পানী বিষয়ক আপোনাৰ মনৰ কথাবোৰ কব নেকি ?

0 33

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মেঃ জীৱকুল জীয়াই থাকিবৰ বাবে পানী অপৰিহাৰ্য। এই পানীক লৈ আমাৰ কবলগীয়া, জনাব লগীয়া আৰু জানিবলগা বহু কথাই আছে। কিছুসংখ্যক কথা বতৰা, কাহিনী, সাধু, গান আদি ইতিমধ্যে বিভিন্ন মাধ্যমত ভিন ভিন ৰূপত প্ৰকাশ পাইছে। কিন্তু অধিকসংখ্যকেই এতিয়াও অপ্ৰকাশিত অৱস্থাত আছে। পানী বিষয়ক আপোনাৰ মোৰ কবলগীয়া মনৰ কথাবোৰ,পানীৰ লগত জড়িত আমাৰ পৰম্পৰা, কৃষ্টি, সংষ্কৃতি, লোক কথা আদিবোৰ সংগ্ৰহ কৰাৰ এক প্ৰয়াস কৰিছে NE India Water Talksএ. উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ লগতে সংগঠনটোৱে এইবাৰ লখিমপুৰ, ধেমাজি, মাজুলী আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ পানী বিষয়ক কাহিনী সংগ্ৰহ কৰি প্ৰকাশৰ দিহা কৰিছে। গতিকে উক্ত কামত সহায়ৰ বাবে উপৰিউক্ত জিলাকেইখনত বাস কৰা আগ্ৰহী লোকসকলক North East India Water Talks ৰ সম্পাদনা কক্ষৰ সৈতে ১৫ মে, ২০২২ ৰ আগতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। অতি সোনকালেই আগ্ৰহীসকলক লৈ এক কৰ্মশালাৰো আয়োজনৰ ব্যৱস্থা কৰিব সংগঠনটোৱে। অধিক জানিবলৈ ৱেবচাইট www.newatertalk.in চাব পাৰিব আৰু তলৰ নম্বৰকেইটাত ফোন নতুবা whats app ৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব – 9435491437 / 9707700317
Email: [email protected]

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More