পাছিঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান লুম্মেৰ দাইৰ জন্ম দিৱস উদযাপন

0 49

পাছিঘাটৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১ জুন: বিশিষ্ট সাহিত্যিক লুম্মেৰ দায়ে অৰুণাচলৰ ভূমিত আজিলৈকে উচিত সন্মান লাভ নকৰিলে। অৰুণাচলৰ নতুন প্ৰজন্ম লুম্মেৰ দাইৰ সাহিত্য কৃতি আৰু অসম-অৰুণাচলৰ সমন্বয়ত এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ অৱদান সম্পৰ্কে অৱগত নহয়। অসম সাহিত্য সভাই তেখেতৰ জন্ম দিৱস উদযাপন কৰি প্ৰসিদ্ধ সাহিত্যিকগৰাকীৰ প্ৰতি উচিত সন্মান প্ৰদৰ্শন কৰিলে। অৰুণাচল প্ৰদেশৰ পাছিঘাটত আজি অনুষ্ঠিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান লুম্মেৰ দাইৰ ৮৪ সংখ্যক জন্ম দিৱসত সম্বৰ্দ্ধনা গ্ৰহণ কৰি এনেদৰে কয় বিশিষ্ট সাহিত্যিক তথা অৰুণাচল লিটাৰেৰি ছচাইটিৰ প্ৰাক্তন সম্পাদক বাটেম পাৰ্টিঙে। অৰুণাচল প্ৰদেশৰ বিশিষ্ট সাহিত্যিক লুম্মেৰ দাইৰ ৮৪ সংখ্যক জন্মদিৱস শনিবাৰে পাছিঘাট শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয়।WhatsApp Image 2024 06 01 at 10.46.18 PM 1 অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সহযোগত পাছিঘাট গিদি নটক্ প্রাঙ্গণত অনুষ্ঠিত জন্ম দিৱস উদযাপন আৰু সম্বর্দ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে লুম্বেৰ দাইৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে আদি আগম কেবাংৰ উপ সভাপতি বদম ইৰাঙে। অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসমীয়া সাহিত্যৰ জগতলৈ লুম্মেৰ দাইৰ অৱদান সুঁৱৰি অসম সাহিত্য সভাৰ এনে অনুষ্ঠানে দুয়োখন ৰাজ্যৰ সমন্বয়ৰ এনাজৰীডাল অধিক কটকটীয়া কৰিব বুলি আশা প্ৰকাশ কৰে সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত সাহিত্যিক মামাং দায়ে। তেখেতে অৰুণাচলৰ নতুন প্ৰজন্মই লুম্মেৰ দাইক চিনি নাপায় বুলিও ক্ষোভ প্ৰকাশ কৰে। অৰুণাচল প্ৰদেশৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বচিৰাম চিৰামে অসম অৰুণাচলৰ জ্যেষ্ঠ ভাতৃ বুলি উল্লেখ কৰি অৰুণাচলত অসমীয়া ভাষাক তৃতীয় ভাষা ৰূপে স্বীকৃতি দিয়াৰ বাবে পূৰ্বৰ অৰুণাচল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ধীৰেণ শইকীয়াই। অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড° উপেন্দ্রজিৎ শৰ্ম্মাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত অৰুণাচল লিটাৰেৰী ছছাইটিৰ প্রাক্তন প্রধান সম্পাদক তথা বিশিষ্ট লেখক বাটেম পাৰ্টিনক অসম সাহিত্য সভাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। সাহিত্য অকাডেমী বঁটাপ্রাপ্ত অৰুণাচল প্রদেশৰ বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী মামাং দাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত অৰুণাচল প্রদেশৰ প্রাক্তন শিক্ষামন্ত্রী বচিৰাম চিৰাম, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া অবাং দাই, লুম্মেৰ দাইৰ পুত্ৰ মিবং দাই, অসম সাহিত্য সভাৰ উপসভাপতি ডাঃ গিৰীশ সন্দিকৈ প্ৰমুখ্যে অসম আৰু অৰুণাচল প্ৰদেশৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ভাষণ দিয়ে। অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰ আঞ্চলিক কার্যালয়ৰ সম্পাদক বিপুল শৰ্ম্মা বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত আদৰণি ভাষণ দিয়ে পাছিঘাট শাখা সাহিত্য সভাৰ সম্পাদক গিৰীণ তামুলীয়ে। অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয়।ইফালে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি ড° সূৰ্য্যকান্ত হাজৰিকাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More