পাচলি বিক্ৰেতা মহিলাই কৰিছে ১১খন দেশ ভ্ৰমণ

জীৱন, জীৱন বৰ অনুপম!

0 127

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : তেওঁ বজাৰত শাক-পাচলি বিক্ৰী কৰে। কিন্তু সেই উপাৰ্জনেৰে কেৱল খোৱা-বোৱা কৰি দিনটো পাৰ কৰিবলৈ অনিচ্ছুক ৬১ বছৰ বয়সীয়া মহিলাগৰাকী। তেওঁৰ জীৱনৰ দৰ্শন হৈছে কাম কৰা, ধন সঞ্চয় কৰা আৰু পৃথিৱীখন চোৱা। নাম মলি। বয়স ৬১ বছৰ। কেৰালাৰ এৰনাকুলামত থাকে। শাক-পাচলি বিক্ৰী কৰাটো তেওঁৰ বৃত্তি। কিন্তু মলি কেৱল এই পৰিচয়তে বন্দী হ’ব নিবিচাৰে। তেওঁৰ জীৱনে আৰু বিচাৰে। কেইমাহমানৰ মূৰে মূৰে তেওঁ ‘অন্তৰ্ধান’ হৈ যায়। আকৌ দোকানখন খুলেহি। তেওঁ অভিজ্ঞতাৰ পেৰাৰ পৰা উলিয়াই ক্ৰেতাসকলক বিভিন্ন কাহিনী কয়। স্থানীয় ৰাইজে ৰাতিপুৱা মলিক যদি শাক-পাচলি বিক্ৰী কৰা দেখিবলৈ পায়, পিছদিনা আহি দোকানখন বন্ধ হৈ থকা দেখিবলৈ পোৱাটো কোনো আচৰিত ঘটনা হৈ থকা নাই। দোকানখন বন্ধ হোৱা দেখিলে ক্ৰেতাসকলৰ বুজিবলৈ অলপো পলম নহয় যে, মলি ফুৰিবলৈ গৈছে। শাক-পাচলি বিক্ৰী কৰি যি উপাৰ্জন কৰে তাৰে খায় আৰু তাৰ পিছত ফুৰিবলৈ যায়। এই কামৰ বাবে তেওঁ দৈনিক উপাৰ্জনৰ এটা অংশ সাঁচি ৰাখিবলৈ নাপাহৰে। তেওঁৰ লক্ষ্য হৈছে নতুন গন্তব্যস্থানৰ বাবে ৰাওনা হোৱা। এনেদৰে যোৱা ১০ বছৰত এই শাক-পাচলি বিক্ৰেতাগৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰাৰ লগতে ১১খন দেশো ভ্ৰমণ কৰিছে। প্ৰায় ২৬ বছৰ আগতে মলিৰ স্বামীয়ে শাক-পাচলিৰ দোকানখন চলাইছিল। ১৮ বছৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছিল। 1657448705876স্বামী এজন শ্ৰমিক আছিল। স্বামীৰ মৃত্যুৰ পিছত পুত্ৰ-কন্যাৰ সৈতে মলিৰ মূৰত আকাশ ভাগি পৰিল। এটা উপাৰ্জনত কেনেকৈ দুটা সন্তানক ডাঙৰ-দীঘল কৰিব! কিন্তু শান্ত স্বভাৱৰ এইগৰাকী মহিলাই হাৰ নামানিলে। শাক-পাচলিৰ ব্যৱসায় কৰি দুটা সন্তানক ডাঙৰ দীঘল কৰিছে। ছোৱালীজনীক বিয়া দিছে। আজিকালি ল’ৰাটোৱেও কাম কৰে। এতিয়া প্ৰতিষ্ঠা হৈছে ল’ৰাৰ। বচ! মলিক আৰু কি লাগিছে। ল’ৰা আৰু ছোৱালী ডাঙৰ হৈ নিজক চাব পৰা হ’ল। তেওঁ ইতিমধ্যে মাক হিচাপে নিজৰ কৰ্তব্য পালন কৰিলে। এতিয়া নিজৰ বাবে কিছু সময় দিব লাগে। এতিয়া আৰু কেৱল দোকান খোলা আৰু বন্ধ কৰা, ৰন্ধা-বঢ়া আৰু খোৱা— এনেদৰেই দিনবোৰ কটাবলৈ অনিচ্ছুক মলি। নিসংগতাক যিকোনো প্ৰকাৰে কাষত থাকিবলৈ দিব নিবিচাৰে মলিয়ে। সেয়ে তেওঁৰ উপযুক্ত সংগী হ’ল ভ্ৰমণ। ১১ বছৰ আগতে