ন-পুৰণি সংঘাতৰ মাজেৰে বৰাকত অগপৰ সদস্য ভৰ্তি অভিযান 

0 16
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ,১০ জুন: ন-পুৰণি সংঘাতৰ মাজেৰে বৰাকত অগপৰ সদস্য ভৰ্তি অভিযানৰ আজি অন্তিম দিন।উপত্যকাৰ ১৫ টা বিধানসভা সমষ্টিত যোৱা মঙ্গলবাৰৰ পৰা এই অভিযান আৰম্ভ কৰিছে দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা বৰাকৰ দায়িত্ব থকা পৰ্যবেক্ষক সুনীল ডেকাই। আজি অন্তিম দিনত কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী আৰু পাথাৰকান্দী বিধানসভা সমষ্টিত সদস্য ভৰ্তিৰ লগতে সাংগঠনিক সভা অনুষ্ঠিত কৰে। পূৰ্বে জিলাখনত দলৰ সবল ভেটি আছিল যদিও যোৱা কিছু বছৰত দলৰ অস্থিত্ব নোহোৱা হৈ পৰিছিল। বৰ্তমান দলৰ ভেটি পুনৰ উদ্ধাৰৰ বাবে অভিযানত নামিছে কেন্দ্ৰীয় সমিতি।ইতিমধ্যে পুৰণি কৰ্মীসকলক সক্ৰিয় কৰি, পুনৰ উভতাই অনাৰ লগতে নতুনকৈ সদস্য ভৰ্তিৰ কাম আৰম্ভ কৰিছে।প্ৰতিখন বিধানসভা সমষ্টিৰ পৰা দহ হাজাৰ সদস্য ভৰ্তি লক্ষ্য ৰাখি দলীয় কৰ্মীসকলক লৈ সাংগঠনিক কাম-কাজত নামিছে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি সুনীল ডেকাই। কৰিমগঞ্জ চহৰৰ হোটেল অলিচাত অনুষ্ঠিত হোৱা সদস্য ভৰ্তি সভাত উপস্থিত থাকি সুনীল ডেকাই কয় এসময়ত উত্তৰ কৰিমগঞ্জ সমষ্টিত আমাৰ দলৰ বিধায়ক আছিল। ১৯৮৫চনৰ পৰাই দলৰ সবল ভেটি আছিল যদিও যোৱা কিছু বছৰ ধৰি বিভিন্ন কাৰণত সাংগঠনিক কাম-কাজ পিছ পৰি থকা বাবে কিছু দুৰ্বল হৈ পৰিছিল দলটি। সেয়েহে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় কৰ্মীৰ মনোবল বৃদ্ধি কৰাই প্ৰতিটো পঞ্চায়ত দখল কৰাৰ লক্ষ্যৰে দল পুনৰ আগবাঢ়িছে। উত্তৰ কৰিমগঞ্জ সমষ্টিত দলৰ ভেটি পুনৰ উদ্ধাৰ কৰাৰ বাবে দলীয় কৰ্মীক আহ্বান জনাই অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা বৰাকৰ দায়িত্ব থকা সুনীল ডেকাই। লগতে ন পুৰণি সংঘাত আঁতৰাই সকলোকে এক লগ হৈ কাম কাজ কৰাৰ বাবে পৰামৰ্শ দিয়ে। এই সভাতে ভাতৃ সংগঠন সমূহক ও একে লগে দলৰ সাংগঠনিক কাম-কাজত জপিয়াই পৰাৰ লগতে দলটিক আগবঢ়াই নিয়াৰ বাবে কৰ্মীসকলক অনুৰোধ জনায়। তেওঁ আশাবাদী যে কৰিমগঞ্জত দলৰ ভেটি পুনৰ উদ্ধাৰ হব।এনেদৰে উপত্যকাৰ ১৫ টা সমষ্টিত সদস্য ভৰ্তিৰ লগতে সাংগঠনিক সভা অনুষ্ঠিত কৰি পঞ্চায়ত দখলৰ লক্ষ্য বান্ধি লৈ আগবাঢ়িছে দলটি। কৰিমগঞ্জ জিলাৰ পাঁচটা সমষ্টিত পৃথক পৃথক সভা অনুষ্ঠিত কৰি দলীয় কাম কাজ আৰম্ভ কৰে। দলীয় পৰ্য্যবেক্ষক সুনীল ডেকাই নব নিযুক্ত সভাপতি মুজ্জাকীৰ হোছেন তাপাদাৰ, ১৯৮৫চনৰ পৰাই দলৰ সক্ৰিয় সদস্য হিচাপে কাম কৰি অহা বৰ্তমান সাধাৰণ সম্পাদক (প্ৰশাসনিক) আব্দুল মালিক চৌধুৰীকে ধৰি পুৰণি কৰ্মীসকলৰ লগতে নতুনকৈ যোগদান কৰা কৰ্মীসকল, মহিলা পৰিষদ, যুৱ পৰিষদক লগত  লৈ এই অভিযান আৰম্ভ কৰে।ইপিনে যোৱা দুদিন ধৰি হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত সভাপতি নিযুক্তিক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। কৰিমগঞ্জত কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিমলেন্দূ সিংহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিমলেন্দূৰ প্ৰতিমূৰ্তি দাহ কৰিছিল যদিও সুনীল ডেকা অহাৰ পাছত সকলো সমস্যাৰ অবসান ঘটে।পিছে বিমলেন্দূ সিংহাক কৰিমগঞ্জৰ কোনো এখন সভাত উপস্থিত থকা দেখা নগ’ল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More