শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৪মাৰ্চঃ ৰাজ্য চৰকাৰৰ লোক নিৰ্মান বিভাগে পথ নিৰ্মানৰ বাবে অনুমোদন দিয়া কোটি কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷উল্লেখযোগ্য যে,অতি নিম্ন মানদণ্ডৰ কামৰে চৰকাৰী ধনৰ অপচয় কৰা এনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সৰ্বসাধাৰণে৷ সম্প্ৰতি তেজপুৰৰ নিকটৱৰ্তী অঞ্চলত অতি নিম্ন মানদণ্ডৰে নিৰ্মীয়মান এটা দুই কোটি টকীয়া পথৰ কালৰ্ভাটৰ পকী বেৰ খহি এজন শ্ৰমিক গুৰুতৰ ভাৱে আহত হোৱা ঘটনা সংঘটিত হৈছে৷দীৰ্ঘ সময় শ্ৰমিকজনে কালভাৰ্টৰ ভঙা অংশৰ তলত ককবকাই থকাৰ পাছত এক্সকেভেটৰৰ সহায়ত দীৰ্ঘচেষ্টাৰ মূৰত শ্ৰমিকজনক উদ্ধাৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় বুলি জনাইছে স্হানীয় লোকে৷ ৰাইজে আনকি পথটোৰ নিৰ্মাণত হোৱা অনিয়মৰ বাবেই পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ৰাইজে এইসন্দৰ্ভত শীঘ্ৰ এক উচ্চপৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ বাবেও দাবী তোলে। ৰাইজে অভিযোগ কৰা মতে ৰাজ্য চৰকাৰে শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহগুৰি বৰডুবিয়াৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাৰনি, তিনিখৰীয়া সংযোগী জৰাজীৰ্ণ পথটো পকীকৰনৰ বাবে ২০২২-২৩ ত দুই কোটি টকাৰ এক আঁচনিৰ অনুমোদন দিছিল । সেই অনুসৰি পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰজনে বিভাগীয় সকলো নীতি নিৰ্দেশনা সম্পুৰ্নৰূপে উলংঘা কৰি কোনো ফলক আদি নলগোৱাকৈয়ে আৰম্ভনিৰে পৰাই বিভাগীয় অভিযন্তাৰ সহযোগত জধেমধে পথ নিৰ্মান কৰাত নামি পৰে। আনকি ৰাইজে পথটোৰ নিৰ্মানৰ ক্ষেত্ৰত কোনোধৰনে অনিময়ৰ আশ্ৰয় নল’বৰ বাবে আহ্বান জনাই অহাৰ পিছতো ঠিকাদাৰজনে ৰাইজৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্ব নিদি প্ৰাককলনৰ বিষয়ে ৰাইজক নজনোৱাকৈ বা ফলক নলগোৱাকৈয়ে পথ নিৰ্মানৰ কাম আগবঢ়াই নিয়ে। ইফালে প্ৰাককলন উলংঘাৰে নিৰ্মান হোৱা পথটোৰ এটা বক্স কালৰ্ভাটৰ এখন প্ৰকাণ্ড পকী বেৰ হঠাতে কৰ্মৰত এজন শ্ৰমিকৰ ওপৰতে বাগৰি পৰাত শ্ৰমিক সকলৰ মাজত হুৱাদুৱা লাগে। সেই সময়ত ৰাইজে এক্সকেভেটৰৰ সহায়ত শ্ৰমিকজনক উদ্ধাৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । অভিযোগ মতে আহত চিকিৎসাধীন হৈ থকা শ্ৰমিকজনকো ঠিকাদাৰ জনে কোনোধৰনে সহায় কৰা নাই৷
অতি নিম্নমানৰ চিমেন্ট আৰু অতি সৰু ৰদ ব্যৱহাৰ কৰাৰ লগতে কালভাৰ্টৰ তলত কোনো ধৰনে জালিও দিয়া নাছিল । একেদৰে পথটোৰ ওপৰত আন দুটা কালভাটতো ঠিকাদাৰজনে একেদৰেই নিৰ্মান কৰি থকা বুলি অভিযোগ উঠিছে৷ইফালে আঠ ন মাহ পাৰ হোৱাৰ পিছতো পথটোৰ লগতে কালভাৰ্টটোৰ নিৰ্মানৰ কাম মুঠেই আগবঢ়া নবঢ়াত ৰাইজ সমস্যাত পৰিছে৷ ৰাইজে এইক্ষেত্ৰত চৰকাৰী ভাবে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে শোণিতপুৰৰ উপায়ুক্তৰ লগতে বৰছলাৰ বিধায়ক গণেশ লিম্বুক দাবী জনাইছে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.