নিৰ্মাণ কৰা হৈছে দ্বিতীয় ‘সূৰ্য’! পৃথিৱীয়ে কেতিয়া পাব এই কৃত্ৰিম নক্ষত্ৰ?

দেশসমূহে ‘কৃত্ৰিম সূৰ্য' সৃষ্টিৰ সিদ্ধান্ত লৈছিল। সেই অনুসৰি কাম আৰম্ভ কৰা হ’ল। এই কাম প্ৰায় শেষ পৰ্যায়ত। এয়া বিজ্ঞানৰ এক বৃহৎ অগ্ৰগতি। পৃথিৱীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে এই কৃত্ৰিম নক্ষত্ৰলৈ!

0 107

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ: সূৰ্যটো নুমাই যাব— বহুদিনৰ পৰা তেনেকৈয়ে চৰ্চা চলি আহিছে। ইফালে সৌৰশক্তি হৈছে জীয়াই থকাৰ শক্তি, জীয়াই থকাৰ সম্বল। গতিকে মানুহে এটা কৃত্ৰিম সূৰ্য সৃষ্টি কৰাৰ সিদ্ধান্ত ল’লে। বহু দেশে এই প্ৰকল্পত যোগদান কৰিলে। সেই প্ৰকল্পটো এতিয়া অন্তিম পৰ্যায়ত।

ফ্ৰান্সত ৩৫খন দেশে একেলগে কাম কৰি ‘কৃত্ৰিম সূৰ্য’ সৃষ্টি কৰিছে। ‘কৃত্ৰিম সূৰ্য’ৰ নাম হৈছে আন্তৰ্জাতিক তাপপাৰমাণৱিক ৰিয়েক্টৰ বা ITER। ইয়াক বিশ্বৰ সৰ্ববৃহৎ ‘কৃত্ৰিম সূৰ্য’ বুলি অভিহিত কৰা হৈছে। এই কামত যথেষ্ট অগ্ৰগতি হৈছে। চীনে কয় যে তেওঁলোকে ইতিমধ্যে আইটিইআৰৰ এটা ডাঙৰ উপাদান নিৰ্মাণ সম্পূৰ্ণ কৰিছে। আইটিইআৰ হৈছে পাৰমাণৱিক সংযোজনৰ ওপৰত এক আন্তঃৰাষ্ট্ৰীয় মেগা প্ৰকল্প। আমেৰিকা, ব্ৰিটেইন, চীন, ভাৰত, ৰাছিয়া, জাপান, দক্ষিণ কোৰিয়া, ছুইজাৰলেণ্ড আৰু ইউৰোপীয় ইউনিয়নৰ ২৭খন দেশ এই প্ৰকল্পৰ সৈতে জড়িত। দেশসমূহে আশা কৰিছে যে সৌৰশক্তি উৎপাদন প্ৰক্ৰিয়া অনুসৰণ কৰি বৃহৎ পৰিমাণৰ পৰিৱেশ অনুকূল শক্তি উৎপাদন সম্ভৱ হ’ব।

iter

বিজ্ঞানী আৰু গৱেষকসকলে মূলতঃ নিউক্লিয়াৰ ফিউজন ব্যৱহাৰ কৰি এই কাম কৰি আছে। এই প্ৰক্ৰিয়াত পাৰমাণৱিক বিক্ৰিয়াই কেইবাটাও লঘু নিউক্লিয়াছ একত্ৰিত কৰি গধুৰ নিউক্লিয়াছ গঠন কৰে। ইয়াৰ উপৰি এই প্ৰক্ৰিয়াই বিপুল শক্তি উৎপন্ন কৰে। বিজ্ঞানীসকলে মূলতঃ সূৰ্যৰ পাৰমাণৱিক সংযোজন প্ৰক্ৰিয়া অনুসৰণ কৰি আছে।

এই কৃত্ৰিম সূৰ্য সৃষ্টিৰ বাবে প্ৰায় ৪৫ শতাংশ খৰচ ইউৰোপে বহন কৰিছে আৰু এই প্ৰকল্পৰ সৈতে জড়িত আন দেশসমূহে ৯ শতাংশকৈ বহন কৰিছে। প্ৰকল্পটোৰ সৈতে জড়িত প্ৰতিখন দেশেই আইটিইআৰ প্ৰকল্পৰ বাবে বিভিন্ন উপাদান আৰু গঠন নিৰ্মাণ কৰি এই কৃত্ৰিম সূৰ্যৰ সৃষ্টিত অৰিহণা যোগাইছে।

960x0

চীনৰ চৰকাৰী সংবাদ মাধ্যমে শেহতীয়াকৈ ঘোষণা কৰিছে যে কৃত্ৰিম সূৰ্যৰ অন্যতম মূল উপাদান হৈছে ‘বৰ্ধিত তাপৰ প্ৰবাহ’। যাৰ এটা ‘প্ৰ’ট’টাইপ’ নিৰ্মাণ কৰি আছে চীনে। সেই কাম তেওঁলোকে প্ৰায় শেষ কৰি পেলাইছে। এই প্ৰ’ট’টাইপটো ডিজাইনৰ বাবে বিজ্ঞানী আৰু গৱেষকসকলে দিয়া তালিকা অনুসৰি নিৰ্মাণ কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More