(১)
অৰিন্দম তালুকদাৰ
পথ যাত্ৰা আমাৰ অন্যতম প্ৰিয় অভিৰুচি। দীঘলীয়া বাট গাড়ীৰে গৈ থাকি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা, পথৰ কাষৰ জনজীৱন প্ৰত্যক্ষ কৰা, ফটো তোলা, পথৰ কিনাৰৰ খাদ্য বিপণি সমূহত চাহ- ভাত খোৱা ইত্যাদি কামবোৰ কৰাৰ কাৰণে আমি দূৰ দূৰণিলৈ গাড়ীৰে ভ্ৰমণ কৰি খুব ভাল পাওঁ। বিগত ১৪ অক্টোবৰ তাৰিখে বিশ্ববিদ্যালয়ৰ বন্ধ মিলাই আমি চাৰিদিনৰ বাবে পশ্চিম বংগৰ ডুৱাৰ্ছ অঞ্চললৈ ওলালো। আজি কেইবছৰমান আগতে আমি কালিম্পঙ লৈ গৈছিলো যদিও আমাৰ তাত থকা হোৱা নাছিল। তাৰ কিছুদিন পাছতে আউটলুক ট্ৰেভেলাৰ আলোচনীত কালিম্পঙ ঠাই খনৰ বিষয়ে এটা লেখা পঢ়াৰ লগতে ছবিবোৰ চোৱাৰ পাছত কালিম্পঙত এবাৰ থকাকৈ যোৱাৰ হেঁপাহ মনতে পুহি ৰাখিছিলো। এইবাৰ সময় সুবিধা মিলাই আমাৰ গাড়ী চালক ধ্ৰুৱ চৌধুৰীৰ সৈতে নিজৰ ইকস্পৰ্ট গাড়ীখন লৈ ওলালো।
দেৱতাৰ মন্দিৰৰ বাট কেনি?
১৪ অক্টোবৰ নিশাটো অভয়াপুৰীত কটাই ১৫ তাৰিখ ৰাতিপুৱাই পুৰণি অসম ট্ৰাঙ্ক ৰোড অৰ্থাৎ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে (এতিয়া ১৭) পশ্চিমবঙ্গ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। বাটত বগৰীবাৰী মহামায়া মন্দিৰত সেৱা জনোৱাৰ বাবে সোমাই যাম বুলি আগবাঢ়িলো। ৰাজপথেৰে কুৱলীফালি খগড়পুৰৰ কেঁকুৰি কেইটা অতিক্ৰম কৰি গৈ থাকোতে গম পালো যে শীত আহিল। হাকামা বিল পাওতে ৰ’দ ওলাল আৰু দেখিলো ৰ’দৰ পোহৰত হাকামা বিলৰ মাজত ভেট ফুল বোৰে মিঠা হাহিঁ মাৰি জিলিকি উঠিছে। এনে এক নয়নাভিৰাম দৃশ্যই নিশ্চয়কৈ আমাক ফটো তুলিবলৈ বাধা কৰিলে। বগৰীবাৰীৰ মহামায়া মন্দিৰ পুৱা অলপ পলমকৈ খোলে সেয়ে মই বাহিৰৰ পৰাই সেৱা কৰি প্ৰসাদ আগবঢ়াই ওলাই আহিলো। মহামায়া মন্দিৰত প্ৰসাদ আদি বৰ সাৱধানে হাতত লৈ আগবাঢ়িব লাগে নহ’লে হনুমান সেনাই কি কৰে ঠিক নাই। আমি বহু দূৰ বাট যাব লাগিব সেয়ে সময় বচোৱাৰ বাবে মন্দিৰ চৌহদত চাহ- জলপান নেখাই ৰাজপথৰ কিনাৰৰ ধাবাতে খাই লম বুলি ওলাই আহিলা।
একালৰ বৃন্দাবন(!)একালত পৰে চন
