পাভজান গ’ল্ড টিৰ মূল্য উঠিল এক লাখ টকালৈ

চাহ খেতিয়কৰ বাবে উৎহাসৰ বতৰা

0 63

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুন : গোলাঘাট জিলাৰ এবিধ বিৰল জৈৱিক চাহ পাভজান গ’ল্ড টি (Pabhojan Gold Tea) যোৱা ২০ জুন সোমবাৰে যোৰহাটৰ এটা নিলাম কেন্দ্ৰই প্ৰতি কিলোগ্ৰামত এক লাখ টকাকৈ বিক্ৰী কৰে, যিটো এই বছৰ সৰ্বাধিক। যোৰহাট চাহ নিলাম কেন্দ্ৰৰ এজন বিষয়াই জনোৱা মতে, পাভজান অৰ্গেনিক চাহ বাগিচাত (Pabhojan Tea Estate) বিক্ৰী কৰা চাহখিনি অসমৰ চাহ ব্ৰেণ্ড এছাহ টিয়ে (Esah Tea) ক্ৰয় কৰে। পাভজান গোল্ড টি মনোলোভা স্বাদ আৰু লগতে উজ্জ্বল সোণালী ৰঙৰ বাবে বিখ্যাত। এইবিধ চাহ বাগিচাৰ পৰা উলিওৱা আটাইতকৈ পছন্দৰ ছেকেণ্ড ফ্লাছ টিপছৰ পৰা তৈয়াৰ কৰা হয়। এছাহ চাহৰ মুখ্য কাৰ্যবাহী বিষয়া বিজিত শৰ্মাই কয় যে, এই চাহবিধে তেওঁলোকৰ গ্ৰাহকক অসমৰ অন্যতম উন্নতমানৰ চাহৰ সোৱাদ প্ৰদান কৰাত সহায় কৰিব। তেওঁ কয়— “এই চাহবিধ বিৰল আৰু চাহ ৰসিকসকলৰ বাবে এয়া এক কাপত এটা অভিজ্ঞতা। আমাৰ গ্ৰাহকসকল সমগ্ৰ বিশ্বতে বিয়পি আছে আৰু তেওঁলোকে এই জাতৰ সোৱাদ আৰু মূল্য বুজি পাব। তেওঁলোকক প্ৰামাণিক অসম চাহৰ সোৱাদ প্ৰদান কৰাৰ বাবে আমাৰ অভিযান অব্যাহত ৰাখিবলৈ সক্ষম হোৱাত আমি আনন্দিত হৈছোঁ।” পাভজান জৈৱিক চাহ বাগিচাৰ স্বত্বাধিকাৰী ৰাখী দত্ত শইকীয়াই কয়— ”আমি এই বিৰল চাহবিধৰ মাত্ৰ এক কেজি উৎপাদন কৰিলোঁ আৰু ইতিহাস সৃষ্টি কৰা এই নতুন অভিলেখ ভংগকাৰী মূল্যত আমি আনন্দিত হৈছোঁ। ই যি দাম আনিলে সেয়া এনেকুৱা কিবা এটা যিয়ে অসম চাহ উদ্যোগক হেৰুৱাই পেলোৱা খ্যাতি ঘূৰাই পোৱাত সহায় কৰিব।” এই ধৰণৰ প্ৰিমিয়াম মানৰ বিশেষ চাহৰ বাবে বিবেচনাশীল গ্ৰাহক, চাহৰ ৰসিক, আৰু ক্ৰেতাৰ পৰা অধিক চাহিদাৰ পিছত এই চাহবিধ প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰা হৈছিল বুলি ৰাখী দত্ত শইকীয়াই কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More