নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৱেবিনাৰ সম্পন্ন

0 38

লখিমপুৰ,১১জুলাইঃ বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ লখিমপুৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু সংস্কাৰ ৰুৰেল ছ’চিঅ’ ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ সহযোগত আজি অনলাইন মাধ্যমেৰে এখন ৱেবিনাৰ অনুষ্ঠিত হৈ যায়।উক্ত ৱেবিনাৰ খনিত বৰ্তমান সময়ত অভাৱনীয় হাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ প্ৰভাৱত বিশ্বত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে ভাষণ আগবঢ়াই জিলা পৰিয়াল পৰিকল্পনা বিভাগৰ সমন্বয়ক চৈতন্য বৰাই।তেওঁ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে বিভিন্ন উপায়ৰ বিষয়ে ভাষণ প্ৰদান কৰে।ইয়াৰ লগতে জনসংখ্যা নিয়ন্ত্ৰণ সম্পৰ্কত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ৱেবিনাৰত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক আহ্বান জনায় চৈতন্য বৰাই।আজি অনুষ্ঠিত ৱেবিনাৰ খনত সোনাপুৰ পুখুৰীয়া হাইস্কুলৰ প্ৰাক্তন অধ্যক্ষ প্ৰদীপ কুমাৰ কাকতিয়ে সম্পদ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত জন বিস্ফোৰণে কেনেকৈ প্ৰভাৱ পেলাইছে তাৰ ওপৰত বক্তব্য ৰাখে।ইয়াৰ উপৰিও উক্ত ৱেবিনাৰখনিত অভাৱনীয় হাৰত বৃদ্ধি পোৱা জনসংখ্যা বৃদ্ধিৰ সমস্যাটোৰ বিষয়ে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সমন্বয়ক সুজাতা ভৌতিকে ভাষণ প্ৰদান কৰে।আজি বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু সংস্কাৰ ৰুৰেল ছ’চিঅ’ ইকনমিক ডেভেলপমেণ্ট চছাইটিৰ সহযোগত দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত কৰা ৱেবিনাৰ খনিত সমাজ সেৱক ৰূপমজ্যোতি চেতিয়াৰ লগতে জিলা খনৰ অৰ্ধ শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More