পাভ সংৰক্ষিত বনাঞ্চলত ৪০খন বুলড্ৰেজাৰেৰে ২০০ হেক্টৰ বন ভূমি বেদখল মুক্ত

0 34

পাভ সংৰক্ষিত বনাঞ্চলৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০জানুৱাৰীঃ লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলত আজি চলিল উচ্ছেদ অভিযান।আজি পুৱাৰ ভাগতে লখিমপুৰ জিলা প্ৰশাসনৰ ৬শতাধিক নিৰাপত্তাৰক্ষীৰ সহযোগত জিলা প্ৰশাসনে ৪০খন বুল ড্ৰেজাৰ লৈ পাভ সংৰক্ষিত বনাঞ্চলৰ ম’হঘূলি অঞ্চলত উচ্ছেদ অভিযান চলায়। লক্ষ্য়ণীয় যে আজি যিটো অঞ্চলত উচ্ছেদ চলোৱা হৈছিল উক্ত অঞ্চলৰ বাসিন্দা সকলে পূৰ্বেই ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ আঁতৰি গল।ফলত আজি প্ৰশাসনে ম’হঘূলি অঞ্চলৰ শতাধিক হেক্টৰ ফুলি থকা সৰিয়হ খেতিত টেক্ট্ৰৰেৰে হাল বাই উচ্ছেদ চলায়। অৰ্ধশতাধিক টেক্ট্ৰৰে বিশাল হালধীয়া সৰিয়হ তলীত হাল বাই এফালৰ পৰা উচ্ছেদ চলোৱাৰ লগতে বহু সংখ্যক ফিচাৰী,ৰাষ্টা-ঘাট,ঘৰৰ ভেটী,বাৰীৰ গছ-গছনি আদি উচ্ছেদ চলায়।আজি উচ্ছেদ বেদখল মুক্ত কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসন আৰু বন সংমণ্ডলৰ উদ্যোগত লোৱা হৈছিল বিশাল আয়োজন। লখিমপুৰ সংমণ্ডলৰ সহকাৰী বন-সংৰক্ষকগৰাকীযে জানিবলৈ দিয়া অনুসৰি আজি প্ৰায় ২০০হেক্টৰ ভূমি বেদখল মুক্ত কৰা হয়।পাভ সংৰক্ষিত বনাঞ্চলৰ ৪৫০ হেক্টৰ ভূমি বর্তমানলৈকে কিছু লোকৰ দ্বাৰা বেদখলৰ কবলত আছে। উল্লেখযোগ্য যে, ১৯৪১ চনত পাভক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সময়ত উক্ত বনাঞ্চলৰ মুঠ মাটিকালি আছিল ৪৬২৮.৮৭ হেক্টৰ। বনাঞ্চলখনত বসবাস কৰি থকা লোকসকলে বন অধিকাৰ আইন, ২০০৬ ৰ অধীনত আবেদন জনাইছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকৰ আবেদন অগ্ৰাহ্য কৰে। ইয়াৰ পিছৰ পৰ্য্যায়ত চৰকাৰে এই বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই উচ্ছেদ অভিযান দুটা পৰ্যায়ত চলিব। দ্বিতীয় পৰ্যায়ত আধাখনা অঞ্চলৰ ২৫০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ২৯৯টা ঘৰ উচ্ছেদ কৰা হব। ইফালে আজি উচ্ছেদ চলোৱা পাভ সংৰক্ষিত অঞ্চলত সংবাদ মাধ্যমৰ প্ৰবেশ সম্পূৰ্ণ ভাৱে নিষিদ্ধ কৰাত সচেতন মহলৰ লগতে আমছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।আমছুৱে বৰ্তমানৰ বিজেপি চৰকাৰখনে গণতন্ত্ৰ হত্যা কৰা বুলিও ক্ষোভ প্ৰকাশ কৰিছে।আমছুৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে দিছপুৰৰ পৰা দিল্লীলৈকে তীব্ৰ প্ৰতিবাদী আন্দোলনৰো হুংকাৰ দিছে। ইফালে আজি পাভত জিলা বন সংমণ্ডল প্ৰাধিকাৰী এ কে দেৱ চৌধুৰীয়ে কয় যে পাভ সংৰক্ষিত বনাঞ্চলখনক পূৰ্বৰ দৰে বনৰীয়া ম’হৰ বিচৰণ থলী কৰিব বিচাৰি এনেদৰে বেদখল উচ্ছেদ চলোৱা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More