মলি উট্টি ভ্ৰমণলৈ গৈছিল। সেইটোৱেই আছিল তেওঁৰ প্ৰথম ভ্ৰমণ। প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰাৰ নিচা। তেতিয়াই মলিয়ে ঠিক কৰিলে, এইবাৰৰ পৰা তেওঁ ফুৰিবলৈ যাব। এইদৰেই ঘূৰি ফুৰা আৰম্ভ হ’ল। ২০১২ চনত প্ৰথমবাৰৰ বাবে তেওঁ বিদেশ ভ্ৰমণৰ সুযোগ পালে। ২০১০ চনত তেওঁ পাছপ’ৰ্টটো বনাইছিল। প্ৰথমবাৰৰ বাবে ইউৰোপ ভ্ৰমণ। সেয়া আছিল ১০ দিনীয়া ভ্ৰমণ। কেৰালাৰ শাক-পাচলি বিক্ৰেতা মলিয়ে এখন এখনকৈ ছিংগাপুৰ, মালয়েছিয়া, নেদাৰলেণ্ড, ইটালী আৰু আমেৰিকা ভ্ৰমণ কৰিছে। ভ্ৰমণৰ তালিকা এতিয়াও বাকী আছে। কিন্তু ইমানবোৰ দেশত ঘূৰি ফুৰি সঞ্চিত ধনখিনি নাইকিয়া হৈ গ’ল। আমেৰিকা ভ্ৰমণৰ পিছতে সঞ্চিত হোৱা প্ৰায় সকলো ধন নোহোৱা হৈ গ’ল। তেওঁ সেইবাৰ ১০ লাখ টকা খৰচ কৰিলে! কিন্তু মলিয়ে ভ্ৰমণ বন্ধ কৰিব নিবিচাৰে। দৈনিক এই বয়সতো দোকান খুলিছে। ব্যৱসায় কৰিছে। আৰু কামৰ মাজতে তেওঁ ভ্ৰমণ আলোচনীত চকু ফুৰাইছে। এই আলোচনীবোৰ পঢ়িয়েই তেওঁ সিদ্ধান্ত লয় পিছৰবাৰ ক’লৈ যাব। মলিয়ে কয় যে, তেওঁ যিকোনো ট্ৰেভেল এজেন্সীৰ ওপৰত নিৰ্ভৰ কৰি ঘূৰি ফুৰে। ইয়াৰ খৰচ কম আৰু এই বয়সত অকলে খোজ কঢ়াৰ পৰা হাত সাৰিব পাৰি। শাক-পাচলি বিক্ৰেতাগৰাকীয়ে কয় যে, তেওঁ কেতিয়াও কাৰো পৰা ধাৰ লোৱা নাছিল ভ্ৰমণৰ চখ পূৰণৰ বাবে। তেওঁ ভ্ৰমণ কৰিছে সকলো দেশ নিজৰ সঞ্চিত ধনেৰে। শাক-পাচলিৰ দোকানখনেই তেওঁৰ উপাৰ্জনৰ একমাত্ৰ উৎস। কেতিয়াবা অৱশ্যেই তেওঁ নিজৰ গহনা বন্ধকত থৈয়ো ফুৰিবলৈ গৈছে। অৱশ্যে তেওঁ বৰ্তমান গহনাবোৰ বিক্ৰী কৰিলে। মলিৰ ভাষাত— “মই দশম শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছিলোঁ। ইয়াৰ পিছত মাক-দেউতাই বিয়া দিছিল। চখ একোৱেই নাছিল। জীৱনত কোনো আক্ষেপ নাই। অৱশ্যে মনৰ গোপন কথাখিনি মই লালন-পালন কৰিব বিচাৰিছিলোঁ। মই মোৰ চখটো পূৰণ কৰিম বুলি ভাবিছিলোঁ।” তেওঁ দেশ-বিদেশ ভ্ৰমণ কৰাৰ ভিতৰত কোনখন চহৰ বেছি ভাল পায় বুলি সোধা প্ৰশ্নৰ উত্তৰত টপৰাই কয়— লণ্ডন। তেওঁ ১৫ দিনীয়া ব্ৰিটেইন ভ্ৰমণলৈ গৈছিল। তেওঁ লণ্ডন বহুত ভাল পায়। ইয়াৰ উপৰি আমষ্টাৰডাম আৰু ৰোম ভ্ৰমণৰ অভিজ্ঞতাও অতি উত্তম। কিন্তু এক কথাত ক’বলৈ গ’লে, যদি কোনোবাই জানিব বিচাৰে যে তেওঁ ভ্ৰমণ কৰা আটাইতকৈ উত্তম সময় কোনখিনি, তেন্তে মলিয়ে উত্তৰ দিয়ে— “ঠিয় হৈ নায়াগ্ৰা জলপ্ৰপাত চোৱাৰ সময়খিনি।”

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More