নৱনিৰ্মিত ৭ কৰ্কট চিকিৎসালয়ত অপিডি সেৱা মুকলি

প্ৰথম দিনাই কৰ্কট ৰোগীৰ নিয়মীয়া পৰীক্ষণ, কেম' থেৰাপী, মেম'গ্ৰাফী, ৰোগ নিৰ্ণয়ৰ পৰীক্ষা সম্পন্ন

0 28

দিছপুৰ, ২৯ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ৰাজ্যৰ সাতোখন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়তে আজিৰে পৰা বহিঃ সেৱা বিভাগ মুকলি কৰা হয়। ডিব্ৰুগড়, বৰপেটা, যোৰহাট, লখিমপুৰ, দৰং, তেজপুৰ আৰু কোকৰাঝাৰৰ কৰ্কট কেন্দ্ৰত শুকুৰবাৰৰ পুৱা ৯ বজাৰে পৰাই কৰ্কট ৰোগাক্ৰান্তই চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হয়। অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত গঠিত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন (এচিচিএফ)ৰ দ্বাৰা পৰিচালিত চিকিৎসালয়খনত প্ৰাৰম্ভিক ভাৱে আজিৰ পৰাই কৰ্কট ৰোগীৰ বাবে সদ্যহতে নিয়মীয়া চেক আপ, কেম’থেৰাপী, মেম’গ্ৰাফী, লক্ষণযুক্ত নতুন কৰ্কট ৰোগীৰ ৰোগ চিনাক্তকৰণৰ বাবে পৰীক্ষাৰ সুবিধা উপলব্ধ কৰা হৈছে। প্ৰতিটো কেন্দ্ৰতে আজি পুৱাই সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ উপস্থিতিত চিকিৎসালয়ৰ বহিঃ বিভাগৰ সেৱাৰ বাবে কৰ্কট ৰোগীৰ নাম পঞ্জীয়ন, নিয়মীয়া চেক আপ, কেম’ থেৰাপী আদি আৰম্ভ কৰা হয়। গুৱাহাটী বা ৰাজ্যৰ বাহিৰলৈ যাব লগা নোহোৱাকৈ নিজ জিলাতে অত্যাধুনিক, বিশ্বমানৰ চিকিৎসা যন্ত্ৰৰ লগতে কৰ্কট ৰোগ চিকিৎসাৰ সুপ্ৰশিক্ষণপ্ৰাপ্ত তথা অভিজ্ঞ চিকিৎসক, নাৰ্ছৰ পৰা এই সেৱা লাভ কৰিবলৈ পাই প্ৰথম দিনাই চিকিৎসালয় কেইখনলৈ আগমন ঘটা ৰোগীৰ উপৰি সহায়কসকলেও উপায়ুক্ত তথা চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত সন্তোষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হয়। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি পুৱাৰে পৰা প্ৰতিখন চিকিৎসালয়ৰ অধীক্ষক আৰু জিলা উপায়ুক্ত কেইগৰাকীৰ পৰা কৰ্কট কেন্দ্ৰৰ বহিঃ বিভাগৰ সেৱা আৰম্ভণিৰ বিষয়ে সঘনাই খবৰ লোৱাৰ লগতে এইবিষয়ক অন্যান্য যাৱতীয় দিশসমূহত নজৰ ৰাখে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কৰ্কট ৰোগ বিধৰ লগতে ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা ৰক্ষাৰ পোষকতা কৰি কৰ্কট ৰোগৰ কোনো লক্ষণৰ সন্দেহ হ’লেই তৎক্ষণাত ওচৰৰ কৰ্কট কেন্দ্ৰলৈ গৈ সহজতে পৰীক্ষা কৰাই ল’বলৈ সকলোকে আহ্বান জনাইছে। স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘কৰ্কট ৰোগ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰিব পাৰিলেই আমি এই ৰোগক পৰাভূত কৰিব পাৰো। পৰিসংখ্যাৰ পৰা দেখা যায় যে কৰ্কট ৰোগত আক্ৰান্ত লোকসকলৰ ভিতৰৰ ৭০ শতাংশৰ ক্ষেত্ৰতে ৰোগবিধ শেষ পৰ্যায়তহে চিনাক্ত হোৱাৰ বিপৰীতে ৩০ শতাংশ মানৰহে প্ৰাৰম্ভিক অৱস্থাতে কৰোৱা পৰীক্ষাত ধৰা পৰে। দেৰিকৈ ৰোগ ধৰা পৰা সকলৰ তেতিয়ালৈ আৰোগ্যৰ সম্ভাৱনা বহুখিনি হ্ৰাস পায়। ৰাইজৰ মাজত এই ৰোগৰ বিষয়ে সজাগতা থাকিলে সামান্য লক্ষণ সন্দেহ হ’লে পৰীক্ষাৰে ৰোগ চিনাক্ত কৰি প্ৰাৰম্ভিক স্তৰতে চিকিৎসা সম্ভৱ হয় আৰু তেতিয়া ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়। সেয়ে ৰাইজে সন্দেহ হ’লেই নিজ জিলাৰ কৰ্কট কেন্দ্ৰলৈ গৈ পৰীক্ষা কৰাই ল’বলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছো।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More