নেমু খায়েই কমাব পাৰি ইউৰিক এচিড !

চিকিৎসকে কি কয় জানি লওক

0 161

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুন : ইউৰিক এচিডৰ সমস্যা এতিয়া ঘৰে ঘৰে বুলিব পাৰি। প্রচুৰ মানুহ এতিয়া এই ৰোগত আক্রান্ত। আচলতে এইটো হ’ল এক বিপাকীয় সমস্যা (Metabolic Disease)। এইক্ষেত্রত প্রটিন বিপাকৰ কাৰণেই তৈয়াৰ হয় ইউৰিক এচিড। সেয়ে সতর্ক থাকিবই লাগিব। এই প্রসঙ্গত কলকতাৰ ৰুবি হাস্পতালৰ বিশিষ্ট মেডিচিন বিশেষজ্ঞ ডাঃ: আশিস মিত্রই কয় যে, এতিয়া বহু ৰোগীৰেই এই সমস্যা দেখা যায়। আচলতে ইউৰিক এচিড (Uric Acid) শৰীৰত সৃষ্টি হয় প্রটিনৰ মাধ্যমেৰে। এই ক্ষেত্রত প্রটিন বিপাকৰ ফলত শেষত সৃষ্টি হয় ইউৰিক এচিড।1655954082077এবাৰ শৰীৰত ইউৰিক এচিড সৃষ্টি হ’লে সেয়া বাহিৰ হৈ যায় কিডনিৰ পৰা মূত্রৰ মাধ্যমেৰে। শৰীৰত দুটা কাৰণত বাঢ়িব পাৰে ইউৰিক এচিড। প্রথমতে, ইউৰিক এচিড শৰীৰত বেছিকৈ উৎপন্ন হ’ব পাৰে। আকৌ এনেকুৱাও হ’ব পাৰে যে, ইউৰিক এচিড শৰীৰত সৃষ্টি হ’লেও সেয়া বাহিৰ হ’ব পৰা নাই। এই দুটা বিষয় মিলিয়েই সমস্যা দেখা যায়। সেয়ে সতর্ক হোৱা উচিত। বিষ হ’ল ইউৰিক এচিড বৃদ্ধিৰ এক সমস্যাৰ সংকেত। এইক্ষেত্রত শৰীৰত এই এচিড বাঢ়িলে জোৰা বা জইনত জমা হ’ব পাৰে। তেতিয়া খুব বিষ হয়। ঠাইকণ ফুলি যায়। এই সমস্যাৰ নাম গাউট আর্থ্রাইটিচ (Gout Arthritis)। তদুপৰি ইউৰিক এচিড জমা হ’ব পাৰে কিডনিতো। তেতিয়া কোৱা হয় Kidney Stone। সেয়ে সতর্কতা বৰ প্ৰয়োজন। ইউৰিকৰ চিকিৎসাত (Uric Acid Treatment) নেমু (Uric Acid and Lemon) ভীষণ কাযর্কৰী বুলি জনাইছে ডাঃ মিত্রই।

  •  ​ইউৰিক এচিড নিয়ন্ত্রণত নেমু কিমান কার্যকৰী?
    এই প্রসঙ্গত ডাঃ মিত্রই কয় যে, নেমু অৱশ্যেই ভীষণ কার্যকৰী। এই ক্ষেত্রত নেমুৰ (Lemon) গুণৰ শেষ নাই। তদুপৰি নেমুত আছে ভিটামিন চি। এই Vitamin C-এ কিন্তু ইউৰিক এচিডক মূত্রৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰ কৰি দিব পাৰে। সেয়ে নেমু খালে বহুখিনি কমি যায় ইউৰিক এচিড। সেয়ে চিন্তাৰ কোনো কাৰণ নাই।
  •  কেইটা নেমু খাব এদিনত?
    নেমু খাই ইউৰিক এচিড কমাব বিচাৰিলে প্রায় প্রতিদিনে খাব লাগিব নেমু। এদিনো বাদ নিদিয়াই ভাল। এইক্ষেত্রত প্রতিদিনে অন্ততঃ এটা গোটা নেমু খাব লাগিব। এটা গোটা নেমুৱেই পাৰে শৰীৰ ঠিক ৰাখিব। সেয়ে প্রতিজন মানুহেই প্রতিদিনে এটা নেমু খোৱা উচিত। তদুপৰি নেমু খালে যে ইমিউনিটি বাঢ়ে, সেই বিষয়টোও মনত ৰখা ভাল।
  •  কি নেমু ভাল?
    উত্তৰত ডা: মিত্রই জনাই যে, প্রতিজন মানুহে নিজৰ সুবিধা আৰু সামর্থৰ ভিতৰত নেমু খাব পাৰে। এই অৱস্থালৈ চালে কাজিনেমু, গোলনেমু, কমলা, মৌচুমী যি ভাল লাগে তাকেই খাব পাৰে। 1655954082060অৱশ্যে সর্বসাধাৰণৰ বাবে কাজিনেমুৱেই ভাল। ৰাতিপুৱা শুই উঠি এগিলাছ কুহুমীয়া পানীত নেমুৰ ৰস মিলাই খাওক। মন গ’লে এই মিশ্রণত যোগ দিব পাৰে মৌ। ইয়াৰ ফলত ইউৰিক এচিড যেনেকৈ কমিব, ঠিক তেনেদৰেই ওজনো কমিব।
  • ​আৰু কি খাব লাগিব?
    এইক্ষেত্রত কেৱল নেমু খালেই অৱশ্য নচলিব বুলি জনায় ডা: মিত্রই। তেওঁৰ মতে, নেমুপানী খোৱাৰ লগতে পর্যাপ্ত পানী পান কৰিব লাগে। আচলতে প্ৰয়োজনীয় পৰিমাণৰ পানী পান কৰিলে শৰীৰৰ পৰা মূত্রৰ মাধ্যমেৰে বাহিৰ হৈ যায় ইউৰিক এচিড। সেয়ে দৈনিক ৩ লিটাৰ পানী খাব লাগে। গিলাচ হিচাপে ১০ গিলাচ পানী।
  •  ইউৰিক এচিডৰ ঔষধ কেতিয়া প্রয়োজন?
    ডা: মিত্রই কয় যে, অনেক ক্ষেত্রতেই ঔষধ লাগে। খুব যদি বিষ হয় বা কিডনিত যদি পাথৰ হয়, তেতিয়া অৱশ্যেই ঔষধ খাব লাগিব। এই অৱস্থাত কেৱল খোৱা-বোৱাৰ ওপৰত নিৰ্ভৰ কৰিলেই নহ’ব। গতিকে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত।

(প্রতিবেদনখন সচেতনতাৰ উদ্দেশ্যে লিখা হৈছে। নিজে কোনো সিদ্ধান্ত লোৱাৰ আগেয়ে চিকিৎসকৰ পৰামর্শ লওক।)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More