নিৰ্বাচনত দুটা সমষ্টিৰ পৰা একেজন প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতাত নিষেধাজ্ঞা আৰোপ হোৱাৰ সম্ভাৱনা

0 18

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ জুন : যি সকল প্ৰাৰ্থীয়ে লোকসভা, বিধানসভা বা আন কোনো প্ৰত্যক্ষ নিৰ্বাচনত দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে বা কৰাৰ ইচ্ছা পোষণ কৰি ৰাখিছে, শীঘ্ৰেই হয়তো তেওঁলোকৰ আশাত চেঁচাপানী পৰিব। দুটা সমষ্টিৰ পৰা একেসময়তে একেজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাটো নিষিদ্ধ কৰাৰ প্ৰায় দুই দশকৰ পুৰণি প্ৰস্তাৱটো ভাৰতৰ নিৰ্বাচন আয়োগে অলপতে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ ওচৰত উত্থাপন কৰা বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে, ভাৰতৰ জনপ্ৰতিনিধিত্ব আইনৰ ১৯৯৬ চনৰ সংশোধনী অনুসৰি যিকোনো এজন যোগ্য প্ৰাৰ্থীয়ে লোকসভা বা ৰাজ্য সমূহৰ বিধানসভাৰ নিৰ্বাচনত একেসময়তে দুখন আসনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। এই সংশোধনীৰ পূৰ্বে এজন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ আসন বা সমষ্টিৰ কোনো নিৰ্দিষ্ট ধৰা-বন্ধা সংখ্যা নাছিল। ১৯৯৬ চনত এই আইনখন সংশোধন কৰি এই ক্ষেত্ৰত কিছু লেকাম লগোৱা হয় কিন্তু কোনো এজন প্ৰাৰ্থীয়ে দুটাৰ সলনি যিকোনো এটা সমষ্টিতহে প্ৰতিদ্বন্দিতা কৰাৰ আন এটা সংশোধনী প্ৰস্তাৱ ২০০৪ চনত অনা হৈছিল যদিও জনপ্ৰতিনিধি সকলৰ স্বাৰ্থ আৰু নিস্পৃহতাৰ বাবে ই এতিয়াও এটা অমীমাংসিত বিষয় হৈ আছে। শেহতীয়াকৈ ভাৰতৰ মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ বিধায়িনী বিষয়ক সচিবৰ লগত হোৱা আলোচনাত এই বিষয়টোৰ পুনৰুত্থাপন কৰি ইয়াক নিষিদ্ধ কৰাৰ লগতে এনে পদ্ধতি গ্ৰহণ কৰা প্ৰাৰ্থীসকলৰ ওপৰত এটা উপযুক্ত জৰিমনা বিহাৰ প্ৰস্তাৱ কৰা হৈছে। নিৰ্বাচন আয়োগে ২০০৪ চনতেই জনপ্ৰতিনিধিত্ব আইনৰ এনে এটা সংশোধনী প্ৰস্তাৱ আগবঢ়াইছিল। উল্লেখযোগ্য যে, একোজন প্ৰাৰ্থীয়ে বিধানসভা বা লোকসভাৰ দুটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰি দুয়োটা সমষ্টিতেই জয়ী হ’লে এটা সমষ্টি তেওঁ এৰি দিব লাগে আৰু তাত বিধি অনুসৰি ছমাহৰ পাছত পুনৰ উপনিৰ্বাচন অনুষ্ঠিত কৰিব লগা হয়। এটা সমষ্টিত পুনৰ উপনিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’লে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজভঁৰালত অতিৰিক্ত বিত্তীয় হেঁচা পৰে আৰু তদুপৰি প্ৰশাসনিক মানৱ সম্পদ পৰিচালনাকে ধৰি আন বহু ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি হয়। এই দিশটো লক্ষ্য কৰিয়েই নিৰ্বাচন আয়োগে বিধানসভাৰ উপনিৰ্বাচনৰ বাবে দায়ী প্ৰাৰ্থীজনৰ বিৰুদ্ধে ৫ লাখ টকা আৰু লোকসভাৰ প্ৰাৰ্থীজনৰ বিৰুদ্ধে ১০ লাখ টকাৰ জৰিমনা বিহাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল। ভাৰতৰ আইন আয়োগেও নিৰ্বাচনত দুটা সমষ্টিৰ পৰা একেজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰাৰ সন্দৰ্ভত নিষেধাজ্ঞা আৰোপ কৰাত সহমত পোষণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More