পলায়ন কৰা ৰাষ্ট্ৰপতিৰ ঘৰত কোটি কোটি টকা

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জুলাই : স্বাধীনতাৰ পিছত শ্ৰীলংকা আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটত পৰিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৯ জুলাই শনিবাৰে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ ঘৰৰ পৰা প্ৰতিবাদকাৰীয়ে বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰে। শ্ৰীলংকাৰ দৈনিক কাকত ‘ডেইলী মিৰৰ’-এ প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ হোৱা ধনখিনি নিৰাপত্তাৰক্ষী ইউনিটক গতাই দিয়া হৈছে। শনিবাৰৰ অভ্যুত্থানৰ পিছত ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে কেইবাটাও ভিডিঅ’। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বাসগৃহত আক্ৰমণ চলায়। কিন্তু প্ৰতিবাদকাৰীসকলে তেওঁৰ বাসগৃহৰ চৌহদত প্ৰৱেশ কৰাৰ পূৰ্বেই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষ পলায়ন কৰে। এটা গোপন সুৰংগ পথেৰে তেওঁ পলায়ন কৰা বুলি চৰ্চা চলিছে। চৰকাৰী বাসগৃহৰ পৰা পলায়ন কৰাৰ কেইঘণ্টামান পিছতে তেওঁৰ বাসগৃহৰ পুলত সাঁতুৰি থকা দেখা গ’ল একাংশ প্ৰতিবাদকাৰীক। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ত প্ৰতিবাদকাৰীয়ে উদ্ধাৰ কৰা ধন গণনা কৰাও দেখা গৈছিল। উক্ত ধন ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বাসভৱনত উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে। তদন্তত প্ৰাসংগিক তথ্য উন্মোচন কৰাৰ পিছতহে পৰিস্থিতি বুজিব পৰা যাব বুলি শ্ৰীলংকাৰ কৰ্তৃপক্ষই কয়। দেশত শান্তি বজাই ৰখাত সহায় কৰিবলৈ সশস্ত্ৰ বাহিনী আৰু আৰক্ষীক আহ্বান জনাইছে মুখ্য সেনাধ্যক্ষ জেনেৰেল শ্বেভেন্দ্ৰ ছিলভাই। ট্ৰাই-ফ’ৰ্চৰ সেনাধ্যক্ষসকলৰ সৈতে এক বিশেষ বিবৃতিত তেওঁ এই মন্তব্য কৰে। ইফালে শ্ৰীলংকাৰ পৰ্যটন আৰু ভূমি মন্ত্ৰী হৰিণ ফাৰ্নাণ্ডো আৰু শ্ৰম আৰু বহিঃৰাজ্যৰ নিয়োগ মন্ত্ৰী মনুষা নানায়ককাৰাই তৎকালীনভাৱে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে। শ্ৰীলংকাৰ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী ৰানীল উইক্ৰেমসিংহৰ ব্যক্তিগত বাসগৃহটোও ভাঙি-ছিঙি জুই জ্বলাই দিয়ে। ক্ষুব্ধ প্ৰতিবাদকাৰীক ৰোধ কৰিবলৈ আৰক্ষীয়ে পানী আৰু কন্দুৱা গেছ নিক্ষেপ কৰে যদিও প্ৰতিবাদকাৰী প্ৰধানমন্ত্ৰীৰ ঘৰত প্ৰৱেশ কৰি জুই লগাই দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More