পাহাৰে য’ত কথা কয় ৰামধেনুৰ ৰঙেৰে

দেশে দেশে আছে ৰামধেনুৰঙী পাহাৰৰ বাহাৰ

0 197

দাদুল দেৱকৃষ্ণ বৰুৱা

আশ্চর্যজনক এই পৃথিৱী। চমৎকাৰ এই প্ৰকৃতি। ৰহস্যৰ অন্ত নাই এই অৱনীত। আমি পৃথিৱী নাম দিয়া এই গ্রহটোত এনে অনেক মনমুগ্ধকৰ আৰু ৰহস্যময় স্থান আছে যিবোৰৰ প্রাকৃতিক সৌন্দর্য অবৰ্ণনীয়। এই সমস্ত স্থানৰ অকৃত্রিম সৌন্দর্য আৰু ৰহস্যই সমগ্র পৃথিৱীৰ মানুহকে নিজৰ ফালে আর্কষণ কৰে। আৰু ৰহস্যৰ সন্ধান তথা সৌন্দর্য উপভোগ কৰিবলৈ সমগ্ৰ পৃথিৱীৰ কোটি কোটি মানুহ এই স্থানবোৰ চাবলৈ যায়। আজি আমি পাতিব বিচাৰিছোঁ পৃথিৱীৰ দুটা ৰামধেনু পাহাৰ বা Rainbow Mountainৰ বিষয়ে দুই-এটা কথা। পাহাৰ বুলিলেই আমাৰ চকুত ভাহি উঠে ৰুক্ষ শুষ্ক ধূসৰ ভূখণ্ড অথবা বৰফে ঢকা শ্বেত শৃঙ্গ। কিন্তু এই পাহাৰ বেঙুনীয়া, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা আদি নানা ৰঙেৰে ৰঙীন । যেন পাহাৰৰ ভাঁজে ভাঁজে ৰঙৰ মেলা বহে ! যি ফালেই চকু যায় সেই ফালেই ৰং। পর্বতমালা আকাশী, সুমথিৰা, ৰঙা, হালধীয়া, সেউজীয়াৰে সুশোভিত। প্রকৃতিয়ে আপোন মনৰ মাধুৰী মিহলাই সুবিশাল কেনভাছত তুলিকা টানি সৃষ্টি কৰিছে এই ৰংমহল ।

