নৰ্থ লখিমপুৰ কলেজত ভোলানাথ বৰুৱাৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষ্যে আলোচনা সত্ৰ

0 130

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ মেঃ WhatsApp Image 2023 05 30 at 8.30.58 PM‘ভোলানাথ বৰুৱা এজন সাধাৰণ ব্যৱসায়ী নাছিল, সমাজ-সংস্কৃতিৰ প্ৰতি অত্যন্ত দায়ৱদ্ধ এইগৰাকী ব্যক্তিয়ে অসমীয়া জাতিৰ নৱজাগৰণক যথেষ্ট ত্বৰান্বিত কৰিছিল৷’– এই মন্তব্য ড॰ অৰবিন্দ ৰাজখোৱাৰ৷ আজি নৰ্থ লখিমপুৰ কলেজত ভোলানাথ বৰুৱাৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষ্যে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ আলোচনা-সত্ৰত তেওঁ এইদৰে কয়৷ ড॰ ৰাজখোৱাই ‘ঔপনিৱেশিক অসমৰ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপট আৰু ভোলানাথ বৰুৱা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি এই প্ৰখ্যাত অসমীয়াগৰাকীৰ ঐতিহাসিক গুৰুত্ব সম্পৰ্কে কয়৷ পৰাধীন অসমত ব্যৱসায়ৰ যোগেদি স্বচ্চল হৈ দান আৰু সাহায্যৰে জাতীয় জীৱনক শক্তিশালী কৰা মাণিকচন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা, ৰাধাকান্ত সন্দিকৈ আদি ব্যক্তিৰ অৱদানৰ বিষয়েও তেওঁ প্ৰসঙ্গক্ৰমে কয়৷ তেওঁ ঊনবিংশ শতিকাৰ যথেষ্ট সংখ্যক আলোকচিত্ৰও প্ৰদৰ্শন কৰে৷ মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোৰ আঁত ধৰে সহকাৰী অধ্যাপক প্ৰকাশজ্যোতি শইকীয়াই আৰু সভাপতিত্ব কৰে সহযোগী অধ্যাপক ড॰ ধনৰঞ্জন কলিতাই৷ আলোচনা-সত্ৰৰ আন এগৰাকী সমল ব্যক্তি ড॰ ধীৰাজ পাটৰে ঊনবিংশ শতিকাৰ সময়ছোৱাত ইংলেণ্ডৰ অৰ্থনৈতিক ব্যৱস্থাৰ আধাৰত অসমত ন-কৈ গঢ় লৈ উঠা বাণিজ্যিক প্ৰেক্ষাপটৰ বিষয়ে কিছু কথা ব্যক্ত কৰে৷ তেওঁ অসমৰ বাণিজ্যিক অৰ্থনীতিৰ ভেটি নিৰ্মাণত কমলাকান্ত ভট্টাচাৰ্য, ৰাধাচৰণ বৰুৱা, হৰিবিলাস আগৰৱালা আদি অসমীয়া ব্যৱসায়ীসকলে আগবঢ়োৱা অৱদানৰ কথা কয়৷ ভোলানাথ বৰুৱাই নগাঁৱৰ পুৰণিগুদামৰপৰা গৈ কলিকতাত থাকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যৱসায়ত খ্যাতি অৰ্জন কৰা পৰিক্ৰমাটোৰ বিষয়ে পাটৰৰ বক্তৃতাৰ জৰিয়তে প্ৰকাশ পায়৷WhatsApp Image 2023 05 30 at 8.30.58 PM 1 ড॰ পাটৰে বক্তব্যৰ মাজত যোৰহাটস্থিত কাৰিকৰী প্ৰতিষ্ঠান ‘প্ৰিন্স অৱ ৱেলচ’ৰ প্ৰতিষ্ঠাৰ আঁৰত থকা ভোলানাথ বৰুৱাৰ ত্যাগৰ লগতে জাতিপ্ৰেম তথা ভাষা-সাহিত্যৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰ পৰিচিতি প্ৰদান কৰে৷ আজিৰ আলোচনাত এই কথাত খেদ প্ৰকাশ কৰা হয় যে, এনে এজন ব্যতিক্ৰমী চিন্তাৰ ব্যক্তিৰ বিষয়ে চৰ্চা কৰিবলৈও অসমীয়া মানুহৰ আহৰি নাই৷ ভোলানাথ বৰুৱাৰ দৰে ব্যক্তিয়ে ব্যৱসায়ৰ জৰিয়তে কেৱল ব্যক্তিগত লাভালাভৰ কথা নাভাবি কেনেদৰে অসমৰ শৈক্ষিক-সামাজিক ক্ষেত্ৰখনৰ উত্তৰণত আৰ্থিক আৰু মানসিক সহায়-সহযোগিতা আগবঢ়ালে সেই সম্পৰ্কে চিন্তা-চৰ্চা হোৱাটো যে প্ৰয়োজনীয় ৷ সভাপতি ড॰ ধনৰঞ্জন কলিতাই ভোলানাথ বৰুৱাৰ দৰে ব্যক্তিৰ চৰ্চাই অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নক নতুন মাত্ৰা দিব বুলি আশা প্ৰকাশ কৰে৷ অনুষ্ঠানটোত সহকাৰী অধ্যাপক ড॰ হেমন্ত শৰ্মা, মুনমী দত্তৰ লগতে ভালেসংখ্যক গৱেষক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More