শিখাজ্যোতি কোঁৱৰ
‘বিশ্ব দৰবাৰত ভাৰতৰ নাম উজলালে অসমীয়াই।’
ব্ৰেকিং নিউজটো বাজি উঠিছে। সবিশেষ বাতৰিটো ইতিমধ্যে জ্ঞাত। তথাপি ডাঠ ফ্ৰেমত আবদ্ধ সেই জলমলীয়া দৃষ্টি টি ভিৰ পৰ্দাতে ন্যস্ত। উৎসাহৰ কোৰ্হালৰ মাজতো বুকুৰভৰা মৌনতাই বিৰাজ কৰিছে সেই স্থান। মৌনতাৰো ভাষা আছে। ভাষা থাকিলে কাহিনীও থাকে। শ্ৰোতা অনুসৰি উপস্থাপন শৈলী ভিন্ন। কাহিনীটোৱে প্ৰকাশৰ বাট বিচাৰি কাহিনীকাৰৰ কাষ চাপে।
স’মায়না গ’ল।
পুৱাৰ জুইৰ উম লৈ থকাতে মানুহবোৰে খবৰটো পালে। নৈথী মংগলবাৰৰ পুৱাৰ ব্যস্ততা এৰি চুবুৰীৰ মানুহবোৰ স’মায়নাহঁতৰ চোতালত থূপ খালে। তাইৰ আবৈয়েকে হিয়ালি-জিয়ালিকৈ বিনাইছে। স’মায়নাৰ আইয়েক আৰু আয়ঙৰ মুখবোৰ মেজিৰ জুইৰ আঙঠা দৰে হৈ পৰিছে। ‘মাক চাই জীয়েক’ বুলি কণ খুড়াকে স’মায়না মাকৰ চৈধ্য গোষ্ঠী উজাৰি গালি বৰষিছে। সেই উত্তাপ শাম কটোৱাৰ পাং পাতে আকাশৰ কলীয়া ডাৱৰে। গালি আৰু কান্দোনৰ ৰং চোৱা চুবুৰীৰ মানুহজাকে সমবেদনা জনাব গৈ স’মায়নাক অসৎ সজায়। কণ খুড়াকৰ খং স’মায়নাৰ পৰিৱৰ্তে মানুহজাকলৈ পৰিবৰ্তন ঘটে। অপমানিত মানুহজাক ভোৰভোৰাই উভটিল।
নিজৰ ভাষাতে কোৱা মানুহবোৰৰ কথাবোৰ মোৰো কাণত পৰে। কথাবোৰ বুজাত মোৰ কোনো অসুবিধা নহয়। কিন্তু স’মায়নাৰ তিনিবছৰ বয়স হওঁতে এটাকৈ ভায়েক আৰু বাপেকৰ সৈতে তাইক এৰি মাকে কি অপাৰ্থিৱ মোহত আচ্ছন্ন হৈ আনলৈ পলাই গৈছিল সেয়াহে আজিও বুজিব নোৱাৰিলোঁ। প্ৰেমৰ এখন সংসাৰ আৰু সন্তানতকৈ পাল্লা ভাৰী সম্পৰ্কৰ আঁত বিচাৰি মই অসফল। সকলো পোৱাৰ পিছতো কিহৰ বাবে মানুহ লালায়িত হয়! প্ৰেম,যৌনতা আৰু অৰ্থসৰ্বস্ব জীৱনৰ লালসাই ধূমায়িত কৰে জীৱন। আচলতে সিহঁতৰ জীৱনৰ ৰূপ-ৰেখাই বেলেগ হৈ পৰিছিল। অবুজ বয়সৰ বাবেই জীৱনক শূন্যতাই মেৰাই ল’ব নোৱাৰাকৈ পৰিয়ালৰ মানুহে সজাই লৈছিল। ঘটনাটো মানুহে পাহৰিছিল। স’মায়নাৰ বৰমাক-বৰদেউতাক তাইৰ আই-আফাক হৈ পৰিছিল। ভায়েকক পেহীয়েকে নিজৰ সন্তান কৰি লৈ গৈছিল। স’মায়নাৰ দেউতাকক পৰিয়ালৰ লোকে পুনৰ বিয়া পাতি দিয়াৰ পিছতে বেলেগকৈ থকা হ’ল। বাপেকৰ সৈতে স’মায়নাৰ সম্পৰ্ক আৰু সম্বোধনো পৃথক হ’ল।
