নীপকোৰ বলিশালত ৰঙানদীপৰীয়া

লখিমপুৰত বিপদৰ আশংকা

0 63

জীৱন গোস্বামী

অৰুণাচলৰ ইয়াজুলীত থকা ৪০৫ মেগাৱাট শক্তিসম্পন্ন ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়া হৈছে। প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ অত্যধিক হোৱাত জলাধাৰৰ সুৰক্ষাৰ খাতিৰতে প্ৰকল্পটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান উত্তৰ পূৱ শক্তি নিগম চমুকৈ নীপকোৱে প্ৰকল্পটোৰ জলাধাৰৰ অতিৰিক্ত জলৰাশি ৰঙানদীত মোকোলাই দিছে। নীপকোৱে এয়াই প্রথম নহয়। প্ৰকল্পটোৰ উৎপাদন আৰম্ভ হোৱাৰ পাছৰে পৰা বিশেষ কৈ বাৰিষা কালত প্ৰকল্পটোৰ জলাধাৰত পানীৰ মাত্ৰা বৃদ্ধি হলেই ৰঙানদীত অতিৰিক্ত জলৰাশি মোকোলাই দি আহিছে। যাৰ বাবে অতিৰিক্ত জলৰাশি যোগ হৈ ৰঙানদীয়ে বিশেষকৈ লখিমপুৰত ধন জন, সা সম্পত্তিৰ বিস্তৰ ক্ষতি কৰি আহিছে। প্ৰতিবছৰে এই ঘটনাৰ পুনৰাবৃত্তি ঘটি আহিছে আৰু লখিমপুৰ জিলাই ধন-জন সা সম্পত্তি হেৰুৱাই তাৰ মূল্য ভৰিব লগীয়া হৈ আহিছে। নীপকোৰ তৰফৰ পৰা পানী এৰাৰ আগমুহূর্তত লখিমপুৰ জিলা প্ৰশাসনলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰি পানী এৰি থকাৰ সময়খিনিত ৰাইজক নদীৰ পাৰলৈ যোৱা নিষেধ কৰাৰ উপৰি নদীপৰীয়া অঞ্চলত স্হাপন কৰা চাইৰেণ সমূহ বজাই সতৰ্ক কৰি দিয়ে। ইয়াতেই দায়িত্ব শেষ নীপকোৰ। লক্ষণীয় কথাটো হল নদীৰ লগত সম্পৰ্কিত তথা নদীপৰীয়া ৰাইজ কিমান সময় নদীৰ পাৰলৈ নোযোৱাকৈ থাকিব পাৰিব। নদীকেন্দ্রিক জীবিকা নিৰ্বাহ কৰা, নদীৰ কাষত পশুধনক চৰাই জীবিকা নির্বাহ কৰা লোক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। নীপকোৱে একেৰাহে কেইবাদিনো ধৰি পানী মোকোলাই ৰখাৰ ফলত এই সকল লোক সমস্যাৰ সন্মুখীন হব লগাত পৰে। এইবাৰো তেনেদৰে নীপকোৱে বিগত চৌবিশ ঘন্টা (৩০ জুনত) ধৰি একেৰাহে পানী এৰিয়েই আছে। শনিবাৰে নিচেই পুৱাতে ৫.৩৮ বজাত নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ পানী এৰি দিয়া হব পাৰে বুলি সতৰ্কবাৰ্তা প্ৰেৰণ কৰি ৬.৪৫ বজাত এখন গেট খুলি দিয়ে। প্ৰথম এশ মিলিমিটাৰ গেট খুলি দি দিনে নিশাই ইয়াৰ পৰিমাণ বঢ়াই গৈ দেওবাৰে পুৱা ৮ মান বজালৈ ১১ শ মিলিমিটাৰলৈ বঢ়াই দিয়ে। যাৰ বাবে লখিমপুৰত নদীখনৰ জলস্তৰ বিপজ্জনক ৰূপ ধাৰণ কৰিছে। নীপকোৱে যদি আৰু অধিক পানী নদীখনত এৰি দিয়ে তেন্তে লখিমপুৰৰ অৱস্থা সংকটজনক হৈ পৰিব। নদীৰ বানত নদীপৰীয়া অঞ্চল সমুহ ডুব যোৱাৰ লগতে ধন জন শস্য় ক্ষেত্র,ঘৰ বাৰীৰ হব বিস্তৰ ক্ষতি। প্ৰতি বছৰে এনে ঘটনাৰ পুনৰাবৃত্তি ঘটি আহিছে যদিও চাওতা কোনো নাই। ফলত বিপৰ্যস্ত হৈছে সাধাৰণ লোকৰ জীৱন। আন নহলেও নদীখনত বহু বেছি পৰিমাণৰ পানী একেলগে এৰি দিয়াৰ পৰিৱৰ্তে কমকৈ এৰিলে ক্ষয়ক্ষতি ৰ প্ৰকোপ কম হলহেতেন যদিও এই কামটো কৰিবলৈ নীপকোক বাধ্য কৰোৱাৰ বাবে চৰকাৰ অথবা জন প্ৰতিনিধিৰ ভূমিকা মুঠেই একো নাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More