পাটনাত চিপিআই (এম-এল)ৰ ১১ সংখ্যক মহাধিবেশন উপলক্ষে গণতন্ত্ৰ বচাওক বিশাল সমাবেশ

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ পাটনাত অনুষ্ঠিত হোৱা চিপিআই (এম-এল)ৰ ১১ সংখ্যক মহাধিবেশন উপলক্ষে আজি প্ৰথম দিনা বিহাৰৰ পাটনাৰ গান্ধী ময়দানত ” গণতন্ত্ৰ বচাওক, দেশ বচাওক” আহবানেৰে বিশাল সমাবেশ অনুষ্ঠিত হয়।এই সমাৱেশত ৫০ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে বুলি এক বিজ্ঞপ্তিত প্ৰকাশ কৰিছে দলটোৱে। সদৌ ভাৰত গ্ৰামীণ শ্ৰমিক আৰু কৃষি শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক ধীৰেন্দ্ৰ কুমাৰ ঝাৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই সমাবেশত ইউৰোপৰ অষ্ট্ৰেলিয়া, লেটিন আমেৰিকাৰ ভেনিজুৱেলা, এচিয়াৰ নেপালকে ধৰি বিভিন্ন দেশৰ অতিথিয়ে অংশগ্ৰহণ কৰে। সমাবেশত প্ৰধান বক্তা হিচাপে অংশগ্ৰহণ কৰি দলৰ সৰ্বভাৰতীয় সম্পাদক দীপংকৰ ভট্টাচাৰ্যই কয় যে ফেচিবাদ বিৰোধী আন্দোলনৰ নেতৃত্ব বিহাৰেই দিব লাগিব আৰু আজি ফেচিবাদৰ বিৰুদ্ধে গণতন্ত্ৰ বচাওক, দেশ বচাওক আন্দোলন বিহাৰৰ পৰাই আৰম্ভ হৈছে। বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যৰ নিদৰ্শনো বিহাৰে দেখুৱাইছে। ভাৰতবৰ্ষত জৰুৰীকালীন সময়ৰ স্বৈৰতন্ত্ৰ বিৰোধী আন্দোলনতো বিহাৰেই নেতৃত্ব দিছিল, স্বাধীনতা আন্দোলনতো বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বিহাৰ সমুখ শাৰীত আছিল আৰু তেওঁ কয় যে এতিয়া বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধী ঐক্যবদ্ধ হোৱাটো ঐতিহাসিক প্ৰয়োজন হৈছে আৰু এই বিৰোধী ঐক্য গঢ়ি তোলাৰ বাবে পাৰ্টিৰ একাদশ মহাধিবেশনে নিজকে উৎসৰ্গা কৰিব। তেওঁ লগতে কয় যে আন্তজাৰ্তিক ক্ষেত্ৰতো আন্তজাৰ্তিক ক্ষেত্ৰতো ফেচিবাদৰ বিৰুদ্ধে বহল ঐক্য গঢ়ি উঠিছে আৰু মহাধিবেশনৰ এই বিশাল সমাবেশতো বিশ্বৰ ফেচিবাদ বিৰোধী শক্তিৰ উপস্থিতি ভাৰতৰ ফেচিবাদ বিৰোধী আন্দোলনৰ প্ৰেৰণা হৈ পৰিছে বুলি মন্তব্য প্ৰকাশ কৰিছে ইয়াত উপস্থিত থকা চিপিআই এমএল ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More