স’মায়নাৰ বৰমাকহঁতৰ তিনি পুত্ৰৰ আপোন সহোদৰা হৈ স’মায়না গাভৰু হ’ল। পঢ়াই-শুনাই ভাল স’মায়না সকলোৰে মৰমৰ। কাম-কাজতো পাকৈত। কিন্তু এইবাৰহে যেন অথন্তৰ ঘটিল। সকলো অতীত ৰোমন্থনত উত্তাল হ’ল।
‘আয়ং, এইখিনি ফিথাই চামথাই বিৰজু আয়ঙে দিছে। ক’ব কৈছে বিয়’ গাহৰি মাংস ল’ব গৈছে।’
বিৰখাঙে মোক ফল-মূলৰ টোপোলাটো দি বেঙাটো দৰে ৰৈ থকাত মই তাক বহিবলৈ ক’লো। বিৰজুৰ ভায়েকৰ পুতেক বিৰখাং। গাঁৱৰ সিটো মূৰে বিৰজুৰ ঘাইঘৰ। বুজিলোঁ, বিৰজুৱে পুৱাই বজাৰলৈ বুলি গৈ ঘাইঘৰত পাক এটা মাৰি আহিল। মোক বিয়া কৰোৱাৰ দিন ধৰি বিৰজুৰ এই অভ্যাসে মোক অস্থিৰ কৰি তোলে। মোৰ বাবে বন্ধ সেই ঘৰৰ দুৱাৰ। অথচ মোৰ অৰ্দ্ধ অংগই প্ৰতি পুৱাই তাত বিচৰণ কৰি আহেগৈ। নৈথী মংগলবাৰৰ আয়োজনৰ উৎসাহ ঢিমিত হ’ব খোজে।
ফল-মূলৰ টোপোলাটো ভিতৰলৈ নি টেবুলৰ ওপৰত দলিয়াই থোৱা দি থওঁতে আপেল দুটা ওলাই লৰ মাৰে। হাউলি সেই কেইটা বুটলি লওঁতে বিৰখাঙৰ চকুৱে চকুৱে পৰিল। মই নিজক সংযত কৰি ল’লোঁ। তাৰ আগত মোৰ ভিতৰৰ খঙৰ বৰ্হি প্ৰকাশ ঘটাব নোখোজোঁ। যিয়ে নহওঁক সি মোৰ ছাত্ৰ আছিল। বিৰখাং আৰু স’মায়নাক একেলগে হাইস্কুলত মই পঢ়াইছিলোঁ। যোৱাবাৰ দুয়োটাই মেট্ৰিক পাছ কৰি স্থানীয় মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল।
‘আয়ং কিবা কাম আছিল? মই কৰি দিম দে।’
‘তই গা ধুই আহিছ?’
‘ও ধুইছোঁ। আবৈয়ে ধুই আহিব কৈছে। আপোনাক সহায় কৰিবলৈ পঠাইছে।’
মনটো কোমল হ’বলৈ সেয়া যথেষ্ট আছিল। মোৰ বাবে ভবা মানুহ সেই ঘৰত এগৰাকী হ’লেও আছে।
বিৰখাঙৰ হাতত নাৰিকলটো তুলি দিলোঁ।
‘পানীখিনি তই খাই পেলাবি। টান বাকলিখিনি চুঁচি দিবি। মিহিকৈ কাটিলে প্ৰসাদৰ লগত খাবলৈ ভাল।’
প্ৰসাদ ধোৱা হৈছিল। পাকঘৰৰ উত্তৰ দিশৰ মায়নাৱ থাপনাৰ কাষত প্ৰসাদৰ খৰাহিটো সজাই থ’লোঁ। বেৰত ওলমি থকা ধানৰ থোকটোলৈ এনেয়ে এবাৰ চালোঁ। গৃহলক্ষ্মী আবাস সেই নিৰ্দিষ্ট ঠাইখিনিত মই যেতিয়াই ৰওঁ তেতিয়াই মোৰ মন শান্ত হৈ পৰে।
চাহ দুকাপ বাকি আনিলোঁ। বিৰখাঙৰ নাৰিকল কুটি শেষ হৈছিল। চাহকাপত সোহা মাৰি তাক সুধিলোঁ,
‘তই জাননে? স’মায়না ক’ৰ মানুহলৈ গ’ল?’
‘তাই গুবুন হাৰিজোং হাবা জাবাই। বেইজাতিত গ’ল। কলেজত বেলেগ জাতৰ ল’ৰা এটাৰ লগত বেছি কথা পাতি থাকে। তাৰ লগতে পলাইছে।আপোনালোকৰ অসমীয়া ল’ৰা।’
‘আমাৰ অসমীয়া ল’ৰা! তহঁত আমাৰ অসমীয়া নহৱ নেকি?’
