পাকঘৰৰ মজিয়াত ওলাল ৬৮ কোটিৰ গুপ্তধন! উদ্ধাৰ ২৬০টা সোণৰ মোহৰ

0 32

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ অক্টোবৰ : অষ্টাদশ শতিকাৰ এটা ঘৰৰ পাকঘৰৰ মজিয়াত উদ্ধাৰ কৰা হৈছে এটা পাত্ৰ। সেই পাত্ৰটোত ২৬০টাতকৈয়ো অধিক প্ৰাচীন সোণৰ মুদ্ৰা আছিল। ইংলেণ্ডৰ ইষ্ট ইয়ৰ্কশ্বাৰৰ এটা ঘৰৰ পাকঘৰৰ মজিয়াত উদ্ধাৰ হোৱা এই সম্পদ শেহতীয়াকৈ নীলাম কৰা হৈছে। নীলামত সোণৰ মুদ্ৰাসমূহৰ পৰা প্ৰায় ৭৫,৪০০০ পাউণ্ড লাভ হৈছিল। ভাৰতীয় মুদ্ৰাত যিটো ৬৮ কোটিতকৈ অধিক। বিশেষজ্ঞসকলে কয় যে ১৬১০ চনৰ পৰা ১৭২৭ চনৰ ভিতৰত এই মোহৰসমূহ নিৰ্মাণ কৰা হৈছিল। এই মোহৰবোৰ ফাৰ্ণলি-মাইষ্টাৰ নামৰ এটা পৰিয়ালৰ সম্পত্তি। দীৰ্ঘদিন ধৰি বাল্টিক অঞ্চলত ব্যৱসায় কৰি আহিছে পৰিয়ালটোৱে। নীলামকাৰী সংস্থাটোৱে দাবী কৰা মতে, তেওঁলোকে ভবাতকৈ তিনিগুণতকৈও অধিক মূল্য মুদ্ৰাবোৰে আনিছে। তেওঁলোকে ভাবে যে ইংলেণ্ডৰ ইতিহাস মোহৰৰ লগত জড়িত হোৱাৰ বাবেই দাম বাঢ়িছে। নীলাম সংস্থাটোৰ মতে, ১৬৯৪ চনত জোচেফ ফাৰ্নলি আৰু চাৰা মেইষ্টাৰ নামৰ এহাল দম্পতিৰ বিবাহ হৈছিল। তাৰ পিছত ১৭২৫ চনত জোচেফৰ মৃত্যু হয় আৰু ১৭৪৫ চনত ছাৰাৰ মৃত্যু হয়। তেওঁলোকে সেই মোহৰবোৰ কোনোবা নহয় কোনোবা এটা সময়ত নিজৰ পাকঘৰত লুকুৱাই ৰাখিছিল। তেওঁলোকৰ মৃত্যুৰ কিছুদিন পিছতেই এই ফৈদ বিলুপ্ত হৈ পৰে। কিন্তু মোহৰৰ বুৰঞ্জী জনাৰ বিপৰীতে এই মোহৰ বিচাৰি পোৱা দম্পতিটোৰ পৰিচয় গোপন কৰি ৰখা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More