আমি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৌৰীপুৰ পাৰ হৈ বক্সিৰহাটৰ দিশত আগবাঢ়িলো কিন্তু গৌৰীপুৰৰ পৰা গোলোকগঞ্জলৈ পথছোৱা বিধ্বস্ত। ভগা- চিগা ৰাজপথত পুখুৰী সদৃশ গাঁত। গাড়ীৰ থেকেচাত পেটৰ নাড়ী-ভুঁৰু ওলাই অহাৰ উপক্ৰম হ’ল। ইফালে বাৰুকৈয়ে ভোক লাগিছে যদিও বাটৰ কাষত ভাল ধাবা আদি চকুত নপৰে। গোলোকগঞ্জ পাৰ হোৱাৰ পাছত ৰাস্তা ভাল পালো যদিও আগমনী লৈকে মন পছন্দৰ ধাবা এখন বিচাৰি নাপালো। এসময়ত পৰিবহন বিভাগ,কৰ বিভাগৰ গেটৰ বাবে হাজাৰ হাজাৰ গাড়ী- মটৰেৰে গিজগিজাই থকা অসম পশ্চিমবংগৰ এই সীমামূৰীয়া ঠাইবোৰত এতিয়া যান বাহনৰ আহ-যাহ তেনেই পাতল। কিবা যেন নাই!অৱশেষত ছাগলীয়াৰ জন্মু পাঞ্জাব ধাবা নামৰ এখন ধাবাত ৰুটি,তৰকা, অমলেট আদি ভালদৰে খাই ল’লো।
চাহ বাগিচা আৰু বনাঞ্চলৰে সুশোভিত ডুৱাৰ্ছৰ মাজে মাজে
চাহ জলপান খাই আমি আলিপুৰ দুৱাৰ- হাচিমাৰা হৈ নগৈ কোচবিহাৰ- ফালাকাটা- বীড়পাৰা হৈ চালছা – মালবাজাৰ – চেভক অভিমুখে আগবাঢ়িলো। উত্তৰ বঙ্গৰ মাজেৰে যোৱা এই পথছোৱাৰে যাত্ৰা কৰাৰ মাদকতাই সুকীয়া। উত্তৰ বঙ্গৰ সৰু সৰু নগৰ বোৰ পাৰহৈ যাওঁতে সৌ সিদিনা শেষ হোৱা দুৰ্গা পূজাৰ মন্ডপ কিছুমানো দেখা পাইছিলো। এসময়ত আমি ৰাজপথৰ দুয়োকাষে থকা চাহ বাগিচাৰ মাজে মাজে যাবলৈ আৰম্ভ কৰিলোঁ।। পথছোৱা দুই লেন যুক্ত হ’লেও পথৰ অৱস্থা অতি ভাল; মসৃণ,ক’তো এটা গাঁত নাই। পথৰ দুয়োকাষে সেউজীয়া চাহবাগিচাৰ মাজে মাজে গৈ থাকোতে এনে লাগিল আমি যেন অসমৰ বুঢ়া পাহাৰ পাৰ হৈ চাহবাগিচাৰ মাজে মাজে যোৰহাট,ডিব্ৰুগড়ৰ পিনে গৈ আছো। কিছুদূৰ যোৱাৰ পাছত লাহে লাহে বাটতো হাবিতলীয়া হ’ল। চাপৰামাৰী অভয়াৰণ্য আৰু গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানৰ কাষে কাষে গৈ আমি মালবাজাৰৰ দিশত আগবাঢ়িলো। গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা পৰ্যটক সকলৰ জীপচি বোৰ লগ পালো। সেই অঞ্চলৰ বাটৰ কাষে কাষে দেখিলো অসংখ্য ৰিজৰ্ট, হোটেল আদি।
মালবাজাৰৰ তন্ডুৰী চাহকাপ