বিৰখাঙৰ খোকোজা লাগে। বড়ো, মিচিং, কছাৰী, অসমীয়াৰ বুলিতো সবে কয়। বহু থলুৱা জনগোষ্ঠী যাৰ নিজ মাতৃভাষা একোটা আছে তেওঁলোকে নিজ গোষ্ঠীৰ পৰিচয়ত পৰিচিত হ’ব খোজে। আন গোষ্ঠী বোৰেও ভাষিক পৃথকতা সুবিধাৰে তেওঁলোকক দূৰৈত অৱস্থান কৰোৱায়। মাতৃভাষা কেন্দ্ৰিক ভিন্নতাৰ বাবে অসমীয়াৰ পৰিচয়ৰ প্ৰসংগত বহু পণ্ডিতৰে খোকোজা নুগুচে। বিৰখাঙৰ কেনেকৈ গুচিব?
‘ল’ৰাটোৰ নাম কি?’
‘প্ৰশান্ত চুতীয়া।’
‘বড়ো গাভৰু চুতীয়াৰ বোৱাৰী হ’লগৈ। তইহে অসমীয়া হ’ব পৰা নাই।’
মোৰ কোৱাৰ ধঙত বিৰখাঙে হাঁহি উঠিল।
হাঁহিলে তাক বিৰজু নিচিনাই লাগে। বিৰজু এনে হাঁহি আৰু সহজ-সৰল, সুন্দৰ মনটোৰ প্ৰেমত পৰিছিলোঁ বিশ্ববিদ্যালয়ত পঢ়োঁতে। প্ৰেমত ডুবিলেও তাৰ জড়তা গুচা নাছিল।
‘ঘৰে মানিব জানো? সমাজে?’
‘ঘৰে বা সমাজে নামানিলে বুলিয়ে তই মোক এৰি বেলেগ বিয়া পাতিব পাৰিবি?’
‘নোৱাৰোঁ।’
‘সেইবাবে বড়ো, ননবড়ো, অসমীয়া, অনা অসমীয়া কৰি নাথাকিবি বিৰজু। আমাৰ বিয়া হ’বই।’
মই যুক্তি কাটিছিলোঁ, বৰ অসমৰ ভেটি মজবুত কৰিবলৈ স্বৰ্গদেউসকলে জাতি-জনজাতিৰ মাজত বৈবাহিক সম্পৰ্ক গঢ়াত আগভাগ লৈছিল। পুলিন-পুথাও সেই পথেৰে খোজ লৈ মই দিখৌ পাৰৰ পৰা বড়িমুৰী গাঁও পালেহি। কিন্তু তেতিয়ালৈ স্বৰ্গদেউ শাসনৰ যতি পৰি বৰ অসমৰ ‘বৰ’টো অন্তৰ্ধান হৈছিল। বিৰজুৰ ঘৰৰ দুৱাৰ মোৰ বাবে ৰুদ্ধ কৰি উদং ভূমি এবিঘা দান দিছিল। বহুত কষ্টৰে সেই ভূমিত এই ঘৰ-বাৰী সাজি ভাড়া ঘৰ এৰিছিলোঁ।
ঘৰ লোৱাতে চোতালত স্থাপন কৰা চি’জৌ জোপাৰ গুৰিত বিৰখাঙে পানী ছটিয়াই আকৌ এবাৰ পৰিষ্কাৰ কৰিল। পাঁচটা শিৰ যুক্ত চিজৌ জোপাক পৰমাত্মা বুলি মান্যতা প্ৰদান কৰি ধৰ্মীয় উপাসনা কৰা হয়।
‘বিৰখাং তোৰ আয়ং কেতিয়া আহিব অ’? আজিকালি গয়াৰীয়ে গাহৰি মাংস ৰান্ধি-মেলি বেচে নেকি?’