  • চীনৰ ৰামধেনু পাহাৰ
    চীনৰ ঝাংয়ে ডানজিয়া লেণ্ডফর্ম জিঅ’লজিকেল পার্কৰ ৰামধেনু পর্বতমালা বিশ্বৰ এক ভূতাত্ত্বিক বিস্ময়। এই বিখ্যাত চীনা পর্বতমালা নিজৰ ৰঙৰ বাবে বিশ্বব্যাপী পৰিচিত। পবর্তটো দেখিলে এনে লাগে যেন চূড়াত কোনো অনামী শিল্পীয়ে আঁকি থৈছে ৰামধেনু। এই জাতীয় উদ্যানখন চীনৰ উত্তৰ-পশ্চিমৰ গানচু প্রদেশৰ প্রায় ২০০ বর্গমাইল এলেকাজুৰি অৱস্থিত। এই স্থানক ২০০৯ চনত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে আখ্যায়িত কৰা হয়। যিমন সুনিপুণতাৰে এই পাহাৰৰ ওপৰত বিভিন্ন ৰঙৰ পটি সৃষ্টি হৈছে সেয়া দেখিলে মনলৈ এনে ধাৰণা আহে, যেন কোনো শিল্পীয়ে দীর্ঘ সময় ধৰি তেওঁৰ সূক্ষ্ম তুলিকাৰে পাহাৰৰ ওপৰত এই ৰং সানিছে। কিন্তু সত্য এয়াই যে, এই পর্বতৰ এই কাৰুকার্য কোনো শিল্পীয়ে সৃষ্টি কৰা নাই; কৰিছে প্রকৃতিয়ে নিজেই। তাকো সেয়াও বহু মিলিয়ন বছৰ পূৰ্বে। এইটো ৰেইনব’ মাউন্টেইন পৃথিৱীৰ সর্বোচ্চ ১০টা জিঅ’লজিকেল আশ্চর্যৰ ভিতৰত অন্যতম। বৈজ্ঞানিকসকলে অনুমান কৰিছে যে, ৰেইনব’ মাউন্টেইন হিমালয় পর্বততকৈয়ো প্ৰাচীন পর্বত। এই পর্বত ক্রিটেচিয়াছ ছেণ্ড ষ্ট’ন আৰু চিল্ট ষ্ট’নৰ দ্বাৰা গঠিত। এই পর্বতটো যি বালি আৰু শিলেৰে গঠিত হৈছে তাত প্রচুৰ পৰিমাণে আইৰণ আৰু মিনাৰেল আছে। এই পাহাৰ উৎপত্তি সময়ত আছিল সমান আৰু সাধাৰণ এটা পাহাৰ। কিন্তু ৫৫ মিলিয়ন বছৰ পূৰ্বে ভাৰতীয় প্লেট আৰু ইউৰেছিয়ান প্লেটৰ সংঘর্ষৰ ফলত পাহাৰৰ তলৰ অর্ধেক অংশ অন্য অংশৰ ওপৰলৈ উঠি আহে। যিহেতু উৎপত্তিৰ সময়ৰ পৰাই এই পর্বতৰ ভিতৰৰ অংশ ৰঙীন আছিল সেইকাৰণে এই ঘর্ষণৰ ফলত তলৰ ৰঙীন অংশ ওপৰলৈ উঠি আহি বৰ্তমানৰ ৰেইনব’ মাউন্টেইনৰ ৰূপ লয়। জুনৰ পৰা ছেপ্টেম্বৰলৈকে প্রখৰ সূর্যৰ তাপ থাকে; মাজে মাজে বৃষ্টিপাত হয়। আৰু এই সময়তেই ৰেইনব’ মাউন্টেইনে নিজৰ ৰংবাহাৰত অধিক উজ্জ্বলতা সানি অপেক্ষা কৰে পর্যটকৰ বাবে। সূর্যোদয় আৰু সূর্যাস্তৰ আগেয়ে এই পাহাৰ আলোক খেলাত মজি নানা ৰঙেৰে সাজি উঠে । ধলপুৱা আৰু গোধূলিৰ প্রাকক্ষণত চতুর্দিশৰ পোহৰত ধীৰে ধীৰে ৰং সলনি হয়।
  •  ৰেইনব’ মাউন্টেইন, পেৰু
    পেৰুৰ ভিনিকুংকা বা উইনিকুংকা স্থান মন্টানা দে চিয়েতে কালাৰ্ছ, মন্টানা ডি কলোৰেচ বা ৰেইনব’ মাউন্টেইন নামেৰে পৰিচিত। পেৰুৰ এন্দিজ পর্বতৰ এই স্থান সমুদ্রপৃষ্ঠৰ পৰা ৫,২০০ মিটাৰ উচ্চতাত অৱস্থিত। পর্বতটো হিমবাহৰ দ্বাৰা আবৃত আছিল, কিন্তু গোলকীয় উষ্ণায়নৰ কাৰণে সম্প্রতি এই হিমবাহৰ বৰফ গলি গৈ এই সুন্দৰ পাহাৰৰ আত্মপ্রকাশ ঘটিছে। ২০১০ চনৰ মাজভাগত পাহাৰটোত বিভিন্ন ৰঙৰ সমাহাৰ দেখি মানুহ আকৃষ্ট হয় আৰু কালক্রমত ঠাইডোখৰ এক পর্যটন কেন্দ্রত পৰিণত হয়।

কালচাৰেল লেণ্ডস্কেপ অফিচ অব ডিচেণ্ট্ৰছলাইজেচন অফ দ্য চিটি অব কুস্কো অনুসৰি, পাহাৰৰ সাতোটি ৰং তাৰ শিলাস্তৰত থকা খনিজ পদার্থৰ কাৰণেই হৈছে। গোলাপী ৰং ৰঙা মাটি, ফেংগোলিটা আৰু আৰিলিটাৰ কাৰণে, বগা ৰং কোৱার্টজোচ, বালিশিলা আৰু মার্ল, কেলছিয়াম কার্বনেট সমৃদ্ধৰ কাৰণে হয়। ৰঙা ৰং ক্লেষ্ট’নত অৱস্থিত লোৰ কাৰণে হয় আৰু সেউজীয়া ফিলাইট আৰু ফেৰ’ মেগনেছিয়াম সমৃদ্ধযুক্ত মাটিৰ কাৰণে হয়। বাদামী ৰং কোৱাৰ্টাৰনাৰি যুগৰ মেগনেছিয়ামযুক্ত শিলৰ দ্বাৰা গঠিত ফেংল’মেৰেটৰ এক পণ্য আৰু সৰিয়হ হালধীয়া ৰং ছালফিউৰাচ খনিজ সমৃদ্ধ কেলচেওৰাছ বালিশিলাৰ পৰা আহে।