উত্তৰ বংগৰ অতি ধুনীয়া ৰাজপথৰ অপৰূপ শোভা চাই আহি ছবি তোলাত ব্যস্ত থাকোঁতে ভোকেই নালাগিল। ইতিমধ্যে ভাত খোৱাৰ সময় পাৰ হৈ গৈছিল । আমি পাহাৰীয়া ৰাস্তাখিনি দিনে পোহৰে পাৰ হৈ সন্ধিয়া সোনকালে কালিম্পঙত সোমোৱাৰ বাবে চেষ্টা কৰিছিলোঁ। সেয়ে অসময়ত ভাত নেখাই মালবাজাৰতেই চাহ একাপ খোৱাৰ সিদ্ধান্ত ল’লো। মালবাজাৰ উত্তৰ বঙ্গৰ এখন সৰু ধুনীয়া চহৰ। আমি বজাৰৰ মাজত কেবাখনো চাহ দোকান দেখিলো যদিও পাৰ্কিঙৰ অসুবিধাৰ হেতুকে সেইবোৰত ৰ’ব নোৱাৰিলোঁ। অৱশেষত মালবাজাৰ পাৰ হৈ এহাল বয়সস্থ বিহাৰী দম্পতীৰ সৰু চাহৰ দোকান এখনত সোমালো।বিহাৰী চাচাই আমাক আথে বেথে বহুৱাই নিজ হাতেৰে কাঢ়া থকথকীয়া গাখীৰ চাহ কৰিলে আৰু গেচৰ আনটো চৌকাত মাটিৰ কাপ দুটা পুৰি তাতে গৰম চাহ ঢালি আমাক দিলে লগত দিলে খুৰমা আৰু গৰম কাটা নিমকি। চাহটোপা খাই একেবাৰে অমৃত খোৱা যেন লাগিল আৰু একোকাপ কৈ চাহ খুজি খালো। চাহ খাই আমাৰ যেন দুখ ভাগৰ নোহোৱা হৈ গ’ল! তেতিয়াও কিন্তু চেভক,তিস্তাবজাৰ হৈ কালিম্পঙ পাবলৈ আমাৰ ৭৫ কিমি যাত্ৰা বাকী আছিল। আগলৈ বাটো হ’ব পাহাৰীয়া। স্বাভাৱিকতেই বৰষুণ আৰু ভূমি স্খলনৰ বাবে গেংটকলৈ যোৱা পথছোৱাৰ অৱস্থা ভাল নাছিল আৰু পথছোৱাৰ আৰম্ভণিতে অসম্ভৱ যানজঁট পালোঁ। আমাৰ গাড়ী চালক ধ্ৰুৱ চৌধুৰীয়ে এই পথেৰে আগতে অহা নাছিল যদিও টাৱাঙ,থিম্ফু আদিলৈ কেবাবাৰো যাত্ৰা কৰাৰ অভিজ্ঞতাৰে পুষ্ট ধ্ৰুৱই হেলাৰঙে পাহাৰীয়া সুউচ্চ পথেৰে গাড়ী চলাই গ’ল। সন্ধিয়া ভৱামতেই কালিম্পঙ চহৰত প্ৰৱেশ কৰিলোঁ। এখন শান্ত সমাহিত ধুনীয়া চহৰে সেই সন্ধিয়া গা- মন জুৰাই যোৱা এছাটি শীতল বতাহেৰে আমাক স্বাগতম জনালে।
কেৱল নিজৰ সৈতে কটোৱা দুটা দিন
আমি কালিম্পঙত থকা Sterling park নামৰ হোটেল খন হেনো এসময়ত পশ্চিম বংগৰ কোনো থলুৱা ৰজা(জমিদাৰ?) গ্ৰীষ্মৰ আৱাস আছিল। সেই পুৰণি আৱাসৰ কিছু অংশ আগৰ দৰে ৰাখি আৰু নতুনকৈ কিছু সংযোজিত কৰি গোটেই property টোক এতিয়া বুটীক্ হোটেলৰ ৰূপ দিয়া হৈছে। অত্যন্ত শান্ত পৰিবেশত ঐতিহ্য বিজৰিত এই হোটেলত আমি দুটা দিন কেৱল নিজৰ সৈতে অবিস্মৰণীয় কৈ পাৰ কৰিলোঁ। সন্ধিয়া ৰজা দিনীয়া চ’ৰা ঘৰত বহি কফি খালো, মৃদু সংগীত শুনিলো। পাহাৰৰ সেমেকা বতাহৰ আমেজ লৈ পৰ্টিকোৰ হালধীয়া পোহৰত কিছুসময় কিতাপ পঢ়িলো। ৰাতিপুৱাৰ ফৰকাল বতৰত প্ৰাণভৰি হিমালয় পৰ্বতমালাৰ সোণালী সুষমা ঢালো। কাঞ্চনজংঘাৰ অসংখ্য ছবি ল’লো।