‘না, কেঁচাকেহে বেচে।’
মোৰ কথাৰ তত্ব বুজাত তাৰ পলম হয়।
‘মই ৰাস্তাৰ ফালে চাই আহোঁগৈ।’ লাজ ভাৱে সাউতকৈ সি ওলাই গ’ল। যেন মোৰ পৰা পলাবহে।
মই গেৰুৱা ৰঙী দখনাখন পিন্ধি ল’লোঁ। ঘৰত থকা সময়ত মই যিকোনো সাজ পৰিধান কৰোঁ। স্কুললৈ যাওঁতে চাদৰ মেখেলা বা শাড়ী পিন্ধি যাওঁ। গাঁৱৰ মহিলা সকলক মই অহাৰ পৰা অৱশ্যে দখনা পিন্ধা দেখিছোঁ। কলেজত অধ্যাপনা কৰা বিৰজুৰ ভনীয়েক চন্দনাই কলেজলৈয়ো দখনা পিন্ধি যায়। আগতে কিন্তু তাই শাড়ী, মেখেলা-চাদৰ আদি সাজো পিন্ধিছিল বুলি শুনিছিলোঁ। জাতীয় উৎসৱ-পাৰ্ৱণত ময়ো নিৰ্দিষ্ট জাতিৰ জাতীয় সাজ পিন্ধো।প্ৰতিটো সম্প্ৰদায়ৰ জাতীয় সাজ সংগ্ৰহ কৰাটো মোৰ নিচা। জনগোষ্ঠীয় উৎসৱ বিলাকত সেই নিৰ্দিষ্ট জনগোষ্ঠীৰ সাজ-পাৰ পিন্ধি অনুষ্ঠানবোৰলৈ যাওঁ।
‘নিলী,দখনাত তোক ধুনীয়া দেখি। স্কুললৈ পিন্ধি যাবিচোন। সমাজেও ভাল পাব।’
‘চা বিৰজু তোৰ সমাজক ভালৰি লগাবলৈ মই ড্ৰেচ নিপিন্ধো। মন যেতিয়া যায় তেতিয়া পিন্ধিম। স্কুললৈ যোৱাৰ সময়ত কিমান খৰ-ধৰ লাগে। নোৱাৰোঁ দেই। জোত-পুত খাই পৰি মৰিম।’
ৰন্ধা শেষ হ’ল। দেঙখ’ হতুৱাই ক’লা চাউলৰে বনোৱা জৌখিনি উলিয়ায় বাতিত সজাই ৰাখিলোঁ। গোলাপী ৰঙটোৱে মোক খা মোক খা কৰি উঠিছে। বিৰজু আহিলেই চিজৌ গছৰ তলত আগবঢ়াবগৈ পাৰিম। ক’ত জানো লাগি ধৰিলগৈ!
বুকুৰ মেঠনিটো ঢিলা হৈ পৰাত খোচনিটো খুলি জোৰেৰে টানি বুকুৰ কাষত পুনৰ খুচি ল’লোঁ। বেৰৰ ঘড়ীটোৱে দুপৰীয়া এক বজাৰ সংকেত দিলে। বিৰজুও নাই,বিৰখাঙো নাই।
সময় আগবাঢ়িল। পেটেও পাক মাৰি ধৰিছে।
দুই বজাৰ সংকেতৰ লগতে গেটৰ শলখাডালো টং কৰি বাজি উঠিল।
কোনো দিন নহা চন্দনাৰ আগমনত আচৰিত হৈছিলোঁ যদিও তাই সহজভাবে সোমাই আহিল। সহজ কথা-বতৰাৰে কিছু সময় পাৰ কৰাৰ পাছতে তাই মোক সুধিলে,
‘বৌ, ঔংখাম জাবাই না?’
‘নাই নাইখোৱা।পূজা হোৱাই নাই।’
‘তালৈ ৰৈ কি লাভ? সি খাই-বৈ ফিটিং চাগৈ। ঘৰত পূজা হ’ল। বেলেগ থাকিলে কি হয়? একেটা ঘৰৰেতো। তুমি বেলেগ কৈ নকৰিলেও হ’ব দে।’
বিৰজুৰ প্ৰতি উঠা খঙৰ অনুভূতিক বশীভূত কৰি মোক অন্য এক আবেগে মেৰাই ধৰিছে । মই তত ধৰিব পৰা আগতেই চন্দনাই ভাতৰ কাঁহী দুখন সজাই আনিলে। মন্ত্ৰমুগ্ধৰদৰে দুগৰাহমান গিলিলোঁ যদিও ওকালি পিত্ত পানীলৈকে উলিয়াই দিলোঁ।তাই অভিজ্ঞভাবে বুজি উঠিল। দুয়ো অস্থিৰতাৰে বিৰজুৰ অপেক্ষাত ৰৈ থাকিলোঁ। পাতল কুঁৱলী মেৰাই আন্ধাৰ নামিল। তাই যোৱাৰ নাম নল’লে। কুঁৱলীৰ আস্বাদন ফালি দুখন য়ামাহা স’মায়নাৰহঁতৰ চোতালত ৰ’ল। ডাঙৰ ককায়েকে স’মায়নাৰ হাতত ধৰি ভিতৰলৈ ঠেলি পুনৰ ভো ভোৱাই ওলাই গৈছে। ঘৰখনত এক চেপা উত্তেজনাই বিৰাজ কৰে।
‘তাই কম বয়সত পলাই গৈছে। ঘূৰাই আনিছে ভালেই হৈছে।’
‘তাইক সেই বাবে ঘূৰাই অনা নাই বৌ। পৰৰ জাতলৈ বিয়া সোমোৱাটোহে পাপ। চাল্লা, জাত-পাত নামত পিচ পিচ কৰি ভাঙিছে।প্ৰশান্তক কি কৰে ঠিক নাই। হে বিগুমা, হে সৰজি গিৰি বিৰজুক সহায় কৰিবা।’
‘বিৰজু? সিহঁতৰ লগত আকৌ বিৰজুৰ কি সম্পৰ্ক?”
