যুদ্ধ আৰম্ভ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত আন্তৰ্জাতিক নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ ফলত ৰাছিয়াৰ প্ৰায়বোৰ ছুপাৰ মাৰ্কেট আৰু অন্যান্য বিপণী সমূহত বিশেষকৈ খাদ্য সামগ্ৰীৰ অভাৱে পৰিস্থিতি জটিল কৰি তুলিছে। উপায়ান্তৰ হৈ ৰাছিয়াৰ কেইবাটাও বাণিজ্যিক সংস্থাই ভাৰতস্থিত ৰাছিয়াৰ দূতাবাসৰ কাষ চাপিছে। ৰাছিয়াৰ দূতাবাসেও ইতিমধ্যে ভাৰতৰ ফেডাৰেশ্যন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যনৰ লগত ভাৰতীয় সামগ্ৰী ৰপ্তানিৰ বিষয়টো লৈ আলোচনাত মিলিত হৈছে। ৰাছিয়াৰ এটা শীৰ্ষস্থানীয় বাণিজ্যিক সংস্থাই ভাৰতৰ কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ লগত খাদ্য সামগ্ৰীৰ উপৰি আন আন সামগ্ৰী যেনে জোতা, কৃত্ৰিম অলঙ্কাৰ, ৰেডিমেইড সাজ-পোছাক ইত্যাদি ৰপ্তানিৰ ওপৰতো আলোচনা কৰিছে। ভাৰতীয় সংস্থাটোৰ সচিব প্ৰধান প্ৰবীণ খাণ্ডেলৱালে সংবাদ মাধ্যমক জনোৱা মতে “এই সমূহ সামগ্ৰী পূৰ্বতে ৰাছিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰ, বৃটেইন আৰু অন্যান্য ইউৰোপীয় দেশৰ পৰা আমদানি কৰিছিল। ৰাছিয়াৰ সংস্থাটোৱে ইতিমধ্যে তেওঁলোকক জৰুৰী ভাৱে প্ৰয়োজন হোৱা সামগ্ৰী সমূহৰ তালিকা প্ৰেৰণ কৰিছে।” যুদ্ধৰ পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ৰাছিয়াৰ কৃষিভিত্তিক খাদ্য সামগ্ৰীৰ বৃহৎ বজাৰখন দখল কৰাৰ যি সুবিধা ভাৰতীয় ব্যৱসায়ীসকলৰ হাতলৈ এতিয়া আহিছে তাত স্বাভাৱিকতেই তেওঁলোক উৎফুল্লিত হৈ পৰিছে। কিন্তু ৰাছিয়াৰ লগত সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষই বাণিজ্যৰ যোগেদি অধিক মিতিৰালি কৰাৰ ফল হিতে বিপৰীত হোৱাৰ সম্ভাৱনাও নথকা নহয়। ৰাছিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত উত্থাপিত কেইবাটাও প্ৰস্তাৱৰ ভোটদান প্ৰক্ৰিয়াত ভাৰত অনুপস্থিত থকাৰ কথাটো কেইবাখনো দেশে সহজ ভাৱে লোৱা নাই যদিও প্ৰকাশ্যে ভাৰতৰ বিৰুদ্ধে মন্তব্য প্ৰকাশৰ পৰাও বিৰত আছে। নাম উল্লেখ কৰিব নিবিচৰা এজন চৰকাৰী বিষয়াৰ মতে ভাৰতৰ পৰা ৰাছিয়ালৈ এনেধৰণৰ সামগ্ৰী ৰপ্তানি কৰাত বাধা থাকিব নালাগে কাৰণ আন্তৰ্জাতিক নিষেধাজ্ঞা আৰোপ ব্যৱস্থাত কৃষিজাত খাদ্য সামগ্ৰী, ঔষধ আদি সামগ্ৰীক বাৰণ কৰা হোৱা নাই।