দাদুল দেৱকৃষ্ণ বৰুৱা
২১ বছৰ পূৰ্বেই পত্নীক হেৰুৱাইছিল তেওঁ। কিন্তু এতিয়াও মানি ল’ব পৰা নাই পত্নীৰ মৃত্যুৰ খবৰ। ফলত সেই ২১ বছৰ ধৰি মৃত পত্নীৰ লগতেই সংসাৰ চলাইছে তেওঁ। পত্নীৰ মৃত্যু হৈছিল ২০০১ চনত। তাৰ পিছৰে পৰা সেই মৃত স্ত্রীৰ লগতেই জীৱন কটাইছে ৭২ বছৰ বয়সীয়া, অৱসৰপ্ৰাপ্ত মিলিটেৰী বিষয়া চাৰ্ন জনৱাচকলে (Charn Janwatchakal )। কি ভাবিছে? ঠিকেই ভাবিছে। পত্নীৰ কফিনৰ লগত ২১ বছৰ কটাই থকাটো মুখৰ কথা নহয়। অনেকেই প্রিয় মানুহৰ মৃত্যু মানি ল’ব নোৱাৰে। অদ্ভুত আচৰণ কৰে, তেওঁলোকৰ সতে বিচ্ছেদৰ যন্ত্রণা মানি ল’ব নোৱাৰে। কিন্তু মৃত্যুক কি কেতিয়াবা বাধা দি ৰাখিব পৰা যায়। ভালপোৱা কাৰোবাক প্রয়োজনীয় চিকিৎসা দি সুস্থ কৰি তুলিব হয়তো পাৰি, কিন্তু মৃত্যুৰ দৰে চিৰ বিচ্ছেদক বাধা দিয়া সম্ভৱ নহয়। ভাগ্যক মানি লৈয়েই প্রিয় মানুহৰ বিদায়ৰ যন্ত্রণা বুকুত লৈ আগুৱাই যাবলগীয়া হয় আত্মীয়-বন্ধুৰ। অৱশ্যে এই মৃত্যু মানি ল’ব নোৱাৰিলেও সমস্যা । ঠিক যেনে ঘটনা ঘটিছে থাইলেণ্ডৰ এজন মধ্যবয়সী ব্যক্তি চাৰ্নৰ লগত। ২১ বছৰ পূৰ্বে পত্নীক হেৰুৱাছিল তেওঁ। কিন্তু এতিয়াও মানি ল’ব পৰা নাই এই চিৰসত্যক। ফলত ২১ বছৰ ধৰি মৃত পত্নীৰ লগতেই কটাইছে তেওঁ। কিন্তু কিদৰে?
- পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি
চাৰ্নৰ পত্নী আছিল স্থানীয় স্বাস্থ্য বিভাগত কর্মৰত কৰ্মচাৰী। পত্নীৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ ঘৰতেই ৰাখি থয় চাৰ্নে। ঘৰৰ ষ্ট’ৰ ৰূমত এটা কফিনৰ ভিতৰত সযত্নে ৰখা হৈছিল মৃতদেহ। ঘটনাটো পোহৰলৈ অহাৰ পিছতেই তেওঁ কয় যে, পত্নীক অত্যন্ত ভাল পায়, তেওঁক এৰি থকা তেওঁৰ পক্ষে সম্ভৱ নহয়। সেয়ে এনে ব্যৱস্থা কৰিছে তেওঁ। পত্নীৰ মৃত্যুৰ পিছত দেহ কফিনবন্দী কৰি ঘৰতেই ৰাখি থয় চাৰ্নে। পিছত Petchkasem Krungthep Foundation নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত পত্নীৰ শেষকৃত্য সম্পন্ন কৰে তেওঁ। চলিত বছৰৰ ৩০ এপ্রিলত শেষকৃত্য সম্পন্ন হয় চাৰ্নপত্নীৰ। কফিনবন্দী মৃতদেহটো কবৰ দিয়া হয় বেংককত। পত্নীৰ মৃত্যুৰ ইমান বছৰ পিছতো বাস্তৱক মানি ল’বলৈ কষ্ট হৈছে চাৰ্নৰ। শেষকৃত্যৰ সময়তো দেখা যায়, কফিনৰ কাষত থিয় দি তেওঁ প্রিয়তমাক ঘূৰাই অনাৰ কথা কৈছে। তেওঁ মৃত পত্নীক উদ্দেশ্যি কোৱা শুনা গ’ল— ‘মাম, তুমি মাত্ৰ এক চমু বিৰতিৰ বাবেহে গৈছা। তোমাক মই আকৌ ঘৰলৈ ঘূৰাই আনিম। মই কথা দিছোঁ, তোমাক সোনকালেই ঘূৰাই আনিম।”