২০১৫ চনৰ ৩০ মাৰ্চত পেৰুৰ লিমাৰ এক স্থানত খনিৰ অনুমোদন প্রক্রিয়া আৰম্ভ হয়, য’ত কানাডিয়ান কেমিন’ মিনাৰেলছ কর্প’ৰেচনৰ মালিকানাধীন খনি অনুসন্ধানকাৰী কোম্পানি মিনকোয়েষ্টে পেৰু এছএচি জিঅ’লজিকেল মাইনিং এণ্ড মেটাৰ্লজিকেল ইনষ্টিটিউটৰ ওচৰত ৰেড বেড খনিত এক আবেদন দাখিল কৰে। ইয়াৰ পিছত উল্লিখিত ঠাইত বাণিজ্যিকভাৱে খনিজ পদার্থ উত্তোলন আৰম্ভ হয়।

২০১৮ চনৰ ২১ মে’ত এক ব্যাপক গণ বিক্ষোভৰ পিছত কুস্কোৰ আঞ্চলিক চৰকাৰে ইঙ্গিত দিয়ে যে, ইন্ধন আৰু খনি মন্ত্রণালয়ে অৱশ্যেই এই ভূমি পুনৰুদ্ধাৰৰ বাবে প্রশাসনিক পদক্ষেপ গ্রহণ কৰিব। ২০১৮ চনৰ নৱেম্বৰ মাহত পেৰুৰ ৰাষ্ট্ৰপতি মার্টিন ভিজকাৰাই এলেকাটোৰ সকলো খননৰ ওপৰত ১২ মাহৰ স্থগিতাদেশ জাৰী কৰে। আঞ্চলিক চৰকাৰৰ তৰফৰ পৰা কোৱা হয় যে, এই সময়সীমাৰ ভিতৰতে ইন্ধন আৰু খনি মন্ত্রণালয়ে স্থায়ীভাৱে এই অঞ্চলক এক সংৰক্ষিত এলেকা হিচাপে নিবন্ধিত কৰিব।

২০১৯ চনত পৰিৱেশ মন্ত্রণালয় আৰু ‘নেচনেল ছার্ভিচ অব নেচাৰেল প্রটেকটেড এৰিয়া’ৰ যৌথ উদ্যোগত তিনিটা নতুন অঞ্চলক সংৰক্ষিত এলেকাৰ ভিতৰত ধৰি এক চেকপ’ষ্ট প্রতিষ্ঠা কৰে। আৰম্ভ হয় বাদ-বিবাদ আৰু ৰাজনৈতিক কাৰ্যকলাপ। কিন্তু সুখৰ খবৰ এয়ে যে, সমস্ত ৰাজনৈতিক আৰু বাণিজ্যিক প্রতিকূলতা নেওচি আজি এই স্থান পৃথিৱীৰ এক অন্যতম দর্শনীয় পর্যটন স্থল হৈ উঠিল।

ৰামধেনুৰ ৰঙেৰে ৰঙীন পর্বত কেৱল চীন বা পেৰুৰ ভিনিকুংকা পর্বততেই সীমাবদ্ধ নহয়; এই বিস্ময়কৰ সৃষ্টি ইৰাণৰ উত্তৰ খুৰাচান প্রদেশ, পূব তুৰস্কৰ ওল্টু জিলাত অৱস্থিত ৰেইনব’ হিল, আর্জেন্টিনাৰ জুজুইত অৱস্থিত হর্নাকল পর্বততো পৰিলক্ষিত হয়। এইবোৰ পৰ্বতৰ কথাও লিখিম কেতিয়াবা।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More