ঔপনিৱেশিক ঐতিহ্য বিজৰিত প্ৰাকৃতিক শোভাৰে পৰিপূৰ্ণ বৰ্ণিল কালিম্পঙ। ভূটান,তিব্বতৰ দুৱাৰমুখ চিকিমৰ ৰাজ শাসনৰ অধীনত থকা তাহানিৰ সৰু গাওঁখন আজি পশ্চিমবংগৰ এখন জিলা সদৰ। ঔপনিৱেশিক ঐতিহ্য বিজৰিত কালিম্পঙ ইয়াৰ প্ৰাকৃতিক শোভা, আৱাসিক ইংৰাজী মাধ্যমৰ বিদ্যালয়, ফুলনি বাগিচা,নাৰ্চাৰী, ঔপনিৱেশিক স্থাপত্য শৈলীৰ ঘৰ দুৱাৰ, পৰিবেশ অনুকূল পৰ্যটন ইত্যাদিৰ বাবে বিখ্যাত। একালত স্কটিছ মিছনেৰী সকলৰ কৰ্মথলী কালিম্পঙত আজিও আছে ১৯০০ চনতে প্ৰতিষ্ঠা কৰা ড: গ্ৰাহাম্ চ বিদ্যালয় আৰু অনাথ আশ্ৰম। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰিয় ঠাই কালিম্পঙত এতিয়াও আছে তেওঁ থাকি যোৱা গৌৰীপুৰ ভৱন।(এতিয়া চৰকাৰী কাৰ্যালয়!) আমি কালিম্পঙত থকাৰ দিনা তাৰে স্থানীয় টেক্সী এখন লৈ ঠাইখনৰ চাবলগীয়া ঠাইবোৰত এপাক মাৰিলো। টেক্সী খনৰ মালিক আৰু চালক ওমপ্ৰকাশ চেত্ৰী বৰ ভদ্ৰ, অতিথিপৰায়ণ আৰু পৰ্যটক প্ৰিয় মানুহ আছিল। তেওঁ আমাক আগ্ৰহেৰে কালিম্পঙ চহৰ ফুৰাই বৌদ্ধ বিহাৰ, দুৰ্গা মন্দিৰ, হনুমান মন্দিৰ, গোল্ফ ফিল্ড ,মংগল ধাম,পাইন ভিউ নাৰ্চাৰী আৰু পাহাৰৰ শিখৰত থকা দেলো পৰ্যটন কেন্দ্ৰ দেখুৱালে।এই সকলোবোৰ ঠাইৰ ভিতৰত কালিম্পঙৰ সুউচ্চ শিখৰত থকা দেলো পৰ্যটন কেন্দ্ৰ লৈ গৈ আটাইতকৈ ভাল লাগিল। অতি সুন্দৰ কৈ পৰিচালনা কৰা, চাফ চিকুণ এই পৰ্যটন কেন্দ্ৰ ত পেৰাগ্লাইডিঙকে আদি কৰি পৰ্যটক সকলৰ বিনোদনৰ বিভিন্ন সা সুবিধা বিদ্যমান। ইয়াৰ পৰা এফালে কাঞ্চনজংঘাৰ অনন্য শোভা আৰু আনফালে কালিম্পঙ চহৰ খন বৰ ধুনীয়া কৈ প্ৰত্যক্ষ কৰিব পাৰি। আমি দিনটো ফুৰা চকা কৰি সন্ধিয়া অকণ বজাৰখনত ঘুৰিলো। ৰাতি ভাত খাই সোনকালে শোৱাপাটিলৈ গ’লো কাৰণ পাছদিনা পুৱাই আমি শিলিগুড়ি অভিমুখে নামি যাব লাগিব।
( আৰু এটা খণ্ডত সমাপ্ত)