পর্যাপ্ত এন্টি অক্সিডেন্টসমৃদ্ধ পাঁচবিধ খাদ্য

যিবোৰে দূৰ কৰে একাধিক শাৰীৰিক জটিলতা

0 40

তাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ জুন : বয়স ৩০ পাৰ হোৱাৰ পিছত এটাৰ পিছত আন এটা ৰোগে বাহ বান্ধে শৰীৰত। এফালে ডায়েবেটিচ, প্রেচাৰ; আনফালে হার্টৰ সমস্যা কিম্বা কিডনিৰ সমস্যা। এই সকলো ৰোগৰ পৰা মুক্তি পাবলৈ প্রয়োজন সঠিক খাদ্যাভ্যাস। সুস্থ থাকিবলৈ চিকিৎসকসকলে সকলো সময়তে পুষ্টি গুণেৰে ভৰপুৰ আহাৰ খোৱাৰ নির্দেশ দি থাকে। শাৰীৰিক সুস্থতা বজাই ৰাখিবলৈ দৈনিক ফাইবাৰ, প্রটিন, কেলছিয়াম, আইৰন সমৃদ্ধ খাদ্য খাবলৈ কয়। এইবোৰৰ লগতে প্রয়োজন এন্টি অক্সিডেন্ট সমৃদ্ধ খাদ্য খোৱাটোও। ফ্রী ৰেডিকেলৰ পৰা শৰীৰৰ বিভিন্ন কোষত ক্ষত সৃষ্টি হয়। এইবোৰ অক্সিডেটিভ ষ্ট্ৰেচৰ কাৰণ হ’ব পাৰে। তেনেদৰেই দীর্ঘস্থায়ী অক্সিডেটিভ ষ্ট্ৰেচ হার্টৰ ৰোগ, ডায়েবেটিচ আৰু কেন্সাৰৰ কাৰণ হয়। ইয়াৰ পৰা মুক্তি পাবলৈ প্রয়োজন এন্টি অক্সিডেন্ট। আপুনি তলত উল্লেখ কৰা এন্টি অক্সিডেন্ট সমৃদ্ধ পাঁচবিধ খাদ্য খাব পাৰে, যিবোৰে শৰীৰৰ একাধিক প্ৰয়োজন পূৰণ কৰে।

* ডার্ক চকলেট খাব পাৰে দৈনিক। পলিফেনোল আৰু ফ্লাভোনোৱেড থাকে ডার্ক চকলেটত। ইয়াত থাকে খনিজ আৰু এন্টি অক্সিডেন্ট। প্রতি ১০০ গ্রাম ডার্ক চকলেটত থাকে ১৫ mmol পর্যন্ত এন্টি অক্সিডেন্ট। যি শৰীৰ কৰি ৰাখে সুস্থ।

* গাখীৰ চাহৰ সলনি খাওক গ্রীন টি। এই চাহ এন্টি অক্সিডেন্টেৰে পৰিপূর্ণ। দৈনিক ৩বাৰ পর্যন্ত গ্রীন টি খাব পাৰে। ওজন কমোৱাৰ লগতে এই চাহে শৰীৰ কৰি ৰাখে সুস্থ। ইয়াৰ গুণত কেন্সাৰৰ সম্ভাৱনীয়তা কমি যায়। স্তনৰ কেন্সাৰ, মূত্ৰাশয়ৰ কেন্সাৰৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনাও আছে।

* পালেং শাক এন্টি অক্সিডেন্ট সমৃদ্ধ। ইয়াত আছে ফাইবাৰ আৰু একাধিক উপকাৰী উপাদান। শৰীৰ সুস্থ ৰাখিবলৈ দৈনিক খাব পাৰে এন্টি অক্সিডেন্ট সমৃদ্ধ পালেং শাক। ইয়াত থাকে লুটেইন আৰু জেক্সানথিনৰ দৰে উপাদান। যি শৰীৰ কৰি ৰাখে সুস্থ।

* খাব পাৰে বিট। বিটৰ পৰা তৈয়াৰ কৰা জুচ খাব পাৰে প্রতিদিনে। ইয়াৰ ফলত শৰীৰৰ সকলো প্ৰয়োজনীয়তা পূৰণ হ’ব। বিটত প্রচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে। লগতে থাকে ফাইবাৰ, আইৰন, ফোলেট। যি সকলো শাৰীৰিক প্ৰয়োজনীয়তা পূৰণ কৰে। যিসকলে বিট খায়, তেওঁলোকৰ কলন আৰু পাচনতন্ত্রৰ কেন্সাৰৰ পৰা মুক্তি পাব পাৰে।

* বহুতৰেই পছন্দৰ ফলৰ তালিকাত স্থান পায় ষ্ট্ৰবেৰীয়ে। এইবিধ ফল যেনেদৰে সুস্বাদু তেনেদৰেই ইয়াত আছে একাধিক পুষ্টিগুণ। গৱেষণাত জনা গৈছে যে, ষ্ট্ৰবেৰীত আছে এন্থোচায়ানিন নামৰ এক ধৰণৰ এন্টি অক্সিডেন্ট। যি শৰীৰৰ বাবে বেছ উপযোগী। ষ্ট্ৰবেৰীৰ গুণত শৰীৰৰ বেয়া কলেষ্টৰেলৰ মাত্রা কমি যায়। ই শৰীৰ সুস্থ ৰাখিবলৈ সহায় কৰে। সেয়ে সুস্থ থাকিবলৈ খাব পাৰে ষ্ট্ৰবেৰী।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More