‘সিহঁতে প্ৰশান্ত আৰু স’মায়নাক ধৰি আনিছিল। নৰানি মাজলৈ নি থকা বুলি গম পাই বিৰজুৱে সিহঁতৰ পিছ লৈছিল। উদণ্ড হৈ পৰিছে জাকটো। হ’লে কি হ’ব! নিজৰেটো ল’ৰা। সিহঁতৰ হাতেৰে বেয়া ঘটনা ঘটিলে গোটেই গোষ্ঠীৰে বদনাম।’
বিৰজুৰ অপেক্ষাত ৰৈ থকা চন্দনাৰ উচপিচনি মোতকৈ বৃদ্ধি পালে।
‘বিৰজুৱে বুজাব পাৰিবনে?’
‘বৌ, সিহঁতক উগ্ৰ জাতীয়তাবাদে খালে। তোমাক বিয়া কৰোৱাৰ বাবে কত গৰিহণা খাইছে ই। জাতিদ্ৰোহী সজায়। নিজৰ বুলিয়ে সিহঁতৰ সব কথা মানিব নোৱাৰি। পৰাখিনি মানি চলোঁ। জাতীয় পোচাক পৰিধান কৰি চলিবলৈ আমাক দাবী জনায়। সিহঁত ল’ৰাবোৰৰ লং পেণ্ট চাৰ্টবোৰ কি? জাতীয় পোছাক? মাতৃহে ভাষা থাকে, মাতৃহে পোছাক থাকে। কি অদ্ভূত যুক্তি!’
মই বুজা-নুবুজা দোমোজাত মই স্তব্ধ হৈ ঠাইতে ৰৈ থাকোঁ।
নিৰ্জনতাক কঁপাই স’মায়নাই কান্দি উঠে। প্ৰশান্তই চৰম শাস্তি বুকু পাতিলোৱা বাতৰিটো বতাহত বিয়পি পৰে। লগতে বিয়পি পৰে আন এটা বাতৰি। বাতৰিটো কঢ়িয়াই আনে বিৰখাঙৰ সৈতে উধাতু খাই সোমাই অহা ঘাইঘৰৰ মানুহজাকে।
টি ভিৰ পৰ্দাত সম্প্ৰীতি দৈমাৰী। বিৰজুয়ে সম্প্ৰীতিৰ কথা কৈছিল। ঐক্যতাত আঘাত সানি ‘ডিভাইড এণ্ড ৰোলচ’ নীতি প্ৰযোজ্যৰ ঢৌ উঠাৰ সময়ত তাৰ বিৰোধিতা কৰাটোও অপৰাধ। স’মায়নাৰ প্ৰশান্তৰ প্ৰেম বন্দুকৰ নলীৰ আগত উৰা মৰা আগতেই বিৰজু মূৰ ফাটিছিল। ধানৰ নৰাই আৱৰি লৈছিল কোমল মগজুক।
নিলী গগৈয়ে কাণৰ কাষৰ ৰূপালী চুলিৰ মাজৰ পৰা ডাঠ ফ্ৰেমৰ চশমাযোৰ খুলি লয়। ধূসৰ হৈ পৰা চশমাযোৰ আৰনাইখনেৰে মচি চকুৰ দুইকোণ মোহাৰি পেলায়। বিৰজুৰ কন্যাই অসমক গৌৰৱান্বিত কৰিছে। গামোচা, আৰনাই, দুমৌৰ,পাজাৰ, আগৰন আদি মাজত তাইৰ উজলি উঠা মুখখনৰ বাবেই তেওঁ যে কতদিন অপেক্ষা কৰিছিল!