নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত  নন্দকিশোৰ মহেশ্বৰীৰ ওপজা দিন ”ভাস্কৰ্য আৰু শিল্পৰ দিন” পালন

0 55

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৯ মে ঃWhatsApp Image 2024 05 09 at 7.32.20 PM আধুনিক লখিমপুৰৰ নিৰ্মাতা তথা একেধাৰে নাট্যকাৰ, সাংবাদিক, সমাজকৰ্মী, শিল্পী, লেখক, সংগঠক, নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰয়াত নন্দ কিশোৰ মহেশ্বৰীৰ ৭৬ সংখ্যক ওপজা দিনটো আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত ”ভাস্কৰ্য আৰু শিল্পৰ দিন” হিচাপে পালন কৰা হয়৷ উল্লেখ্য যে নন্দ কিশোৰ মহেশ্বৰীৰ ওপজা দিনটো ২০০৯ চনৰ পৰা ধাৰাবাহিকভাবে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে ভাস্কৰ্য আৰু শিল্পৰ দিন হিচাপে পালন কৰি আহিছে৷ ২০১৭ চনতে ইহ সংসাৰ ত্যাগ কৰা নন্দ কিশোৰ মহেশ্বৰীক নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে সদায় মনত ৰাখি অহাৰ প্ৰচেষ্টা চলাই আহিছে৷ তদুপলক্ষে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এই ভাস্কৰ্য আৰু শিল্পৰ দিনৰ উদ্দেশ্য ব্যাখ্যা কৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণাকৃষ্ণ নাথে৷ বন্তি প্ৰজ্বলন কৰে নন্দ কিশোৰ মহেশ্বৰীৰ ভতিজা চন্দ্ৰ প্ৰকাশ মহেশ্বৰী আৰু সাংস্কৃতিক কৰ্মী নবিউল হুছেইনে৷ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাৰ সঞ্চালনাত দুপৰীয়া অনুষ্ঠিত এই ভাস্কৰ্য আৰু শিল্পৰ দিনৰ লগত সংগতি ৰাখি কেবাজনো লোকে নন্দ কিশোৰ মহেশ্বৰীৰ সান্নিধ্যৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে নন্দ কিশোৰ মহেশ্বৰীয়ে কেনেদৰে আধুনিক লখিমপুৰক নিৰ্মাণ কৰি উলিয়ালে সেই বিষয়ে আলোকপাত কৰি সকলোৱে প্ৰয়াত সাংবাদিকজনৰ গুণৰাজিক সোঁৱৰণ কৰে৷ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি-সম্পাদক সুৰজিৎ ভূঞাই নন্দ কিশোৰ মহেশ্বৰী এজন ভাল সংগঠক আছিল বুলি কোৱাৰ লগতে তেওঁ সাংস্কৃতিক মনৰ অধিকাৰী আছিল আৰু নাটকৰ লগত জড়িত হৈ কংসৰ দৰে চৰিত্ৰত বলিষ্ঠ অভিনয় কৰি সমাজত পৰিচয় দাঙি ধৰিছিল বুলি কয়৷ ১৯৮৯ চনতে তেওঁ প্ৰেছ ক্লাবৰ লগত জড়িত হৈ কেনেদৰে ক্লাবৰ উন্নয়ন সাধন কৰি ভৱন নিৰ্মাণ কৰি উলিয়াইছিল সেই বিষয়ে অৱগত কৰে৷ তেওঁ নিখুট ৰুচিশীল ব্যক্তি আছিল বুলি কোৱাৰ লগতে চিনেমা, নাটক, সাংস্কৃতিক সকলো দিশতে জড়িত আছিল বুলি কয়৷ তেওঁ মঠ-মন্দিৰেই নহয় মছজিদ নিৰ্মাণতো কেনেদৰে সহায় কৰি আহিছিল সেই বিষয়ে কয়৷WhatsApp Image 2024 05 09 at 7.32.21 PM 1 আজিৰ সভাতে এল টি কে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বাহাৰুল ইছলাম, সমাজ সংগঠক ছাজাদ হাজৰিকা, সাংবাদিক শৈলেন বৰুৱা, ৰাষ্ট্ৰীয় বজৰংগ দলৰ নেতা লক্ষী গগৈ, শিক্ষাবিদ ৰেৱত চন্দ্ৰ গগৈ আদিয়ে নন্দ কিশোৰ মহেশ্বৰীৰ অৱদানৰ কথা অতি শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ উল্লেখনীয় কথা জীৱিত কালৰ পৰাই এই দিন পালন কৰি তেওঁক সন্মান যাচি অহাৰ লগতে বিয়োগৰ পিছতো তেওঁক সোঁৱৰণ কৰাত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে সদায়ে আগভাগ লৈ আহিছে৷ উল্লেখ্য যে নন্দ কিশোৰ মহেশ্বৰীয়ে লখিমপুৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান নকৈ গঢ় দিয়াৰ লগতে তেওঁ লখিমপুৰৰ গৌৰৱস্বৰূপ গণেশ মন্দিৰ, দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ, কুলিমালি নামঘৰ আদিক স্বকীয় স্থাপত্যৰে সজাই তুলিছিল৷ এইজন ভাস্কৰ্যশিল্পীক লখিমপুৰবাসীয়ে সদায় মনত ৰাখিব বুলি বক্তা সকলে ব্যক্ত কৰে৷ আজিৰ অনুষ্ঠানত যুৱ নেতা ৰূপজ্যোতি দত্ত, অৰুণ গগৈ আদিৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More