- মৃত্যুৰ কাৰণ আছিল উচ্চ ৰক্তচাপ
প্রতিবেদনত কোৱা হৈছে যে, উচ্চ ৰক্তচাপ অনুভৱ কৰাৰ পিছত চাৰ্নৰ পত্নী ব্রেইন এনিউৰিজম (brain aneurysm)ৰ ফলত মৃত্যু হৈছিল। মৃত্যুৰ পিছত তেওঁৰ পত্নীৰ মৃতদেহ বৌদ্ধ পৰম্পৰা অনুসৰি ননথাবুৰিস্থিত Wat Chonpratarn Rangsaritলৈ লৈ গৈছিল যদিও তাত মৃতদেহ দাহ নকৰি এটা কফিনত লৈ আহে। অৱশ্যে চৰকাৰী কাৰ্যালয়ত পত্নীৰ মৃত্যু পঞ্জীকৰণ কৰায়। ঘৰত মৃতদেহ ৰখাক লৈ চাৰ্নৰ দুই পুত্ৰৰ সতে মনোমালিন্য ঘটে আৰু পুত্ৰদ্বয় ঘৰ এৰি গুচি যায়। চাৰ্নে তেওঁৰ ঘৰত বিচ্ছিন্ন কৰিছিল বিদ্যুৎ সংযোগ। নোহোৱা কৰিছিল সকলো আধুনিক সা-সুবিধা।
- ২১ বছৰ কথা পাতি কটালে মৃত পত্নীৰ লগত
এই ২১ বছৰীয়া পৰিক্ৰমাত চাৰ্নে তেওঁৰ মৃত পত্নীৰ লগত দৈনিক বাৰ্তালাপ কৰিছিল! তেওঁৰ সমস্যাবোৰৰ বিষয়ে জনাইছিল, যেন জীৱিত আছে তেওঁৰ পত্নী! চাৰ্নেৰ মতে তেওঁ আৰু তেওঁৰ পত্নীৰ মাজত প্ৰথম দেখাতেই প্ৰেম হৈছিল। দুই পুত্ৰৰ সতে তেওঁলোকৰ সংসাৰত এদিনৰ বাবেও ঘটা নাছিল অলপো মনোমালিন্য। তেওঁ নমৰালৈকে পত্নীৰ মৃতদেহ লগত ৰাখিব বিচাৰিছিল। কিন্তু চাৰ্নেই শেহতীয়াকৈ অনুভৱ কৰিছিল যে, তেওঁৰ মৃত্যুৰ পিছত হয়তো তেওঁৰ পত্নীৰ প্ৰকৃত অন্ত্যেষ্টিক্ৰিয়া নহ’ব। সেয়ে স্বেচ্ছাসেৱী সংগঠনটোক পত্নীৰ শৱদেহ সৎকাৰ কৰিবৰ বাবে অনুমতি দিয়ে।
- এতিয়াও ‘মিছ’ কৰে পত্নীক
চাৰ্নৰ পত্নীৰ শৱদেহৰ শেষকৃত্য যোৱা ৩০ এপ্ৰিলত Sakorn Sunprachasan মন্দিৰ প্ৰাংগনত কৰা হয়। উল্লেখযোগ্য যে, Chulalongkorn Universityৰ পৰা Faculty of Pharmacyৰ চাৰ্নেই ৰয়েল থাই আৰ্মি (Royal Thai Army) যোগদান কৰা চাৰ্নেই পত্নীৰ শেষ দেহাৱশেষ এটা কলহত ৰাখিছে। যিটো তেওঁ নমৰালৈকে নিজৰ লগত ৰাখিব। চাৰ্নে কয় যে, এতিয়াও প্ৰতিটো মুহূৰ্তত তেওঁৰ পত্নীক ‘মিছ’ কৰে।
- সহায়ৰ হাত
অপাৰ্থিৱ ভালপোৱাৰে নিজৰ পত্নীক আবৰি ৰাখিব বিচৰা চাৰ্নক এতিয়া সহায় কৰিছে উল্লিখিত স্বেচ্ছাসেৱী সংগঠনটোৱে। তেওঁলোকে পৰিষ্কাৰ কৰি দিছে চাৰ্নেৰ ঘৰৰ চৌহদ। এটা সুকীয়া, সৰু ঘৰ নিৰ্মাণৰ কামো আৰম্ভ কৰিছে। পুৰণি ঘৰটো নিকা কৰি বিদ্যুৎ সংযোগ কৰি দিয়াৰ লগতে পানীৰ ব্যৱস্থাও কৰি দিছে। যোগান ধৰিছে খাদ্য আৰু কৰাইছে সময়ে সময়ে স্বাস্থ্য পৰীক্ষা।