পানীপৰা-উৱলি যোৱা গৃহত অব্যাহত লখিমপুৰ ভূমি সংমণ্ডল কাৰ্যালয়

১৩ মাহে ঠিকাদাৰে নিমাৰ্ণ নকৰিলে ৮৬ লাখ টকীয়া গৃহ

0 7

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ আগষ্টঃ লখিমপুৰৰ জাপিসজীয়াত থকা জিলা ভূমি সংৰক্ষণ বিভাগৰ সংমণ্ডল কাৰ্যালয়টো নতুনকৈ নিৰ্মাণৰ বাবে ২০২১ বৰ্ষৰ ১৪ জুনতে এজন ঠিকাদাৰে গৃহ নিৰ্মাণৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰে যদিও বিগত প্ৰায় এটা বছৰে ঠিকাদাৰে গৃহটো নিৰ্মাণ নকৰাৰ ফলত আজিও এই কাৰ্যালয়টো উৱলি যোৱা তথা বৰষুণ পৰা গৃহতে জিলা ভূমি সংৰক্ষণ বিভাগৰ কাম কাজ অব্যাহত ৰাখিবলগা হৈছে৷ বিগত এটা বছৰে ঠিকাদাৰে গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো সদিচ্চা প্ৰকাশ নকৰা স্বত্বেও বিভাগীয় ভাৱে ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাতো ৰহস্যজনক৷ উল্লেখ্য যে ২০২১-২২ বৰ্ষৰ এছ অ পি ডি আঁচনিৰ অধীনত মুঠ ৮৬ লাখ টকাৰ উক্ত গৃহ নিৰ্মাণৰ বাবে চৰকাৰে আৱন্টন দিয়ে৷ সেই মৰ্মে গুৱাহাটীৰ আলিমুদ্দিন নামৰ ঠিকাদাৰজনে গৃহটো নিৰ্মাণৰ বাবে ২০২১ বৰ্ষৰ ১৪ জুনতে ৱৰ্ক অৰ্ডাৰ লাভ কৰি সেই মাহতে গৃহটো নিৰ্মাণৰ নামত কেৱল কেইডালমান বীম দি তেনেদৰে পেলাই ৰাখে৷ বিভাগীয় নিৰ্দেশনা অনুসৰি ২০২২ বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব লাগিছিল যদিও অজ্ঞাত কাৰণত ঠিকাদাৰজনে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত কোনো তৎপৰতা প্ৰদৰ্শন নকৰিলে৷ এনেদৰে মাহৰ পিছত মাহ ধৰি কামটো পেলাই ৰখাৰ ফলত বিভাগটোৱেও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে চলিত সপ্তাহত চৰকাৰে আঁচনিখন বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰাত ঠিকাদাৰজনে ততাতয়াকৈ কামত হাত দিয়াৰ খবৰ পোৱা গৈছে৷ ইফালে এই সন্দৰ্ভত জিলা ভূমি সংৰক্ষণ বিষয়াজনে কয় যে সংশ্লিষ্ট ঠিকাদাৰজনে গৃহটো শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে দুবাৰকৈ জাননী দিয়া হৈছে৷ ইফালে লখিমপুৰৰ ভূমি সংৰক্ষণ বিভাগত একপ্ৰকাৰে অৰাজকতা আৰু ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা বুলি সদৌ অসম নিবনুৱা সন্থাৰ হৈ লখিমপুৰ জিলা সমিতিয়ে অভিযোগ উত্থাপন কৰিছে৷ আজি এক বিবৃতিত সন্থাৰ জিলা সভাপতি বিনোদ দাস, সাধাৰণ সম্পাদক ভূপেন সোণোৱালে বিভাগটোত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে৷ সন্থাই অভিযোগ কৰে যে বিভাগটোত ৪০ লাখ টকীয়া [আমতলা ৰিভাৰ লেণ্ড প্ৰটেকচন আৰু লেণ্ড ডেভলেপমেণ্ট প্ৰজেক্ট আণ্ডাৰ আৰ আই ডি এফ এক্স এক্স ভি] জলচ্চেদ প্ৰকল্প নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে৷ সংমণ্ডলটোৰ আঞ্চলিক বিষয়াজনে বছৰ বছৰ ধৰি লখিমপুৰত কাৰ্যনিৰ্বাহ কৰি এনে দুৰ্নীতিত অৰিহনা যোগাই আহিছে৷ এনে দোষী বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্থাই দাবী জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More