পশুপালন মন্ত্রী অতুল বৰাৰ সংবাদমেল

আফ্ৰিকান ছোৱাইন ফিভাৰ : ৪০,৪৮২ টা গাহৰিৰ মৃত্যু

0 10
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৯ জুলাইঃ বান বিধ্বস্ত ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জুৰুলা কৰিছে হাজাৰ হাজাৰ গাহৰি পালকক। কেইবাখনো জিলাত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে বহু গাহৰি। ইয়াৰ মাজতে ৰাজ্যৰ দুখন জিলাত বন্ধ কৰা হৈছে গাহৰি মাংসৰ বিক্ৰী। ৰাজ্যৰ শেহতীয়া আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে পশুপালন মন্ত্ৰী অতুল বৰাই। আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত তেওঁ কয় যে ১৯২১ চনত এই ৰোগ আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল। আফ্ৰিকান ছোৱাইন ফ্লু এটা মাৰাত্মক ভাইৰাছজনিত ব্যাধি। ১০০ বছৰ পিছত বিগত দুবছৰ পূৰ্বে অসম তথা অৰুণাচলত এই ৰোগ আৰম্ভ হ’ল। শেহতীয়াকৈ ৰাজ্যৰ ২২ খন জিলাত ছোৱাইন ফিভাৰৰ পাদুৰ্ভাৱ ঘটিছে। আনহাতে ৰোগৰ অভিকেন্দ্ৰ হিচাপে ৭২ টা স্থান চিহ্নিত কৰা হৈছে। মন্ত্রীগৰাকীয়ে কয় যে এতিয়ালৈকে আক্ৰান্ত জিলাসমূহৰ ১৪,৫০০ টা পৰিয়ালৰ গাহৰি এই ৰোগত আক্ৰান্ত হৈছে আৰু ২০২০ চনৰ মাৰ্চৰ পৰা এতিয়ালৈকে ৪০,৪৮২ টা গাহৰিৰ মৃত্যু হৈছে। আনহাতে ১৬ খন জিলাৰ ২৭ টা অভিকেন্দ্ৰ এলেকাত ১৩৭৮ টা গাহৰি ইতিমধ্যে চৰকাৰীভাৱে নিধন কৰা হৈছে। এই ৰোগ প্ৰতিৰোধ কৰাৰ কোনো বিকল্প নাই। যাৰবাবে সংক্ৰমিত গাহৰি নিধন কৰ‍ৰ বাহিৰে বেলেগ উপায় নাই। তিনিদিনৰ ভিতৰত ৰোগ চিনাক্ত কৰি গাহৰি নিধন কৰাৰ লগতে দহ দিনৰ ভিতৰত গাহৰি পালকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। গাহৰি পালকক ক্ষতিপূৰণ হিচাপে ১৫ কিলোগ্ৰাম পৰ্যন্ত গাহৰিৰ বিনিময়ত ২২০০ টকা, ১৫ কেজিৰ পৰা ৪০ কেজি পৰ্যন্ত গাহৰিৰ বিনিময়ত ৫৮০০ টকা, প্ৰাপ্তবয়স্ক প্ৰজননক্ষম ৪০ ৰ পৰা ৭০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ৮৪০০ টকা, ৭০ ৰ পৰা ১০০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ১২০০০ আৰু ১০০ কেজিৰো অধিক প্ৰজননক্ষম ওজনৰ গাহৰিৰ বিনিময়ত ১৫০০০ টকাকৈ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও বিনষ্ট কৰা দানাৰ বাবে প্ৰতি কেজিত ২২ টকাকৈ দিয়াকৈ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে ক্ষতিপূৰণৰ বাবদ ১৪৮.