পঞ্চায়ত পৰ্যায়ৰ পুনঃ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ

দুদিনৰ ভিতৰত ওজৰ আপত্তি দাখিলৰ আহ্বান

0 36

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৭ ছেপ্টেম্বৰঃ ৰাজ্যত আগন্তুক নৱেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাক লৈ ৰাজনৈতিক দল সমূহে তৎপৰতা আৰম্ভ কৰিছে।ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণে পঞ্চায়ত সমূহৰ সীমাক লৈ এক ধূসৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে আজি ৰাজ্যজুৰি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পুনৰ সীমা নিৰ্ধাৰণৰ খচৰা জিলা প্ৰশাসনসমূহে প্ৰকাশ কৰিছে। সেইমৰ্মে লখিমপুৰ জিলা প্ৰশাসনে আজি বিয়লি ৫ বজাত জিলা আয়ুক্তৰ সভাকক্ষত এক সংবাদমেল যোগে সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰে। লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জিতু কুমাৰ দাস আৰু ভাৰপ্ৰাপ্ত জিলা আয়ুক্ত কুকিলা গগৈয়ে সদৰী কৰা মতে সম্প্ৰতি জিলাখনত মুঠ ৫ টা বিধান সভা সমষ্টি আছে। সেইকেইটা হল- ৭৩ নম্বৰ বিহপুৰীয়া, ৭৪ নম্বৰ ৰঙানদী, ৭৫ নম্বৰ নাওবৈচা, ৭৬ নম্বৰ লখিমপুৰ আৰু ৭৭ নম্বৰ ঢকুৱাখনা বিধান সভা সমষ্টি। জিলা সীমা পুনৰ নিৰ্ধাৰণ আয়োগে সমষ্টি সমূহৰ ৰাজহ চক্ৰ ভিত্তিত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সীমা পুনৰ নিৰ্ধাৰণ কৰিছে যদিও এইক্ষেত্ৰত ৰাইজ, সংগঠন আৰু ৰাজনৈতিক দলৰ পৰামৰ্শ, ওজৰ আপত্তি থাকিলে ১৮-২০ ছেপ্টেম্বৰৰ ভিতৰত আবেদন দাখিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। ৰাইজৰ আবেদন-পৰামৰ্শসমূহ চালি জাৰি চাই প্ৰশাসনে ২৭ ছেপ্টেম্বৰত চূড়ান্ত সীমা নিৰ্ধাৰণৰ তালিকা প্ৰকাশ কৰিব। উল্লেখ্য যে জিলা পুনৰ সীমা নিৰ্ধাৰণ আয়োগে খচৰাত জিলাখনত ১৯ টা জিলা পৰিষদীয় সমষ্টি চিনাক্ত কৰিছে।একেদৰে ৯ টা আঞ্চলিক পঞ্চায়ত আৰু ৮৩ টা গাঁও পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰি খচৰা প্ৰস্তুত কৰিছে।একোটা গাওঁ পঞ্চায়তত ১০টাকৈ ৱাৰ্ড থাকিব।
এইসন্দৰ্ভত ৰাইজক দুদিনৰ ভিতৰত পৰামৰ্শ আৰু ওজৰ আপত্তি দাখিল কৰিবলৈ জনাইছে যদিও এই ঘোষণাই দল-সংগঠনক বিতুষ্ট কৰি তুলিছে। মাত্ৰ দুদিনৰ ভিতৰত এখন জিলাৰ ৮৩ টা পঞ্চায়তৰ সীমা অধ্যয়ন কৰাৰ ক্ষেত্ৰত সময় অতি কম হোৱা বুলিও চৰ্চা আৰম্ভ হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More