নৱনিৰ্মিত চিএন চেণ্টাৰত প্ৰথমটো অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

নিউৰ'ছাৰ্জাৰীৰে আঁতৰালে মৰিগাঁৱৰ ১১বছৰীয়া কিশোৰৰ মগজুৰ টিউমাৰ, চিকিৎসকক অভিনন্দন স্বাস্থ্যমন্ত্ৰীৰ

0 73

গুৱাহাটী, ২৪ মে’: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ নৱনিৰ্মিত ‘হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ’ (চি এন চেন্টাৰ)ত আজি সফলতাৰে সম্পন্ন কৰা হয় প্ৰথমটো অস্ত্ৰোপচাৰ। চিএন চেণ্টাৰৰ নিউৰ’ছাৰ্জাৰী বিভাগৰ অপাৰেচন থিয়েটাৰত সম্পন্ন হোৱা এই প্ৰথমটো অস্ত্ৰোপচাৰৰ জৰিয়তে মৰিগাঁৱৰ বৰদলৈ উপাধিৰ নামৰ এটি ১১ বছৰীয়া কিশোৰৰ মগজুৰ পিছ অংশত থকা এটা ‘টিউমাৰ’ আঁতৰোৱা হয়। চিএন চেণ্টাৰৰ সঞ্চালক (নিউৰ’ ছাৰ্জন) ডাঃ বসন্ত কুমাৰ বৈশ্যৰ নেতৃত্বত নিউৰ’ ছাৰ্জাৰী বিভাগৰ বিশেষজ্ঞ ডাঃ মৃণাল ভূঞা, ডাঃ অমৃত শইকীয়া, ডাঃ ৰাজীৱ হাজৰিকা আৰু ডাঃ আছমান আলিয়ে এই জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। অস্ত্ৰোপচাৰৰ পাছত কিশোৰটিৰ অৱস্থা বৰ্তমান সম্পূৰ্ণ সুস্থ আৰু তেওঁক ছুপাৰস্পেচিয়েলিটী হাস্পতালখনতে চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে।IMG 20220524 WA0024 যোৱা ৯ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ছুপাৰস্পেচিয়েলিটী চিকিৎসালখনত প্ৰথমটো অস্ত্ৰোপচাৰ সম্পূৰ্ণ সফলতাৰে সম্পন্ন কৰা নিউৰ’ ছাৰ্জাৰী বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দলটোৰ লগতে চিকিৎসালয়ৰ সকলো চিকিৎসক-অধ্যাপক আৰু স্বাস্থ্যকৰ্মীক অভিনন্দন জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজি দুপৰীয়াৰ ভাগত চিএন চেণ্টাৰত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিএন চেণ্টাৰৰ সঞ্চালক ডাঃ বৈশ্যৰ লগতে সফলতাৰে এই জটিল অস্ত্ৰোপচাৰৰ সম্পন্ন কৰা নিউৰ’ ছাৰ্জাৰী বিভাগৰ চিকিৎসকসকলক লগ ধৰি অভিনন্দন জনায়। ইয়াৰ পাছতে স্বাস্থ্যমন্ত্ৰী মহন্তই চিএন চেণ্টাৰৰ সভাকক্ষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, চিএন চেণ্টাৰৰ প্ৰৱন্ধক ডাঃ (কৰ্ণেল) ,সঞ্জীৱ মেধি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অনুজীৱবিজ্ঞান বিভাগৰ মুৰব্বী ডাঃ লাহৰী শইকীয়া, কাৰ্ডিঅ’লজী বিভাগৰ মূৰব্বী ডাঃ প্ৰণৱ ভট্টাচাৰ্যৰ লগতে চিএন চেণ্টাৰৰ কাৰ্ডিঅ’লজী, কাৰ্ডিঅ’থুৰাচিক, নিউৰ’লজী আৰু নিউৰ’ছাৰ্জাৰী বিভাগৰ অধ্যাপক-চিকিৎসকসকলৰ সৈতে হৃদৰোগ আৰু স্নায়ুৰোগৰ নতুন চিকিৎসালয়খনৰ সুপৰিচালনা সম্পৰ্কীয় দিশসমূহকলৈ আলোচনাত মিলিত হয়।
উল্লেখ্য যে, ৯ মে’ত চিএন চেণ্টাৰ আনুষ্ঠানিক ভাৱে উদ্বোধনৰ পাছত ১০ মে’ৰ পুৱাৰে পৰা ইয়াৰ বহিঃ ৰোগী বিভাগ (অ’পিডি)ৰ সেৱা মুকলি কৰা হৈছিল। আজিলৈকে এই ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ বহিঃ ৰোগী বিভাগত মুঠ ৪৩৯১ গৰাকী আৰু অন্তঃ ৰোগী বিভাগ (আইপিডি)ত ৫৫ গৰাকী ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More