০৮ লাখ টকা দিয়া হৈছে বুলি মন্ত্রী বৰাই জানিবলৈ দিয়ে। এই ৰোগৰ ভেকচিন ভাৰত চৰকাৰে তৈয়াৰ কৰিব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবেই তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত গাহৰি মাংসৰ বিক্ৰী বন্ধ কৰা হৈছে। আনহাতে গঠন কৰা হৈছে ৪২৭ টা ৰেপিড ৰেচপনছ টিম। চৰকাৰে গাহৰি ব্যৱসায় পুনৰুজ্জীৱিত কৰিবলৈ বিশেষ আঁচনিও গ্ৰহণৰ সিদ্ধান্ত লৈছে বুলি তেওঁ কয়। আনহাতে ৰাজ্যখনৰ সাম্প্ৰতিক বানপানী সন্দৰ্ভত পশুপালন আৰু পশুচিকিৎসা বিভাগে গ্রহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে উল্লেখ কৰে মন্ত্রী বৰ‍াই। তেওঁ কয় যে ৰাজ্যখনৰ শেহতীয়া প্ৰলয়ংকাৰী বানৰ কবলত পৰি ২৯ খন জিলাৰ মুঠ ৪৪,১১,৫৭৬ সংখ্যক পশুধন আৰু হাঁহ-কুকুৰা আক্রান্ত হৈছে আৰু তাৰ ভিতৰত ৪৬,৫০৭ সংখ্যক পশুধন আৰু হাঁহ-কুকুৰা মৃত্যুমুখত পৰে। বানাক্রান্ত এলেকাসমূহৰ পশুধন আৰু হাঁহ-কুকুৰাৰ যাৱতীয় চিকিৎসাৰ বাবে মুঠ ৪০২ টা পশুচিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয়। য’ত ১,৪৯,৭২৯ টা পশুধনক প্রয়োজনীয় চিকিৎসা প্রদান কৰাৰ লগতে ৯১,৫৪৫ সংখ্যক পশুধনক বিভিন্ন ৰোগৰ প্ৰতিষেধক ছিটা প্ৰদান কৰা হয়। বর্তমানেও বিভিন্ন অঞ্চলত বানপানীৰ পৰৱৰ্তী কালত হ’ব পৰা বিভিন্ন ৰোগৰ চিকিৎসা তথা ছিটাকৰণৰ কাম চলি আছে। তেওঁ লগতে কয় যে ৰাজ্যখনৰ বানাক্ৰান্ত এলেকা সমূহৰ মুঠ ১৪ টা বিভাগীয় পশু চিকিৎসা প্রতিষ্ঠান ক্ষতিগ্রস্থ হৈছে। বানত মৃত্যু হোৱা অথবা উটি যোৱা পশুধন সমূহৰ ক্ষতিপূৰণৰ বাবে ইতিমধ্যে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু অসম দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়ম অনুসৰি অচিৰেই কাৰ্যকৰী কৰা হ’ব। তেওঁ লগতে কয় যে ৰাজ্যখনৰ পশুপালক সকলৰ সহায়ক হোৱাকৈ তিনিখন জিলা ক্রমে ডিব্ৰুগড়, গোলাঘাট আৰু কামৰূপ মহানগৰত তিনিখন অত্যাধুনিক সা-সুবিধাযুক্ত বিশেষ পশু চিকিৎসালয় স্থাপনৰ বাবে অনুমোদন জনোৱা হৈছে। ৰাজ্যৰ ১১ খন জিলালৈ ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা বাহন ‘পশুধন সাৰথি’ প্রদান কৰা হ’ব। মুঠ ১৮১ খন এনে বাহন প্রদান কৰা হ’ব। পশুচিকিৎসা খণ্ডৰ কার্যক্ষমতা বৃদ্ধিৰ বাবে বিভাগত খালী হৈ থকা ১৬২ গৰাকী পশু চিকিৎসক তথা ৩৭৮ জন ক্ষেত্র সহায়কৰ নিযুক্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে। তেওঁ কয় যে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত নাজিৰাত এটা অত্যাধুনিক মাংস সংসাধন প্রকল্প স্থাপন কৰা হ’ব। সংবাদমেলত তেওঁ চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More