আছে। তদুপৰি কোষৰ পৰা নিগনিৰ ভ্ৰূণ সৃষ্টি কৰাটো সম্ভৱ হ’লেও মানুহৰ ক্ষেত্ৰত এই পদ্ধতি বহু বেছি জটিল আৰু ই আচলতে ফলপ্ৰসূ হয়নে নহয় সেয়া পৰীক্ষাৰ বিষয়। আনহাতে, বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই আৱিষ্কাৰ যিমানেই যুগান্তকাৰী নহওক কিয়, এই পদ্ধতিৰ নীতি-নিয়মক লৈ স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়। পুৰুষ-নাৰীৰ মাজত যৌন সম্পৰ্ক নোহোৱাকৈ কোষৰ পৰা কৃত্ৰিমভাৱে ভ্ৰূণ সৃষ্টি কৰাটো প্ৰকৃতিৰ নিয়ম উলংঘা কৰা। প্ৰকৃতিক পৰিহাৰ কৰি কৃত্ৰিমভাৱে মানুহ সৃষ্টি কৰাটো কিমান নৈতিকতাপূৰ্ণ সেইটোক লৈ এতিয়াও বিতৰ্ক হৈ আছে। কিন্তু বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এই আৱিষ্কাৰ নিশ্চয়কৈ তাৎপৰ্যপূৰ্ণ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More